
জোৱান এম. কেলী (জন্ম: ২২ ডিচেম্বৰ, ১৯৭৮১২) এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ গয়িং দ্য ডিষ্টেন্সৰ দৰে চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিক ৱেৰহাউচ ১৩-ত আমেৰিকাৰ ছিক্ৰেট চাৰ্ভিচৰ এজেণ্ট মাইকা বেৰিংৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
জোৱান কেলীৰ জন্ম হৈছিল নিউফাউণ্ডলেণ্ডৰ বে ডি এচপইৰত।৩ ১৭ বছৰ বয়সত তেওঁ নোভা স্কটিয়ালে স্থানান্তৰিত হয় আৰু তাত একাডিয়া বিশ্ববিদ্যালয়ত নাটক আৰু ইংৰাজী বিষয়ত অধ্যয়ন কৰে।৩
কেৰিয়াৰ
কেলীৰ প্ৰথমটো ডাঙৰ চৰিত্ৰ আছিল ২০০২ চনৰ ড্ৰামা চলচ্চিত্ৰ দ্য বে অৱ লভ এণ্ড চৰ’জত। ইয়াৰ আগতে তেওঁ ২০০৩ চনৰ টেলিভিছন চিনেমা মাফিয়া ডাক্টৰ (য’ত পল চৰভিনো আৰু অলিম্পিয়া ডুকাকিছে অভিনয় কৰিছিল) আৰু ক্ৰাইম স্প্ৰী (য’ত জেৰাৰ্ড ডিউপাৰ্ডিউ আৰু হাৰ্ভে কাইটেল আছিল) ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল।৩ তেওঁ শ্লিঙছ এণ্ড এৰ’জ ধাৰাবাহিকত অভিনেতা পল গ্ৰছৰ সৈতে আৰু হেইডে ধাৰাবাহিকত গৰ্ডন পিনচেণ্টৰ সৈতে অভিনয় কৰিছিল। জে. মাইকেল ষ্ট্ৰাচিনস্কিৰ টিভি ধাৰাবাহিক জেৰেমিইয়াহত তেওঁ লিবী নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল (২০০৩ চনৰপৰা ২০০৪ চনলৈ শ্ব’টাইমত)। ইয়াৰ উপৰি তেওঁ ফক্সৰ ২০০৬ চনৰ ধাৰাবাহিক ভেনিশ্বডত চাৰা কলিন্সৰ চৰিত্ৰত আৰু ছিফি (SciFi) চেনেলৰ ধাৰাবাহিক দ্য ড্ৰেছডেন ফাইলছত বিয়ানকা নামৰ ভেম্পায়াৰজনীৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০০৪ চনৰ চলচ্চিত্ৰ গয়িং দ্য ডিষ্টেন্সতো তেওঁক দেখা গৈছিল।
২০০৯ চনৰপৰা ২০১৪ চনলৈকে তেওঁ ছিফিৰ ধাৰাবাহিক ৱেৰহাউচ ১৩-ত আমেৰিকাৰ ছিক্ৰেট চাৰ্ভিচৰ এজেণ্ট মাইকা বেৰিংৰ চৰিত্ৰত অভিনয় কৰিছিল।৪
২০১৪ চনৰ স্বতন্ত্ৰ চলচ্চিত্ৰ ৰানঅফতো তেওঁ অভিনয় কৰিছিল, যিখনৰ কাহিনী আৰু পৰিচালনা আছিল কিম্বাৰ্লি লেভিনৰ।৫ এই ছবিখনত তেওঁৰ অভিনয়ে সমালোচকৰ উচ্চ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।৬
তথ্যসূত্ৰ
- ↑ Joanne Kelly. rottentomatoes.com. Fandango Media
- ↑ Joanne Kelly. microsoft.com. Microsoft
- ↑ Banks, Wendy. (February 6, 2003). Bay watching – Joanne Kelly doesn't look like a newcomer in Canuck feature. Now
- ↑ "Toronto-shot Warehouse 13 filming final season this summer" by Danielle Ng See Quan at playbackonline.ca
- ↑ "Film Review: ‘Runoff’" by Bill Edelstein at variety.com
- ↑ Rocchi, James. (June 16, 2014). LAFF Review: 'Winter's Bone' on a Farm, 'Runoff' Marks a Strong Debut For Writer-Director Kimberly Levin. IndieWire
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোৱান কেলী” প্ৰবন্ধৰ সংশোধন ৫৯৬৫১৭ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।