শ্বাহেদা মুস্তাফিজ (বাংলা: শাহেদা মুস্তাফিজ) (জন্ম: ১৯৪৯) বাংলাদেশৰ প্ৰথম মহিলা কম্পিউটাৰ প্ৰ'গ্ৰামাৰ। ১ ২ ৩
জীৱনী
অৰ্থনীতিত অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত শ্বাহেদা মুস্তাফিজে আমেৰিকাৰ এনচিআৰ কৰ্প'ৰেচন চফ্টৱেৰ আৰ্কিটেকচাৰৰ এবছৰীয়া প্ৰশিক্ষণ লয়। ১৯৭৬ চনত তাই সেই সংস্থাৰ বাংলাদেশ শাখাত চিষ্টেমছ মেনেজাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১ ২ এন চি আৰ কৰ্পৰেশ্যনত কাম কৰাৰ পিছত তাই লিডছ কৰ্পৰেশ্যনত কাম কৰে। ১৯৯৮ চনত তাই প্ৰবিতি চিষ্টেমছ লিমিটেডৰ পৰিচালন সঞ্চালক হিচাপে দায়িত্ব লয়। ১ ২ ইয়াৰ উপৰিও তাই কানাডাৰ ২০-২০ টেকন'লজিছ ইনকৰ্পৰেচনৰ বাংলাদেশ শাখাৰ পৰিচালন সঞ্চালক আৰু আমেৰিকাত ই-টেকলজিক্স ইনকৰ্পৰেচনৰ বাংলাদেশ শাখাৰ কাৰ্যবাহী উপ-সভাপতি হিচাপে কাম কৰি আহিছে। ১ ইয়াৰ উপৰিও মহিলা আৰু শিশুৰ বাবে কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ চলোৱাৰ লগতে পুত্ৰৰ চফটৱেৰ ডেভেলপমেণ্ট কোম্পানীত কনচালটেণ্ট হিচাপে কাম কৰে। ১ ২
তথ্যসূত্ৰ
- ↑ (10 March 2018). তিনি দেশেৰ প্ৰথম নাৰী প্ৰোগ্ৰামাৰ
- ↑ (17 July 2018). প্ৰোগ্ৰামিং-এ 'প্ৰথমা' শাহেদা মুস্তাফিজ. অনন্যা
- ↑ Kabir, Humaun. দেশেৰ প্ৰথম নাৰী প্ৰোগ্ৰামাৰ শাহেদা মুস্তাফিজ. Bangladesh Open Source Network
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাহেদা মুস্তাফিজ” প্ৰবন্ধৰ সংশোধন ৪৫৪২৩৯ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।