অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেমী লিভাৰ

জেমী লিভাৰ (ইংৰাজী: Jamie Lever; জন্ম: ১৯ অক্টোবৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ব্যঙ্গ শিল্পী৷ তেওঁ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰে। জেমী লিভাৰ জনপ্ৰিয় ব্যঙ্গ শিল্পী তথা অভিনেতা জনী লিভাৰৰ কন্যা।

হালনাগাদ: ২৮ এপ্ৰিল ২০২৬ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জেমী লিভাৰ (ইংৰাজী: Jamie Lever; জন্ম: ১৯ অক্টোবৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ব্যঙ্গ শিল্পী৷ তেওঁ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰে। জেমী লিভাৰ জনপ্ৰিয় ব্যঙ্গ শিল্পী তথা অভিনেতা জনী লিভাৰৰ কন্যা।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

জেমী লিভাৰ জনপ্ৰিয় ব্যঙ্গ শিল্পী তথা অভিনেতা জনী লিভাৰ (জন প্ৰকাশ ৰাও জানুমালা) আৰু সুজাতা জানুমালাৰ কন্যা। তেওঁৰ সৰু ভাতৃ জেছি। জেমী লিভাৰে লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা বিপণন যোগাযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১

কেৰিয়াৰ

২০১২ চনৰ আগষ্ট মাহত লিভাৰে লণ্ডনস্থিত বজাৰ গৱেষণা সংস্থা ভিজিয়নগেইনৰ বিপণন কাৰ্যবাহী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।২ ২০১২ চনৰ পৰা মুম্বাইৰ দ্য কমেডী ষ্ট’ৰত ষ্টেণ্ড আপ কমেডিয়ান হিচাপে অভিনয় কৰি আহিছে। ২০১৩ চনত চ’নী এণ্টাৰটেইনমেণ্ট টেলিভিছনত কমেডী চাৰ্কাছ কে মহাবলিত অনুষ্ঠান পৰিৱেশন কৰিছিল।লিভাৰে বিভিন্ন অনুষ্ঠানৰ আয়োজক হিচাপেও কাম কৰিছে।৩

চলচ্চিত্ৰ

বৰ্ষশিৰোনামচৰিত্ৰভাষাটোকা
২০১৫কিছ কিছকৌ প্যাৰ কৰোঁচম্পাহিন্দীপ্ৰথম ছবি
২০১৯হাউছফুল ৪গিগ্লীহিন্দী
২০২১ভূত পুলিছলতাহিন্দীডিজনী প্লাছ হটষ্টাৰ ছবি
২০২৩য়াত্ৰিছহিন্দী
২০২৪ক্ৰেকজুনেইডাহিন্দী
আ অক্কাটি আড়াক্কোদেৱীতেলুগুতেলুগু ভাষাৰ প্ৰথম ছবি

তথ্যসূত্ৰ

  1. ↑ (14 April 2019). Jamie Lever sets fashion goals on Instagram; see photos. mid-day
  2. ↑ (21 September 2013). The Heir Is on Air. Open The Magazine. Open Media Network Pvt. Ltd
  3. ↑ Jamie performs in front of father Johnny Lever. The Times if Indiapublisher=Bennett, Coleman & Co. Ltd.

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনয় শিল্পীভাৰতীয় ইউটিউবাৰষ্টেণ্ড আপ কমেডিয়ানভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ানভাৰতীয় কমেডিয়ানঅভিনয় শিল্পীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীকমেডিয়ান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেমী লিভাৰ” প্ৰবন্ধৰ সংশোধন ৬০৩৩৬৫ (২৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।