অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টিনে মেনা

টিনে মেনা (জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় পৰ্বতাৰোহনকাৰী, যিয়ে ২০১১ চনৰ ৯ মে'ত উত্তৰ-পূব ভাৰতৰ পৰা মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী অৰুণাচলী মহিলা হিচাপে পৰিগণিত। টিনেৰ জন্ম হৈছিল জিলাৰ সদৰ স্থান ৰয়িঙৰ পৰা ১৭৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত এছালি নামৰ এখন দুৰ্গম গাঁৱত।

হালনাগাদ: ৪ মে’ ২০২৪ ৭৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

টিনে মেনা (জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় পৰ্বতাৰোহনকাৰী, যিয়ে ২০১১ চনৰ ৯ মে'ত উত্তৰ-পূব ভাৰতৰ পৰা মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী অৰুণাচলী মহিলা হিচাপে পৰিগণিত।১২৩৪

টিনেৰ জন্ম হৈছিল জিলাৰ সদৰ স্থান ৰয়িঙৰ পৰা ১৭৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত এছালি নামৰ এখন দুৰ্গম গাঁৱত।৫ তেওঁৰ শৈশৱ পাহাৰ আৰু প্ৰকৃতিৰ কোলাত পাৰ হৈছিল। মাত্ৰ ১৭ বছৰ বয়সতে ভাৰতীয় সেনাবাহিনীৰ পৰ্টাৰৰ কাম কৰিছিল। ২০১১ চনত এই এভাৰেষ্ট অভিযানৰ সময়ত তেওঁৰ মুঠ ব্যয় প্ৰায় ২০ লাখ টকাৰ ওচৰত আছিল।১

তথ্যসূত্ৰ

  1. ↑ A conversation with Tine Mena. The Arunachal Times
  2. ↑ Tine Mena: First Woman from North East India to conquer Everest. The Northeastern Blog
  3. ↑ THAT's Professional (Travel, Hospitality, Aviation & Tourism). LinkedIn
  4. ↑ Two girls from Arunachal Pradesh to set off for Everest expedition. DNA India
  5. ↑ (15 October 2018). Northeast's first woman Everester Tine's story now in children's book. NORTHEAST NOW

সম্পৰ্কিত শ্ৰেণী

পৰ্বতাৰোহীঅৰুণাচল প্ৰদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিনে মেনা” প্ৰবন্ধৰ সংশোধন ৪২০৪২৫ (৪ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।