জৰ্জ কেণ্টৰ(George Cantor) হৈছে বিশ্বৰ এজন প্ৰসিদ্ধ গণিতজ্ঞ। তেওঁ সংখ্যা তত্ত্বৰ ক্ষেত্ৰত যথেষ্ট নতুন কথা আবিষ্কাৰ কৰিছিল আৰু গণিতৰ এক নতুন শাখা হিচাপে "সংহতি তত্ত্ব" ৰ ভেটি নিৰ্মাণ কৰিছিল।১
জন্ম আৰু বংশ পৰিচয়
১৮৪৫ চনৰ ৩ মাৰ্চত ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গত জৰ্জ কেণ্টৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম জৰ্জ ৱাল্ডেমাৰ কেণ্টৰ আৰু মাকৰ নাম মাৰিয়া আনা বোম।২
শিক্ষা
- ২০৮০ চনত ডাৰ্মষ্টাটৰ ৰিয়েল স্কুলৰ পৰা ডিষ্টিংছনসহ মেট্ৰিক পৰীক্ষা উৰ্ত্তীণ হয়।
- ১৮৬৭ চনত ডক্টৰেট থেচিছ লাভ কৰে।
চাকৰি জীৱন
- ১৮৬৯ চনত হাল্লে বিশ্ববিদ্যালয় নিযুক্তি হয়।
- ১৮৭২ চনত সহকাৰী অধ্যাপক পদলৈ পদন্নতি লাভ কৰে আৰু ১৮৭৯ চনত পূৰ্ণ অধ্যাপক হয়।
অৱদান
১৮৭৪ চনত সংহতি তত্ত্ব প্ৰখ্যাত বিষয়টোৰ ওপৰত কাম কাজ কৰে আৰু সেই চনতে অন এ প্ৰপাৰ্টি অব দি কলেকছন অব অল ৰিয়েল এলজেব্ৰিক নাম্বাৰ্ছ গৱেষণা পত্ৰ প্ৰকাশ কৰে। ১৮৯১ চনত'ডায়েগনেল আৰ্গুমেণ্ট'গৱেষণা পত্ৰ প্ৰকাশ কৰে।
সন্মান
১৯০৪ চনত ৰয়েল ছ'চাইটিয়ে তেওঁলোকৰ সৰ্বোচ্চ সন্মান "ছিলভেষ্টাৰ মেডেল" প্ৰদান কৰে।৩
মৃত্যু
১৯১৮ চনৰ ৬ জানুৱাৰীত জাৰ্মান সাম্ৰাজ্যৰ ছাক্সনি প্ৰদেশিৰ হাল্লেত জৰ্জ কেণ্টৰৰ মৃত্যু হয়।৪
তথ্যসূত্ৰ
- ↑ বিশ্বৰ কুৰি গৰাকী মহান গণিততজ্ঞ, অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ: মে', ২০১৭, পৃষ্ঠা নং: ৬৪
- ↑ বিশ্বৰ কুৰি গৰাকী মহান গণিততজ্ঞ, অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ: মে', ২০১৭, পৃষ্ঠা নং: ৬৪
- ↑ বিশ্বৰ কুৰি গৰাকী মহান গণিততজ্ঞ, অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ: মে', ২০১৭, পৃষ্ঠা নং: ৬৬
- ↑ বিশ্বৰ কুৰি গৰাকী মহান গণিততজ্ঞ, অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ: মে', ২০১৭, পৃষ্ঠা নং: ৬৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৰ্জ কেণ্টৰ” প্ৰবন্ধৰ সংশোধন ৫২৭২৯৯ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।