অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰুবৱতী গোস্বামী

শ্ৰুবৱতী গোস্বামী (Srubabati Goswami) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞানত গৱেষণা কৰিছে। তদুপৰি জ্যোতিকণিকা পদাৰ্থ বিজ্ঞান আৰু নিউট্ৰিনো পদাৰ্থ বিজ্ঞানৰ লগতো তেখেত ঘনিষ্ঠভাৱে জড়িত।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

শ্ৰুবৱতী গোস্বামী (Srubabati Goswami) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞানত গৱেষণা কৰিছে। তদুপৰি জ্যোতিকণিকা পদাৰ্থ বিজ্ঞান আৰু নিউট্ৰিনো পদাৰ্থ বিজ্ঞানৰ লগতো তেখেত ঘনিষ্ঠভাৱে জড়িত। কলিকতা বিশ্ববিদ্যালয়ৰ বিজ্ঞান কলেজৰ পৰা "নিউট্ৰিনো দোলন"ত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী অৰ্জন কৰা তেখেতে হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা।১ তেখেতে গৱেষণা কৰিছিল সাহা নিউক্লিয়াৰ পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান আৰু ভৌতিক গৱেষণা প্ৰয়োগশালা (PRL)-ত। পাছলৈ তেখেতে হৰিশ চন্দ্ৰ গৱেষণা প্ৰতিষ্ঠানত কাম কৰে। ভৌতিক গৱেষণা প্ৰয়োগশালাত তাত্ত্বিক উচ্চশক্তিৰ পদাৰ্থ বিজ্ঞানৰ তেখেত এগৰাকী জ্যেষ্ঠ অধ্যাপক। তেখেতে ভাৰতীয় বিজ্ঞান একাডেমী; ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী,ভাৰত; আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য।২৩৪৫

তথ্যসূত্ৰ

  1. ↑ (7 September 2017). A Trailblazer Looks for the Keys to the Next Generation of Physics Research. Aashima Dogra. The Wire
  2. ↑ Srubabati Goswami. Indian Academy of Sciences
  3. ↑ Professor Srubabati Goswami. Indian National Science Academy
  4. ↑ Fellows. National Academy of Sciences, India
  5. ↑ A tale of two lives. Indian Academy of Sciences

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা বিজ্ঞানীভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় বিজ্ঞানীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰুবৱতী গোস্বামী” প্ৰবন্ধৰ সংশোধন ৪৮৫১৩৩ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।