অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টিফনি ব্ৰাৰ

টিফনি ব্ৰাৰ (Tiffany Brar) এগৰাকী ভাৰতীয় সমাজ সেৱাকৰ্মী। তেওঁ অক্সিজেনৰ বিষাক্ততাৰ বাবে নৱজাতক অৱস্থাত অন্ধ হৈ পৰিছিল। ব্ৰাৰ হৈছে জ্যোতিৰ্গময় ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক। তেওঁ সকলো বয়সৰ অন্ধ লোকক জীৱন দক্ষতা সম্পৰ্কে শিক্ষা প্ৰদান কৰে।

হালনাগাদ: ১৯ জানুৱাৰী ২০২৫ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

টিফনি ব্ৰাৰ (Tiffany Brar) এগৰাকী ভাৰতীয় সমাজ সেৱাকৰ্মী। তেওঁ অক্সিজেনৰ বিষাক্ততাৰ বাবে নৱজাতক অৱস্থাত অন্ধ হৈ পৰিছিল। ব্ৰাৰ হৈছে জ্যোতিৰ্গময় ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক।১ তেওঁ সকলো বয়সৰ অন্ধ লোকক জীৱন দক্ষতা সম্পৰ্কে শিক্ষা প্ৰদান কৰে। তেওঁ এগৰাকী প্ৰশিক্ষক হোৱাৰ উপৰি বিশেষভাৱে সক্ষম সজাগতাৰ প্ৰচাৰক আৰু এক অন্তৰ্ভুক্তিমূলক সমাজ গঠনৰ পক্ষে সমাজৰ অধিবক্তা।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

টিফনি ব্ৰাৰ জেনেৰেল টি পি এছ ব্ৰাৰ আৰু লেছলি ব্ৰাৰৰ একমাত্ৰ কন্যা। টিফানিৰ জন্ম হৈছিল ভাৰতৰ চেন্নাইত আৰু ডাঙৰ-দীঘল হৈছিল পঞ্জাৱত।৩ তেওঁ টেৰী চিণ্ড্ৰোমত ভুগিছিল আৰু জন্মৰ প্ৰায় ছমাহ পিছতে অন্ধ হৈ পৰিছিল।৪১ দেউতাকৰ জীৱিকাৰ বাবে৪ ব্ৰাৰে ব্যাপকভাৱে এঠাইৰ পৰা আন এঠাইলৈ ভ্ৰমণ কৰিব লগা হৈছিল। এই সময়চোৱাত তেওঁ অন্ধ ব্যক্তি হিচাপে মৌখিক যোগাযোগ গুৰুত্বৰ হোৱাত বহুভাষিক হৈ পৰিছিল।৫৬

শৈশৱকালত, ব্ৰাৰে পাঁচটা ভাৰতীয় ভাষা সৰলভাৱে ক'বলৈ শিকিছিল।৪ তেওঁ গ্ৰেট ব্ৰিটেইনত শিক্ষা আৰম্ভ কৰিছিল। সেইসময়ত তেওঁৰ দেউতাক তাত নিযুক্ত আছিল।৩১ তেওঁৰ পৰিয়াল ভাৰতলৈ উভতি আহাৰ পিছত, ব্ৰাৰে বিদ্যালয়ত অন্ধসকলৰ বাবে, সমন্বিত আৰু সামৰিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। ৪ কেৰালাত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁৰ দেউতাক দাৰ্জিলিঙলৈ স্থানান্তৰিত হয়, য'ত টিফানিয়ে মেৰী স্কট হোম ফৰ দ্য ব্লাইণ্ডত অধ্যয়ন কৰে।৪ এজন অন্ধ ব্যক্তি হিচাপে, ব্ৰাৰে এই বিদ্যালয়খন কঠিন পাইছিল।৪ তেওঁক শ্ৰেণীৰ পিছফালে বহিবলৈ দিয়া হৈছিল আৰু কেতিয়াবা প্ৰশ্নৰ উত্তৰ দিবলৈ অনুমতি দিয়া হোৱা নাছিল। তেওঁৰ ব্ৰেইল টোকাবোৰ হয় পলমকৈ আহিছিল বা কেতিয়াবা দিয়া নহৈছিল। ৪ তেওঁক পিতৃ-মাতৃয়ে আশ্ৰয় আৰু সুৰক্ষা দিছিল। বিদ্যালয়ত, ব্ৰাৰে আন শিক্ষাৰ্থীৰ দ্বাৰা পৃথক্কৰণ আৰু বিচ্ছিন্নতাৰ অনুভৱ কৰিছিল। তেওঁ দ্বাদশ শ্ৰেণীত চিবিএছই ব'ৰ্ড পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছিল।৩

