শৰ্মিলা থাপা এগৰাকী ভাৰতীয় নাৰ্ছ আৰু সমাজকৰ্মী, যিয়ে একক মাতৃ আৰু গৃহহিংসাৰ বিৰুদ্ধে কাম কৰে।
জীৱন আৰু সক্ৰিয়তা
থাপা এগৰাকী সমাজকৰ্মী, যিয়ে লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে মাত মতিছিল,১ যি কথা তেওঁ নিজৰ বিবাহ বিচ্ছেদৰ আগতে নিজেই অনুভৱ কৰিছিল।২
২০১৫ চনত তেওঁ সংযুক্ত ৰাষ্ট্ৰ উন্নয়ন কাৰ্যসূচী (UNDP)ৰ দ্বাৰা প্ৰদান কৰা এন-পিছ বঁটা লাভ কৰিছিল।৩ তেওঁ একক মাতৃসকলৰ সহায়ৰ বাবে 'সমিদা মহিলা উন্নয়ন মঞ্চ' প্ৰতিষ্ঠা কৰিছিল।৩ এই সংগঠনটোৱে নেপালৰ বিভিন্ন অঞ্চলৰ একক মাতৃসকলৰ ৮৬জন সন্তানৰ বাবে শিক্ষাৰ বৃত্তি প্ৰদান কৰিছে।
থাপা এগৰাকী পেচাদাৰী নাৰ্ছ।৪
বঁটা আৰু স্বীকৃতি
- ২০১৫ চনত UNDPৰ দ্বাৰা প্ৰদান কৰা এন-পিছ বঁটা৫
নিৰ্বাচিত প্ৰকাশনা
- শৰ্মিলা, থাপা; Power on paper: Women should be made part of all decision-making bodies to uproot patriarchy (২০১৫) দ্য কাটমাণ্ডু পোষ্ট।৬
ব্যক্তিগত জীৱন
থাপা এগৰাকী একক মাতৃ, যাৰ এজন পুত্ৰ আৰু এজনী দত্তক কন্যা আছে।৩৭
বাহ্যিক সংযোগ
- Sharmila Thapa. N-PEACE
তথ্যসূত্ৰ
- ↑ Call To End Suffering. New Spotlight
- ↑ (2017-04-20). International Women’s Day and beyond: Women’s human and citizenship rights in Nepal - Sharmila Thapa of Samida Women’s Development Forum. Policy Scotland
- ↑ (7 Sep 2015). Sharmila Thapa, women's rights activist, wins regional award. kathmandupost.com
- ↑ Commemoration of International Day for the Elimination of Violence against Women · United Nations in Nepal. nepal.un.org
- ↑ UNDP celebrates Asian women leaders for peace. UNDP in Asia and the Pacific
- ↑ Politics - inclusion. www.nepalresearch.com
- ↑ From the ashes. mnsvmag.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰ্মিলা থাপা” প্ৰবন্ধৰ সংশোধন ৫৪১২৫২ (২ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।