অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্যাম সুন্দৰ চক্ৰৱৰ্তী

শ্যাম সুন্দৰ চক্ৰৱৰ্তী (Shyam Sundar Chakravarthy; ১২জুলাই, ১৮৬৯ - ৭ ছেপ্টেম্বৰ, ১৯৩২) পশ্চিমবংগৰ এগৰাকী ভাৰতীয় বিপ্লৱী, স্বাধীনতা যুঁজাৰু আৰু সাংবাদিক। বেংগল প্ৰেচিডেন্সিৰ পাৱনাৰ ভাৰেংগাত (বৰ্তমান বাংলাদেশত) তেওঁৰ জন্ম হৈছিল।

হালনাগাদ: ১১ অক্টোবৰ ২০২৩ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

শ্যাম সুন্দৰ চক্ৰৱৰ্তী (Shyam Sundar Chakravarthy; ১২জুলাই, ১৮৬৯ - ৭ ছেপ্টেম্বৰ, ১৯৩২) পশ্চিমবংগৰ এগৰাকী ভাৰতীয় বিপ্লৱী, স্বাধীনতা যুঁজাৰু আৰু সাংবাদিক। বেংগল প্ৰেচিডেন্সিৰ পাৱনাৰ ভাৰেংগাত (বৰ্তমান বাংলাদেশত) তেওঁৰ জন্ম হৈছিল। অৱিনাশ চক্ৰৱৰ্তী আৰু অন্নদা কবিৰাজৰ সৈতে তেওঁ বঙালী সম্প্ৰদায়ৰ বিদ্ৰোহী গোট পাৱনাৰ সদস্য আছিল।১ ১৯০৫ চনত তেওঁ বিপ্লৱী মুখপত্ৰ ‘সন্ধ্যা’ৰ সহ-সম্পাদক আছিল। ১৯০৬ চনত তেওঁ সম্পাদক শ্ৰী অৰবিন্দৰ সহকাৰী ৰূপে বাংলা জাতীয়তাবাদী বাতৰি কাকত ‘বন্দে মাতৰম’ত যোগদান কৰে আৰু পিছলৈ ইয়াৰ সম্পাদক হয়।২ ১৯০৮ চনত বাৰ্মালৈ তেওঁক নিৰ্বাসন দিয়া হয়।৩ পিছলৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অহিংস নীতিৰ অনুগামী আৰু অনুসৰণকাৰী হৈ পৰে আৰু স্বৰাজ পাৰ্টিৰ কাৰ্যালয়ত পিয়ন হিচাপে কাৰ্যনিৰ্বাহ কৰে।৪ অসহযোগ আন্দোলনৰ প্ৰচাৰৰ বাবে তেওঁ ১৯২০ চনত ‘দ্য চাৰভেণ্ট’ নামেৰে এখন বাতৰি কাকত প্ৰকাশ কৰিছিল। কাকতখনৰ তেওঁ সম্পাদকো আছিল।৫৬

তথ্যসূত্ৰ

  1. ↑ Guha, Arun Chandra. (1971). First spark of revolution: the early phase of India's struggle for independence, 1900-1920. Orient Longman. পৃ. 214–216. ISBN 9780883860380
  2. ↑ (17 July 2008). Bande Mataram. sankalpindia
  3. ↑ Political Agitators in India. পৃ. 8
  4. ↑ Sharma, Suresh K. (2006). Documents on North-East India: Assam (1664-1935). Mittal Publications. পৃ. 274–276. ISBN 978-81-8324-089-5
  5. ↑ Sharma, Jagdish Saran. (1981). Encyclopaedia Indica, Volume 2. S. Chand. পৃ. 1121
  6. ↑ Gandhi, Gopalkrishna; Amartya Sen. (2008). A frank friendship: Gandhi and Bengal: a descriptive chronology. Seagull Books. পৃ. 82. ISBN 978-1-905422-63-0

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামীপশ্চিমবঙ্গৰ ব্যক্তিভাৰতীয় সাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্যাম সুন্দৰ চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৩৮৭১৬১ (১১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।