জোনিনা লিঅ’চডটিৰ (ইংৰাজী ভাষা: Jónína Leósdóttir; জন্ম ১৬ মে', ১৯৫৪) এগৰাকী আইচলেণ্ডিক ঔপন্যাসিক, নাট্যকাৰ আৰু প্ৰাক্তন সাংবাদিক। তেওঁ আইচলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জোহানা চিগুৰ্ডাৰ্ডটিৰৰ (২০০৯–২০১৩) পত্নী।১
তেওঁ এক ডজন নাটক, এঘাৰখন উপন্যাস, দুখন জীৱনী আৰু এখন প্ৰবন্ধ সংগ্ৰহৰ লেখিকা। তেওঁৰ কিতাপসমূহ কেইবাটাও ভাষালৈ অনুবাদ কৰা হৈছে।২
তেওঁ আইচলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জোহানা চিগুৰ্ডাৰ্ডটিৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে, যি আধুনিক ইতিহাসৰ প্ৰথমগৰাকী মুকলি সমকামী চৰকাৰ মুৰব্বী আছিল।৩ ২০১০ চনত আইচলেণ্ডত সমলিংগ বিবাহ বৈধ হোৱাৰ লগে লগে তেওঁলোকে বিবাহপাশত আৱদ্ধ হয়। জোনিনা আৰু জোহানাৰ প্ৰথম দেখা হৈছিল ১৯৮৩ চনত।৪
জোনিনাই ১৯৯২ চনত ৰোচা ইংগোলফচডটিৰৰ জীৱনী প্ৰকাশ কৰিছিল। তেওঁৰ উপন্যাস সুন্দুৰ অগ চামন ১৯৯৩ চনত প্ৰকাশ পায়। এই কিতাপখন পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হোৱা এটি শিশুক কেন্দ্ৰ কৰি লিখা হৈছে। তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বিষয়েও এখন কিতাপ লিখিছে।
তেওঁ আইচলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী আৰু সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু এছেক্স বিশ্ববিদ্যালয়ত কাম কৰিছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ CV: Prime Minister of Iceland Jóhanna Sigurðardóttir. Prime Minister's Office
- ↑ Books. Jónína Leósdótti
- ↑ Brandsma, Elliott. (10 September 2014). We Are All the Same. The Reykjavík Grapevine
- ↑ Voces, Carmen. (April 13, 2014). La esposa de la presidenta. El País
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোনিনা লিঅ’চডটিৰ” প্ৰবন্ধৰ সংশোধন ৬৩০১৮৫ (২৪ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।