জ্ঞানেন্দ্ৰ প্ৰতাপ সিং (Gyanendra Pratap Singh) অসম-মেঘালয় কেডাৰৰ ১৯৯১ বেটচ্ৰ আইপিএছ বিষয়া|১ তেওঁ অসম আৰক্ষীৰ বৰ্তমানৰ বিশেষ সঞ্চালক প্ৰধান, আৰু আগতে এনআইএত মহাপৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২
এছ.ডি.জি.পি. চাৰ্জৰ উপৰিও, তেওঁ অসমৰ ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে|৩
কেৰিয়াৰ
১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ আইপিএছ সিঙে বিভিন্ন বিভাগত বিভিন্ন ক্ষমতাৰে কাম কৰিছে। তেওঁ কেন্দ্ৰীয় আৰু অসম চৰকাৰ (আৰক্ষী) দুয়োটা ৰ বাবে তলৰ গুৰুত্বপূৰ্ণ পদত সেৱা আগবঢ়াইছে-
- অতিৰিক্ত সঞ্চালক (সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী, অসম)৩
- ইন্সপেক্টৰ জেনেৰেল (এনআইএ)২১
- অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন আৰু শৃংখলা)২৪
- বিশেষ সঞ্চালক প্ৰধান (আইন আৰু শৃংখলা)
- অসমৰ কেইবাখনো জিলাত এছপি
তথ্যসূত্ৰ
- ↑ Singh, Vijaita. (2019-12-13). Centre sends NIA IG G.P. Singh to Assam to quell stir. The Hindu
- ↑ (12 December 2019). NIA top cop GP Singh off to Assam to ‘take charge’ as law and order deteriorates. The Print
- ↑ Key Officials · Vigilance & Anti Corruption · Government Of Assam, India. dgvigilance.assam.gov.in
- ↑ Key Officials (Assam Police HQ) · Assam Police · Government Of Assam, India. police.assam.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্ঞানেন্দ্ৰ প্ৰতাপ সিং” প্ৰবন্ধৰ সংশোধন ৫১০৯৪১ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।