শ্যামকুমাৰী দেৱী (Shyamkumari Devi) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাতো মধ্যপ্ৰদেশক প্ৰতিনিধিত্ব কৰি সংসদৰ সদস্য আছিল৷.১২৩ মধ্যপ্ৰদেশৰ ৰায়পুৰৰ পৰা তেওঁ ১৯৬৩ চনত লোকসভাৰ টিকট লাভ কৰে আৰু নিৰ্বাচনত জয়ী হৈ ১৯৬৭ চন পৰ্যন্ত সংসদৰ সদস্য পদত অধিস্থিত হৈ থাকে৷ তাৰ পৰৱৰ্তী বছৰত, অৰ্থাৎ ১৯৬৮ চনত তেওঁ মধ্যপ্ৰদেশৰ পৰাই ৰাজ্যসভাৰ বাবে নিৰ্বাচিত হয়৷ তেওঁ সুদীৰ্ঘ ১২ বছৰ, ১৯৬৮ চনৰ পৰা ১৯৮০ চনলৈকে ৰাজ্যসভাৰ সদস্য হৈ থাকে৷ ১৯৮৪ চনত তেওঁৰ মৃত্যু হয়৷
তথ্যসূত্ৰ
- ↑ RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 - 2003. ৰাজ্যসভা
- ↑ Shanta Bhatt. (1995). Women Parliamentarians of India. Shiva Publishers Distributors. পৃ. 115. ISBN 978-81-86026-14-4
- ↑ India. Parliament. Lok Sabha. (1966). Who's who. Lok Sabha. পৃ. 37
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্যামকুমাৰী দেৱী” প্ৰবন্ধৰ সংশোধন ৪৭৫০৪৮ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।