জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
স্নেহা শ্ৰেষ্ঠ (শিল্পী)
স্নেহা শ্ৰেষ্ঠ (स्नेहा श्रेष्ठ) হৈছে এগৰাকী নেপালী সমসাময়িক দৃশ্য শিল্পী, পথ শিল্পী, শিক্ষাবিদ, আৰু কলা প্ৰশাসক। তেওঁ নেপালৰ শিশু কলা সংগ্ৰহালয় নামৰ সংগ্ৰহালয়টিৰ প্ৰতিষ্ঠাপক। তেওঁ ইমাজিন উপনামেৰে দেৱাল লিখনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত।
-
স্বস্তিকা মুখাৰ্জী
স্বস্তিকা মুখাৰ্জী (বাংলা: স্বস্তিকা মুখোপাধ্যায়; জন্ম: ১৩ ডিচেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত বাংলা আৰু হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনত অভিনয় কৰে। তেওঁ অভিনেতা সন্তু মুখাৰ্জীৰ কন্যা।
-
স্বস্তিমা খড়কা
স্বস্তিমা খড়কা (দেৱনাগৰীত: स्वस्तिमा खड्का; জন্ম ৪ জুলাই ১৯৯৫) নেপালী ছবিত কাম কৰাৰ বাবে বেছিকৈ পৰিচিত এগৰাকী নেপালী অভিনেত্ৰী। লাভ লাভ লাভ (২০১৭) , চক্কা পাঞ্জা ২ (২০১৭) , নাই নভন্নু ল ৫ (২০১৮) আৰু বুলবুল (২০১৯) ছবিত অভিনয় কৰিছে।
-
স্বাতি মোহন
ড° স্বাতি মোহন এগৰাকী ভাৰতীয়-আমেৰিকান মহাকাশ অভিযন্তা আৰু নাচা মঙ্গল ২০২০ ৰ মিচনৰ পথপদৰ্শন আৰু চলাচল নিয়ন্ত্ৰণৰ অধ্যক্ষা আছিল।
-
স্বাতী কিৰণ
স্বাতী কিৰণ (Swati Kiran) হৈছে এগৰাকী প্ৰবন্ধকাৰ, সাহিত্য সমালোচক, অনুবাদক। তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী প্ৰাধ্যাপক। গৰীয়সী, সাতসৰী, প্ৰকাশ আদিকে ধৰি সাম্প্ৰতিক সময়ৰ অসমৰ প্ৰায়বোৰ কাকত আলোচনীত স্বাতী কিৰণৰ প্ৰবন্ধ, সমালোচনা আৰু অনুবাদ গল্প আদি প্ৰকাশ পাইছে।
-
স্বাতী নাৰায়ণন
স্বাতী নাৰায়ণন (Swathy Narayanan) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ মূলতঃ তামিল আৰু মালয়ালম চলচ্চিত্ৰ উদ্যোগত অভিনয় কৰি পৰিচিতি লাভ কৰিছে। ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত মালয়ালম চলচ্চিত্ৰ বসন্তিয়ম লক্ষ্মিয়ম পিন্নে ঞ্জানুমৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ ছু.. ছু...
-
স্বাতী ভিসে
স্বাতী ভিসে (ইংৰাজী: Swati Bhise; জন্ম: ২১ অক্টোবৰ ১৯৫৯) এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য পৰিচালক, শিক্ষাবিদ, প্ৰযোজক, পৰিচালক, লেখিকা আৰু কলা প্ৰচাৰক।
-
স্বাতী মালিয়াল
স্বাতী মালিৱাল (Swati Maliwal; জন্ম:-১৫ অক্টোবৰ ১৯৮৪) এগৰাকী সমাজ কৰ্মী আৰু ৰাজনীতিবিদ। বৰ্তমান তেওঁ দিল্লীক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভাত সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
স্বাতী ৰেড্ডী
স্বাতী ৰেড্ডী (ইংৰাজী: Swathi Reddy; জন্ম: ১৯ এপ্ৰিল ১৯৮৭) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকা, যিয়ে প্ৰধানকৈ তেলুগু ছবিৰ লগতে তামিল আৰু মালয়ালম ছবিত কাম কৰিছিল। তেওঁ ২৯খনতকৈও অধিক ছবিত অভিনয় কৰিছে।
-
স্বামী প্ৰণৱানন্দ
স্বামী প্ৰণৱানন্দ (স্বামী প্ৰণবানন্দ; स्वामी प्रणवानन्द; ), (২৪ ফেব্ৰুৱাৰী ১৮৯৬ – ৮ জানুৱাৰী ১৯৪১) এগৰাকী হিন্দু যোগী আৰু সন্ত, যাক যুগাচাৰ্য্য শ্ৰীমৎ স্বামী প্ৰণৱানন্দ জী মহাৰাজ বুলিও জনা যায়। তেওঁ ভাৰত সেৱাশ্ৰম সংঘ নামেৰে জনাজাত এটি অলাভজনক আধ্যাত্মিক সংগঠনৰ প্ৰতিষ্ঠা কৰিছিল।
-
স্বাসিকা
