ডায়েনা এডলিয়েনে (জন্ম ২ অক্টোবৰ ১৯৫৪ চনত কৌনাছত) লিথুৱেনিয়াৰ এজন অভিযন্তা, চিকিৎসা পদাৰ্থবিজ্ঞানী আৰু ভৌতিক বিজ্ঞানৰ চিকিৎসক। তেওঁ কৌনাছ প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ গণিত আৰু প্ৰাকৃতিক বিজ্ঞান অনুষদৰ অধ্যাপিকা। ১
জীৱন আৰু কৰ্ম
১৯৭৭ চনত ড্ৰেছডেন প্ৰযুক্তি বিশ্ববিদ্যালয় (জাৰ্মানী)ৰ পৰা ভৌতিক ইলেক্ট্ৰনিক্সৰ বিশেষজ্ঞতাৰে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ২ ১৯৭৭–১৯৮৩ চনত তেওঁ লিথুৱেনিয়াত পদাৰ্থ বিজ্ঞান বিভাগৰ আয়নিক ডিভাইচ লেবৰেটৰীৰ মুৰব্বী হিচাপে অধ্যাপনা কৰে আৰু ২০০৮ চনত অধ্যাপিকা হয়। লণ্ডনৰ কিংছ কলেজতো ইন্টাৰনিং কৰিছিল (১৯৯৯),মালমো বিশ্ববিদ্যালয় হাস্পতাল (ছুইডেন), তিনি বছৰৰ বাবে, আৰু ভিলিগেনৰ পি শ্বেৰেৰ ইনষ্টিটিউট (ছুইজাৰলেণ্ড)। ২৩
গৱেষণা
এডলিনেক লিথুৱেনিয়াৰ চিকিৎসা পদাৰ্থ বিজ্ঞানৰ পথ প্ৰদৰ্শক বুলি কোৱা হয়৩ আৰু ২০০৬ চনৰ পৰা বাল্টিক ষ্টেটছত মেডিকেল ফিজিক্স আন্তৰ্জাতিক আলোচনীৰ সংশ্লিষ্ট সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২৩ চিকিৎসা পদাৰ্থ বিজ্ঞানৰ উপৰিও তেওঁৰ গৱেষণাৰ ভিতৰত বিকিৰণ পদাৰ্থ বিজ্ঞান, বিকিৰণ প্ৰদূষণ, নিউক্লিয়াৰ আৰু নিউট্ৰন পদাৰ্থ বিজ্ঞান আৰু ড’জিমেট্ৰি আদি অন্তৰ্ভুক্ত। ২০০৩ চনত কৌনাছ প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে তেওঁ বিশ্ববিদ্যালয়খনৰ চিকিৎসা পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ অধ্যয়ন কাৰ্যসূচীৰ বাবে প্ৰয়োজনীয়তাসমূহ কাৰ্যকৰী কৰে আৰু ইয়াৰ ৰূপায়ণৰ ভেটি স্থাপন কৰাত সহায় কৰে। ৩ তেওঁৰ কামৰ জৰিয়তে তেওঁ লিথুৱেনিয়াত স্তন কেন্সাৰ স্ক্ৰীনিং ডাটাবেছ (MAMOLIT) প্ৰস্তুত আৰু ৰূপায়ণ কৰিছে। তেখেতে পৰিৱেশ আৰু ব্যক্তিৰ ওপৰত আয়নীকৰণ বিকিৰণৰ প্ৰভাৱৰ বিষয়েও বিস্তৃতভাৱে বিশ্লেষণ কৰিছে আৰু গৱেষণাৰ ফলাফলসমূহ লিথুৱেনিয়াৰ এতিয়া বন্ধ হৈ যোৱা ইগনালিনা পাৰমাণৱিক শক্তি কেন্দ্ৰৰ বিকিৰণৰ প্ৰভাৱৰ মূল্যায়নত প্ৰয়োগ কৰিছে। ৪ বৰ্তমান তেওঁ কৌনাছ বিশ্ববিদ্যালয়ৰ আৰ জি "ৰেডিয়েচন এণ্ড মেডিকেল ফিজিক্স"ৰ প্ৰধান গৱেষক। ১
তথ্যসূত্ৰ
- ↑ Prof. Dr. Diana Adlienė. Kaunas University of Technology
- ↑ Klusienė, Virginija. KTU profesorė Diana Adlienė: medicinos fiziko darbas – ekstremali kūryba. Kauno technologijos universitetas
- ↑ Diana Adliene. Science and encyclopedia publication
- ↑ World Nuclear Association - World Nuclear News. www.world-nuclear-news.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডায়েনা এডলিয়েনে” প্ৰবন্ধৰ সংশোধন ৫৯৫২৩৭ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।