শ্বাফিকা হাবিবি (Shafiqa Habibi) আফগানিস্তানৰ এগৰাকী সাংবাদিক, টেলিভিছন এংকৰ, কৰ্মী, ৰাজনীতিবিদ। মহিলা সাংবাদিকসকলক সহায় কৰাৰ বাবে কৰাৰ বাবে, আৰু ২০০৪ চনত আফগানিস্তানৰ উপ-ৰাষ্ট্ৰপতিৰ বাবে আব্দুল ৰছিদ দস্তুমৰ ৰানিং মেট হিচাপে প্ৰাৰ্থীত্ব লাভ কৰাৰ বাবে তেওঁ পৰিচিত।
ব্যক্তিগত জীৱন
শ্বাফিকা হাবিবি এজন ধনী আহমেদজাই পস্তুন পৰিয়ালৰ।১তেওঁ কাবুলত ডাঙৰ-দীঘল হৈছিল যদিও তেওঁৰ পৰিয়ালটো লগাৰ প্ৰদেশৰ১ ১৯৬৬ চনত হাবিবিয়ে কাবুল বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাত ডিগ্ৰী লাভ কৰে।২৩ আফগানিস্তান চৰকাৰৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা মাহমুদ হাবিবিৰ সৈতে তেওঁৰ বিবাহ হয়। ১১৯৯২ চনত যেতিয়া মুজাহিদীনে কাবুলৰ নিয়ন্ত্ৰণ লয়, তেতিয়া তেওঁ আৰু তেওঁৰ স্বামীয়ে আন লাখ লাখ লোকৰ সৈতে কিছু সময়ৰ বাবে মাজাৰ-ই-শ্বৰীফলৈ গুচি যায়।১ ২০০১ চনত যেতিয়া আমেৰিকাই কাবুলত বোমা বিস্ফোৰণ আৰম্ভ কৰে, তেতিয়া হাবিবিয়ে পাকিস্তানৰ পেছাৱাৰ চহৰলৈ পলায়ন কৰে।২৩
সাংবাদিতকা, সক্ৰিয়তা আৰু ৰাজনীতি
ডিগ্ৰী লাভ কৰাৰ পিছত অলপ সময়ৰ পিছতে হাবিবিয়ে ৰেডিঅ’ আফগানিস্তানত কাম কৰিবলৈ আৰম্ভ কৰে। টেলিভিছনতো তেওঁ কবিতা পঢ়িছিল।২৩ তেখেত টেলিভিছনৰ এংকৰ আছিল, আৰু মহিলা সাংবাদিক কেন্দ্ৰৰ প্ৰতিষ্ঠাৰ লগত জড়িত আছিল।৪ ২০১৬ চনৰ অক্টোবৰ মাহলৈকে হাবিবি আফগান মহিলা সাংবাদিক সংঘৰ মুৰব্বী আছিল।৫
১৯৯৪ চনত হাবিবিয়ে মহিলা সাংবাদিকসকলক সহায় কৰিবলৈ মহিলা ৰেডিঅ' আৰু টেলিভিছন সম্প্ৰচাৰ সংস্থা প্ৰতিষ্ঠা কৰে।২৩] ১৯৯৬ চনত যেতিয়া তালিবান ক্ষমতালৈ আহিছিল তেতিয়া তেওঁক বাতৰি সম্প্ৰচাৰ কৰাত বাধা দিয়া হৈছিল। তালিবান চৰকাৰৰ পাঁচ বছৰীয়া সময়ছোৱাত তেওঁ "ক্ৰাফ্ট স্কুল"ৰ আয়োজন কৰিছিল, য'ত মহিলাসকলে হস্তশিল্প নিৰ্মাণ কৰিব পাৰিছিল যিবোৰ পিছলৈ বিক্ৰী কৰিব পৰা যায়।২৩ ইয়াৰ উপৰিও তেওঁ এটা আণ্ডাৰগ্ৰাউণ্ড মহিলা সংগঠন প্ৰতিষ্ঠা কৰে।২৩ আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ সময়ত হাবিবিয়ে গোপনে ছোৱালীৰ বাবে ৮খন হোম স্কুল চলাইছিল, যিবোৰ চৰকাৰৰ পৰা গোপনে ৰখা হৈছিল।১ ২০০১ চনত তালিবানক উৎখাত কৰাৰ পিছত তেওঁ আফগান স্বতন্ত্ৰ মানৱ অধিকাৰ আয়োগৰ বাবে কাম কৰিছিল।১
২০০৪ চনত হাবিবি আফগান সেনাৰ এজন জেনেৰেল আব্দুল ৰছিদ দস্তুমৰ ৰানিং মেট হিচাপে আফগানিস্তানৰ উপ-ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী আছিল।১সেই বছৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰা তিনিগৰাকী মহিলাৰ ভিতৰত তেওঁ অন্যতম আছিল।১ হাবিবি হৈছে যৌন হিংসাৰ গোচৰৰ তদন্ত কৰা বেচৰকাৰী সংস্থা নিউ আফগানিস্তান ৱমেন এছ’চিয়েশ্যনৰ পৰিচালক। হাবিবিয়ে কয় যে আফগান চৰকাৰ নাৰীৰ বিৰুদ্ধে যৌন হিংসাৰ প্ৰতি উদাসীন, আৰু এনে হিংসাৰ হাৰ বৃদ্ধিৰ বাবে দোষী।৬
তথ্যসূত্ৰ
- ↑ Marlow, Anne. (8 October 2004). Burqas and ballots. Salon
- ↑ Jensen, Rita Henley. (27 May 2002). Shafiqa Habibi Named for Bravery in Journalism. Womensenews.org
- ↑ Lombardi, Chris. (3 January 2002). Seven Who Use Their Lives to Change Ours. Womensenews.org
- ↑ Esfandiari, Golnaz. (2 May 2006). Afghanistan: Women Journalists Fight Restrictions, Threats. Radio Free Europe/Radio Liberty
- ↑ Putz, Catherine. (29 October 2016). Keeping the Faith: Afghan Women Need Continued International Support. The Diplomat
- ↑ (8 October 2014). Culture of impunity behind rape. RAWA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাফিকা হাবিবি” প্ৰবন্ধৰ সংশোধন ৪৮৩৬৬৩ (২৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।