অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰীজা আকুলা

শ্ৰীজা আকুলা (Sreeja Akula; জন্ম: ৩১ জুলাই ১৯৯৮) এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০২২ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা ৮৩ সংখ্যক ছিনিয়ৰ নেচনেল আৰু আন্তঃৰাজ্যিক টেবুল টেনিছ চেম্পিয়নশ্বিপত তেওঁ মহিলাৰ একক আৰু ডাবলছ টেনিছৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় চেম্পিয়ন।

হালনাগাদ: ২৪ জুন ২০২৪ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শ্ৰীজা আকুলা (Sreeja Akula; জন্ম: ৩১ জুলাই ১৯৯৮)১ এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০২২ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা ৮৩ সংখ্যক ছিনিয়ৰ নেচনেল আৰু আন্তঃৰাজ্যিক টেবুল টেনিছ চেম্পিয়নশ্বিপত তেওঁ মহিলাৰ একক আৰু ডাবলছ টেনিছৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় চেম্পিয়ন।২ মণিকা বাত্ৰাৰ হাতত পৰাস্ত হৈ বিগত সংস্কৰণত ৰাষ্ট্ৰীয় মহিলা একক শাখাত তেওঁ ৰানাৰ্ছ আপ আছিল। ২০২২ চনৰ কমনৱেলথ গেমছতো ভাৰতীয় দলৰ অংশ আছিল য’ত শৰৎ কমলৰ সৈতে মিক্স ডাবলছ ইভেণ্টত সোণৰ পদক লাভ কৰিছিল। ২০১৯ চনৰ দক্ষিণ এছিয়ান গেমছত টেবুল টেনিছত মহিলা ডাবলছ আৰু মহিলা দলৰ ইভেণ্টৰ তেওঁ সোণৰ পদক বিজয়ী।৩

তথ্যসূত্ৰ

  1. ↑ Chaubey, Ankit. (2022-06-18). Sreeja Akula Table Tennis Player biography: Achievements, Personal Life, Family, Unknown Facts & Social Media -. www.sportzcraazy.com
  2. ↑ (25 April 2022). Senior TT Championships: Sharath Kamal wins 10th national title, Sreeja Akula her first
  3. ↑ Today, Telangana. (2022-04-25). Akula Sreeja, the new queen of Indian table tennis. Telangana Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ টেবুল টেনিছ খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীজা আকুলা” প্ৰবন্ধৰ সংশোধন ৪২৩৯২৬ (২৪ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।