ডলি আনোৱাৰ (ইংৰাজী ভাষা: Dolly Anwar; জন্ম উপাধি ইব্ৰাহিম; ১ জুলাই ১৯৪৮ – ৩ জুলাই ১৯৯১) এগৰাকী বাংলাদেশী মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰীৰ লগতে এগৰাকী লেখিকা আৰু 'সাতদিন' আলোচনীৰ সম্পাদিকা আছিল। ১৯৭৯ চনৰ চলচ্চিত্ৰ সূৰ্য দীঘল বাড়ীত কৰা অভিনয়ৰ বাবে তেওঁ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল।১
প্ৰাৰম্ভিক জীৱন
আনোৱাৰ ৰাজনৈতিক আৰু নাৰীবাদী কৰ্মী নীলিমা ইব্ৰাহিম আৰু চিকিৎসক মহম্মদ ইব্ৰাহিমৰ কন্যা আছিল।২ তেওঁ জগন্নাথ কলেজৰ সাহিত্যৰ স্নাতক মহলাৰ ছাত্ৰী আছিল।২
কেৰিয়াৰ
আনোৱাৰে ১৩ বছৰ বয়সতে মঞ্চত কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৬ বছৰ বয়সত তেওঁ মুনীৰ চৌধুৰীৰ 'একতলা দোতলা' আৰু বাংলাদেশ টেলিভিছনৰ প্ৰথমখন নাটক তথা প্ৰথমখন ধাৰাবাহিক 'ৰোজ ৰোজ'ত (১৯৮১) অভিনয় কৰিছিল।২ পৰৱৰ্তী সময়ত তেওঁ জহিৰ ৰায়হানৰ 'বৰফ গলা নদী' আৰু 'আৰেক ফাল্গুন' নাটকত অভিনয় কৰে।২ তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল ১৯৭৯ চনত মুক্তিপ্ৰাপ্ত বহুকেইটা ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি সূৰ্য দীঘল বাড়ী।২ তেওঁ অভিনয় কৰা দ্বিতীয় তথা শেষ চলচ্চিত্ৰখন আছিল শ্বেখ নিয়ামত আলীৰদ্বাৰা পৰিচালিত দহন (১৯৮৬)।৩
পৰৱৰ্তী সময়ত আনোৱাৰে অভিনয় ত্যাগ কৰি এটা বিজ্ঞাপন সংস্থাৰ পৰিচালিকা আৰু সাপ্তাহিক আলোচনী 'সাতদিন'ৰ সম্পাদিকা হিচাপে কাম আৰম্ভ কৰে।২৪
ব্যক্তিগত জীৱন আৰু মৃত্যু
আনোৱাৰে ১৯৬৬ চনত প্ৰথমে এজন ছাত্ৰ নেতা ৰাজুৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।২ ইয়াৰ পিছত তেওঁ ফটোগ্ৰাফাৰ তথা চিনেমাটোগ্ৰাফাৰ আনোৱাৰ হোছেইনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৫
১৯৯১ চনৰ ৩ জুলাইত আনোৱাৰে আত্মহত্যা কৰে আৰু সেইদিনা নিশা ঢাকা মেডিকেল কলেজ আৰু হাস্পতালত তেওঁৰ মৃত্যু হয়।২
তথ্যসূত্ৰ
- ↑ bn:জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্তদেৰ নামেৰ তালিকা (১৯৭৫-২০১২). Bangladesh Film Development Corporation. Government of Bangladesh
- ↑ (2009-08-07). She caused a flutter in young hearts. The Daily Star
- ↑ Peers recall actress Dolly Anwar. New Age
- ↑ (2008-07-03). 70th birth anniv of actress Dolly Anwar celebrated. The Independent
- ↑ bn:আনোয়াৰ হোসেন. Gunijan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডলি আনোৱাৰ” প্ৰবন্ধৰ সংশোধন ৬১৬৫১৯ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।