২০০৬ চনত বিদ্যালয় শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত, ব্ৰাৰে কেৰালা বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত থিৰুৱন্তপুৰমৰ চৰকাৰী মহিলা মহাবিদ্যালয়ত ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰীৰ বাবে যোগদান কৰে। ৪ ২০০৯ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ব্ৰাৰে টেলিফোন অপাৰেটৰ হিচাপে ব্ৰেইল উইদাউট বৰ্ডাৰৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে।৭৪ তেওঁ বিভিন্ন সংগঠন সমূহৰে জড়িত হৈ বহুতো দুখীয়া অন্ধ লোকৰ সৈতে পৰিচিত হৈছিল যিসকল অন্ধ হোৱাৰ বাবে তেওঁলোকৰ ঘৰতে আৱদ্ধ থাকিব লগা হৈছিল আৰু উপযুক্ত প্ৰশিক্ষণ লাভ কৰা নাছিল।৪ তেওঁৰ এক ভ্ৰমণ কালত তেওঁ অনুভৱ কৰিছিল যে ৰাস্তাবোৰ পিছল বা শিলেৰে আবৃত, যাৰ ফলত সেইবোৰ অন্ধ লোকৰ বাবে অনুপযুক্ত হৈ পৰে, আৰু ভাৰতৰ কিছু অংশত অন্ধ লোকসকল অসহায় সমাজৰ দ্বাৰা তেওঁলোকৰ ঘৰত আৱদ্ধ হৈ থাকে। ইয়েই তেওঁক অন্ধ আৰু আংশিকদৃষ্টিসম্পন্ন শিশুৰ শিক্ষাত সহায় কৰিবলৈ জ্যোতিৰ্গময় ফাউণ্ডেচন প্ৰতিষ্ঠা কৰাত উদগনি যোগাইছিল।৭কেৰেলাত দৃষ্টিহীন শিশুসকলক পাঠ-চিনাক্তকৰণ ছফ্টৱেৰৰ জৰিয়তে আঞ্চলিক ভাষা মালায়ালমত প্ৰশিক্ষণ দিয়া হয় যদিও ব্ৰেইল বা ইংৰাজী শিকোৱা নহয়। ব্ৰাৰে জ্যোতিৰ্গময় সংস্থাৰ দ্বাৰা এইক্ষেত্ৰত প্ৰচাৰ চলায়। প্ৰণালীটো সলনি কৰিবলৈ দুবছৰ কাম কৰাৰ পিছত, ব্ৰাৰে কইম্বাটুৰৰ শ্ৰী ৰামকৃষ্ণ মিছন বিবেকানন্দ বিশ্ববিদ্যালয়ৰ পৰা বিশেষ শিক্ষা (দৃষ্টিশক্তিৰ দুৰ্বলতা)ত বি.এড. ডিগ্ৰী অৰ্জন কৰিছিল।৩ ২০১২ চনৰ জুলাই মাহত তেওঁ অন্ধসকলৰ বাবে জ্যোতিৰ্গময় (অৰ্থাৎ "পোহৰলৈ লৈ যোৱা") ভ্ৰাম্যমাণ বিদ্যালয় চলাবলৈ আৰম্ভ কৰে। টিফণিয়ে এই সংগঠনৰ ধাৰণাটো তামিলনাডুৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া এন. কৃষ্ণস্বামীৰ পৰা লাভ কৰিছিল। ইয়াৰ দ্বাৰা দৰিদ্ৰতা, বিকলাঙ্গতা বা দূৰত্বৰ দ্বাৰা সীমাবদ্ধ শিশুসকলক সহায়ৰ চেষ্টা কৰা হৈছিল।৭

২০১৮ চনত, ভাৰত চৰকাৰে ৱায়ানাডত বানপানীৰ সময়ত ব্ৰাৰৰ প্ৰচেষ্টাৰ বাবে তেওঁক প্ৰশংসা কৰে। এই বিপদৰ সময়ত তেওঁ সাহায্য শিবিৰৰ বাবে সামগ্ৰী সংগ্ৰহ কৰিছিল।৮ ব্ৰাৰ বৰ্তমান সমগ্ৰ ভাৰত তথা বিদেশত অকলে ভ্ৰমণ কৰিব পৰাকৈ সক্ষম।৯১০

তথ্যসূত্ৰ

  1. ↑ (12 June 2019). Tiffany's next, pre-school for visually impaired kids. Tribuneindia News Service
  2. ↑ Welcome to Jyothirgamaya Foundation! · Jyothirgamaya. www.jyothirgamayaindia.org
  3. ↑ George, Sanu. (10 June 2019). Visually challenged Tiffany Brar has big vision. thehansindia.com
  4. ↑ Krishnan, Madhuvanti S. (7 January 2016). From darkness to light. The Hindu
  5. ↑ Dispelling Darkness- Jyothirgamaya Foundation's Tiffany Brar. The New Indian Express
  6. ↑ Koshy, Sneha Mary. (5 September 2015). Visually Impaired Teacher Helps Others See the World. NDTV.com
  7. ↑ Ramadurai, Charukesi. (29 August 2013). India's mobile school for blind students puts empowerment on the curriculum · Charukesi Ramadurai. The Guardian
  8. ↑ (4 December 2018). Tiffany Brar of Jyothirgamaya Foundation gets Mindtree Helen Keller Award. The New Indian Express
  9. ↑ (2016-01-07). From darkness to light. The Hindu
  10. ↑ (10 November 2017). Tiffany Brar. ইউটিউব

সম্পৰ্কিত শ্ৰেণী

নাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিফনি ব্ৰাৰ” প্ৰবন্ধৰ সংশোধন ৪৬৫১৬৭ (১৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।