ট্ৰেইচি চেইজডিনি (ইংৰাজী ভাষা: Trejsi Sejdini; জন্ম: ৩০ মে', ২০০০) এগৰাকী আলবেনীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ইউনিভাৰ্ছ আলবেনিয়া ২০১৮-ৰ খিতাপ অৰ্জন কৰিছিল১ আৰু মিছ ইউনিভাৰ্ছ ২০১৮-ত আলবেনিয়াক প্ৰতিনিধিত্ব কৰিছিল।১ নিজৰ মাতৃভাষা আলবেনীয়ৰ উপৰি তেওঁ ইটালীয়, ফৰাচী ভাষা আৰু ইংৰাজী ভাষা—এই তিনিটা বিদেশী ভাষা ক’ব পাৰে।
ব্যক্তিগত জীৱন
চেইজডিনিৰ জন্ম ২০০০ চনৰ ৩০ মে'ত আলবেনিয়াৰ এলবাচানত হৈছিল আৰু তেওঁ তিৰানাত বসবাস কৰে। নিজৰ মাতৃভাষা আলবেনীয়ৰ উপৰি তেওঁ ইটালীয়, ফৰাচী আৰু ইংৰাজী—এই তিনিটা বিদেশী ভাষা ক’ব পাৰে। তেওঁ আলবেনিয়াত এগৰাকী মডেল হিচাপে বিভিন্ন ভিডিঅ'ত কাম কৰিছে আৰু ফেৰোৰ গেন গেন তথা মোজিকৰ জেলোজিত অভিনয় কৰিছে। চেইজডিনিয়ে ১৬ বছৰ বয়সত মিছ ইউনিভাৰ্ছ আলবেনিয়া ২০১৬ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ২০১৮ চনৰ জুন মাহত পাল্লাটি ই কংক্ৰেচেভিত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ আলবেনিয়া ২০১৮ প্ৰতিযোগিতাত তেওঁ বিজয়ী হয়। একে সময়তে তেওঁ এগৰাকী ছ’চিয়েল মিডিয়া ইনফুৱেন্সাৰ হিচাপেও সফলতা লাভ কৰে আৰু তাৰ পিছত বিভিন্ন টেলিভিছন অনুষ্ঠানত ভূমুকি মাৰি বিনোদন জগতত প্ৰৱেশ কৰে। তেওঁ ১৮ বছৰ বয়সত ২০১৮ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৮ প্ৰতিযোগিতাত নিজৰ দেশ আলবেনিয়াক প্ৰতিনিধিত্ব কৰিছিল।
সৌন্দৰ্য প্ৰতিযোগিতা
২০১৮ চনৰ ৬ জুনত চেইজডিনিয়ে মিছ ইউনিভাৰ্ছ আলবেনিয়া ২০১৮ হিচাপে মুকুট পিন্ধিছিল।২৩
২০১৮ চনৰ ১৭ ডিচেম্বৰত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৮ প্ৰতিযোগিতাত চেইজডিনিয়ে আলবেনিয়াক প্ৰতিনিধিত্ব কৰিছিল।৪৫৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (November 15, 2018). Trejsi Sejdini: Në "Miss Universe" me klip nga jeta ime e përditshme, do shihni se si unë …. Story.al
- ↑ Trejsi Sejdini shpallet fituese e 'Miss Universe Albania' (FOTOT). Newsbomb.al
- ↑ (June 7, 2018). Trejsi Sejdini shpallet Miss Universe Albania. Telegrafi.com
- ↑ Charlize, Miss. Best of 2018: Miss Universe most likely. BusinessMirror
- ↑ Catriona Gray 🇵🇭 è Miss Universo 2018. Realityhouse.it
- ↑ (December 17, 2018). Catriona Gray wins Miss Universe 2018
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ট্ৰেইচি চেইজডিনি” প্ৰবন্ধৰ সংশোধন ৬০৫৭৬৬ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।