শ্যাম কুমাৰী খান জন্ম: নেহৰু ( Shyam Kumari Khan; ২০ অক্টোবৰ ১৯০৪ – ৯ জুন ১৯৮০) এগৰাকী ভাৰতীয় অধিবক্তা, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ আৰু সমাজকৰ্মী। ১৯৬৩ চনৰ পৰা ১৯৬৮ চনলৈ তেওঁ ৰাজ্যসভাৰ সদস্য আছিল।
কৰ্মজীৱন
খানে এলাহাবাদ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু ১৯২৪–২৮ চনত এলাহাবাদ বিশ্ববিদ্যালয় ছাত্ৰসংঘৰ সম্পাদিকা, উপ-সভানেত্ৰী আৰু সভানেত্ৰী হোৱা প্ৰথম মহিলা।১ পেছাত এগৰাকী অধিবক্তা খানে ১৯৩২ চনত ব্ৰিটিছ সাম্ৰাজ্যক উফৰাই পেলোৱাৰ প্ৰচেষ্টা চলোৱাৰ বাবে কাৰাগাৰত বন্দী হৈ থকা লেখক আৰু স্বাধীনতা সংগ্ৰামী যশপালৰ বিচাৰৰ সময়ত তেওঁৰ পক্ষ লয়।২৩৪ ১৯৩২ চনত তেওঁ খিলাফত আন্দোলন আৰু আইন অমান্য আন্দোলনত যোগদান কৰে আৰু কমলা নেহৰুৰ সৈতে মহিলা স্বাধীনতা সংগ্ৰামীসকলৰ নেতৃত্ব দিয়ে। মাতৃ উমা নেহৰুৰ সৈতে লৱণ সত্যাগ্ৰহৰ সময়ত তেওঁ অন্যতম বিশিষ্ট মহিলা নেত্ৰী আছিল।৫
তথ্যসূত্ৰ
- ↑ Nehru-Gandhi family tree on the Nehru Portal
- ↑ Yashpal. (2010). This is Not that Dawn. Penguin. পৃ. xii. ISBN 9780143103134
- ↑ Friend, Corinne. (Fall 1977). Yashpal: Fighter for Freedom – Writer for Justice. Journal of South Asian Literature. পৃ. 65–90
- ↑ Trivedi, Harish. (2010). This is not that dawn. Penguin Books India. ISBN 9780143103134
- ↑ Tripathi, R. S.; Tiwari, R. P. (1999). Perspectives on Indian Women. APH Publishing. ISBN 9788176480253
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্যাম কুমাৰী খান” প্ৰবন্ধৰ সংশোধন ৬৩২৩১৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।