পূজা বিজয় (জন্ম: ৫ নৱেম্বৰ ১৯৯১), যিজনী পেছাগতভাৱে নিজৰ মঞ্চ নাম স্বাসিকা (ইংৰাজী: Swasika) নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকা। তেওঁ মুখ্যত মালয়ালম চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিকত সহযোগী চৰিত্ৰত অভিনয় কৰাৰ উপৰি কেইখনমান তামিল ছবিতো অভিনয় কৰিছে।
-
স্বৰাজ বিদ্বান
স্বৰাজ বিদ্বান (Swaraj Bidwan) এজন ভাৰতীয় সমাজকৰ্মী আৰু অপ্ৰতিনিধিত্বশীল লোকৰ কৰ্মী। ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগৰ প্ৰাক্তন সদস্য ৷ দুৰ্বল আৰু প্ৰান্তীয় গোটৰ সৈতে কৰা কামৰ বাবে ভাৰত চৰকাৰে তেওঁক নাৰী শক্তি সন্মানেৰে সন্মানিত কৰে।
-
স্বৰাজবীৰ সিং
স্বৰাজবীৰ সিং (জন্ম ২৪ এপ্ৰিল ১৯৫৮) এজন ভাৰতীয় পাঞ্জাবী নাট্যকাৰ, কবি, প্ৰশাসক আৰু সম্পাদক। মছিহা দি ৰাত (২০১৬) নাটকৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে। ২০১৮ চনৰ ৩১ আগষ্টৰপৰা ২০২৪ চনৰ ১৩ জানুৱাৰীলৈকে তেওঁ দৈনিক কাকত পাঞ্জাবী ট্ৰিবিউনৰ সম্পাদক আছিল।
-
স্বৰূপ ধ্ৰুৱ
স্বৰূপ ধ্ৰুৱ (ইংৰাজী: Saroop Dhruv; জন্ম: ১৯ জুন ১৯৪৮) ভাৰতৰ গুজৰাটৰ এগৰাকী শিক্ষাবিদ, কবি আৰু সক্ৰিয় কৰ্মী।
-
স্বৰূপ সম্পত
ড° স্বৰূপ ৰাৱাল (জন্ম নাম: সম্পত; জন্ম: ৩ নৱেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে কেইবাখনো হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে। নৰম গৰম আৰু নখুদা ছবিত অভিনয় কৰাৰ লগতে য়েহ জো হায় জিন্দেগীৰ দৰে টেলিভিছন ধাৰাবাহিকত অভিনয়ৰ কৰি তেওঁ জন-পৰিচিতি লাভ কৰে।
-
স্বৰ্ণলতা ৰংগৰাজন
স্বৰ্ণলতা ৰংগৰাজন (ইংৰাজী: Swarnalatha Rangarajan) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু লেখিকা। তেওঁ বিশেষকৈ পৰিৱেশ-সমালোচনা আৰু পৰিৱেশীয় কল্পকাহিনীৰ ক্ষেত্ৰত বিশেষজ্ঞ। তেওঁ পৰিৱেশ-সমালোচনাৰ ওপৰত এখন গৱেষণা গ্ৰন্থ লিখাৰ লগতে পৰিৱেশ-সমালোচনা আৰু ইকোছফীৰ ওপৰত কেইবাখনো কিতাপ আৰু আলোচনী সম্পাদনা কৰিছে।
-
স্বৰ্ণা আক্তাৰ
স্বৰ্ণ আক্তাৰ (ইংৰাজী: Shorna Akter) (জন্ম: ১ জানুৱাৰী, ২০০৭) এগৰাকী বাংলাদেশী ক্ৰিকেটাৰ। তেওঁ বাংলাদেশ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ হৈ সোঁহতীয়া লেগ স্পিন বলাৰ আৰু সোঁহতীয়া বেটছমেন হিচাপে খেলে।
-
স্মিতা টাণ্ডী
স্মিতা টাণ্ডী (: Smita Tandi; জন্ম প্ৰায় ১৯৯২) ছত্তীশগড় ৰাজ্যৰ এগৰাকী ভাৰতীয় আৰক্ষী কনিষ্টবল। চিকিৎসাৰ বাবে ধন দিব নোৱাৰা লোকসকলক সহায়ৰ বাবে এটা পুঁজি স্থাপন কৰি মানৱীয় প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে ২০১৬ চনৰ নাৰী শক্তিপুৰস্কাৰ লাভ কৰে।
-
স্মিতা থাকৰে
স্মিতা থাকৰে: Smita Thackeray;এগৰাকী ভাৰতীয় সমাজ কৰ্মী তথা চলচ্চিত্ৰ প্ৰযোজক। ৰাহুল প্ৰডাকচন আৰু মুক্তি ফাউণ্ডেশ্যনৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক। মহিলা সুৰক্ষা, এইচ আই ভি/এইডছ সজাগতা আৰু মহিলা সকলৰ শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আহিছে।
-
স্মিতা ৰাও বেলুৰ
স্মিতা ৰাও বেলুৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীত, বিশেষকৈ খেয়াল ধাৰা আৰু চুফী ভক্তি সংগীতৰ এগৰাকী ভাৰতীয় গায়িকা। তেওঁ কিৰণ ঘৰাণাৰ সৈতে জড়িত, যিটো জয়পুৰৰপৰা উৎপত্তি হোৱা এটা বিশিষ্ট সংগীত ধাৰা।
-
স্মৃতা জৈন
স্মৃতা জৈন (জন্ম: ৩১ জানুৱাৰী ১৯৮৩, ভাৰতৰ নতুন দিল্লীত) বৰ্তমান নিউয়ৰ্ক চহৰত বাস কৰা এগৰাকী ভাৰতীয় ডিজাইনাৰ, শিল্পী, ফটোগ্ৰাফাৰ, কবি, লেখক আৰু ডিজাইনