অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টি কল্পনা দেৱী

টি কল্পনা দেৱী (T. Kalpana Devi) (১৯৪১–২০১৬) অন্ধ্ৰ প্ৰদেশৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ অষ্টম লোকসভাৰ সদস্য আছিল।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

টি কল্পনা দেৱী (T. Kalpana Devi) (১৯৪১–২০১৬) অন্ধ্ৰ প্ৰদেশৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ অষ্টম লোকসভাৰ সদস্য আছিল।

প্ৰাথমিক জীৱন

১৯৪১ চনৰ ১৩ জুলাইত কৃষ্ণ জিলাৰ ভাটলাপেনুমাৰৰু গাঁৱত চলসনী বীৰা ৰাঘবৈয়াৰ ঘৰত কল্পনা দেৱীৰ জন্ম হৈছিল। ৱাৰাংগলৰ কাকতীয়া চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী (এমবিবিএছ) কৰিছিল।.১

কৰ্মজীৱন

কল্পনা দেৱীয়ে তেলেগু দেশম পাৰ্টি (টিডিপি)ত যোগদান কৰি ৰাজনৈতিক জীৱন আৰম্ভ কৰে৷ ইয়াৰ আগতে তেওঁ হানমকোণ্ডাৰ ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসাসেৱা আগবঢ়াইছিল।১১৯৮৪ চনৰ অষ্টম লোকসভাৰ বাবে সাধাৰণ নিৰ্বাচনৰ সময়ত তেওঁ ৱাৰাংগলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিকটতম প্ৰতিদ্বন্দ্বী কমলুদ্দিন আহমেদক ৮,৪৫৬ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।২পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত অৱশ্যে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰামা সহায়ম সুৰেন্দ্ৰ ৰেড্ডীৰ হাতত পৰাস্ত হয়।৩

পিছলৈ দেৱীয়ে তেলেগু দেশম পাৰ্টি এৰি কংগ্ৰেছলৈ যায়৷ ১৯৯৮ আৰু ১৯৯৯ চনত একেৰাহে অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰে।৩৪

ব্যক্তিগত জীৱন

১৯৬১ চনৰ ১০ জুলাইত দেৱীয়ে ডাঃ টি নৰসিংহ ৰেড্ডীক বিয়া কৰায়। তেওঁলোকৰ দুজন পুত্ৰ সন্তান জন্ম হয়।[1] ২০১৬ চনৰ ২৯ মে’ত, হাইদৰাবাদৰ এখন চিকিৎসালয়ত টি কল্পনা দেৱীৰ মৃত্যু হয়। ৱাৰাংগলত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল।৫

তথ্যসূত্ৰ

  1. ↑ Members Bioprofile: Kalpana Devi, Dr. (Smt.) T.. লোকসভা
  2. ↑ Statistical Report on the General Elections, 1984 to the Eighth Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 43
  3. ↑ Warangal Partywise Comparison. ভাৰতৰ নিৰ্বাচন আয়োগ
  4. ↑ Charya, KVVV. (11 February 1998). Warangal set to witness a triangular contest. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  5. ↑ (29 May 2016). Ex-MP Kalpana Devi passes away. United News of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদচিকিৎসাবিদঅন্ধ্ৰপ্ৰদেশৰ ব্যক্তিবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টি কল্পনা দেৱী” প্ৰবন্ধৰ সংশোধন ৪৮৫১০৯ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।