ষ্টেলা গ্ৰীগ'ৰিয়ান ( Stella Grigoryan) এগৰাকী আৰ্মেনিয়ান শিল্পী, ভাস্কৰ্য্যশিল্পী আৰু শিক্ষয়িত্ৰী। তেওঁ ৪ নৱেম্বৰ, ১৯৮৯ চনত আৰাগৎসভানত জন্ম গ্ৰহণ কৰে।
কেৰিয়াৰ
ষ্টেলা গ্ৰীগ’ৰিয়ানে ১৯৮৯ চনত আৰ্মেনিয়াৰ আৰগাটছটন প্ৰদেশৰ আৰাগৎসৱনত জন্মগ্ৰহণ কৰিছিল। ২০১০ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ ইয়েৰেভান ষ্টেট একাডেমী অৱ ফাইন আৰ্টছত ভাস্কৰ্য্য বিভাগত অধ্যয়ন কৰে। ষ্টেট পেডাগজিকেল ইউনিভাৰ্চিটিৰ পৰা খান আবোভ্যানৰ পিছত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০১৬ চনৰ পৰা ষ্টেলাই "মুগদুছিয়ান" কলা কেন্দ্ৰত অধ্যাপনা কৰে।১২৩৪
প্ৰদৰ্শনী
ষ্টেলাই তেওঁৰ ভাস্কৰ্য শিল্পৰ প্ৰদৰ্শনী দেশৰ বিভিন্ন অনুষ্ঠানত আগবঢ়ায়। সেইবোৰ হ’ল:
- ২০১৩ চনত যুৱ প্ৰতিযোগিতা
- "ব্ৰঞ্জ আৰু ভলিউম", ২০১৩
- চেণ্ট চাৰ্গিছৰ ভোজৰ বাবে উৎসৰ্গিত প্ৰদৰ্শনী-প্ৰতিযোগিতা, ২০১৪
- ৰিপাব্লিকান ভাস্কৰ্য্য প্ৰদৰ্শনী, ২০১৪
- আৰ্মেনিয়ান গণহত্যাৰ বাবে উৎসৰ্গিত প্ৰদৰ্শনী- «১০০ বছৰৰ পিছত», ২০১৫
বঁটা-সন্মান
তেওঁ তেওঁৰ ভাস্কৰ্য শিল্পৰ বাবে কেইবাটিও বঁটাৰে সন্মানিত হয়।
- ছেইণ্ট চাৰ্গিছ বঁটা, ২০১৫
- ছেইণ্ট চাৰ্গিছ বঁটা, ২০১৬
- শ্ৰেষ্ঠ ভাস্কৰ্য্যৰ শিল্প কৰ্মৰ বাবে আৰ্ট ফেষ্ট ২০১৬ আন্তঃৰাষ্ট্ৰীয় যুৱ উৎসৱ বঁটা
- আৰ্মেনিয়ান গণহত্যা ১০০ বছৰীয়া জয়ন্তীত দ্যা পাষ্ট ইন প্ৰেজেণ্ট প্ৰতিযোগিতাত বিজয়ীসকলৰ প্ৰদৰ্শনী।
তথ্যসূত্ৰ
- ↑ Stella Grigoryan · Armenia Art. armeniaart.com
- ↑ A walk in the world of volumes and colors. www.erit.am
- ↑ Stella Grigoryan, Exhibition "Walk". www.erit.am
- ↑ "Walk" with Stella Grigoryan · LyunSe. lyunse.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টেলা গ্ৰীগ’ৰিয়ান” প্ৰবন্ধৰ সংশোধন ৫৭২৫২২ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।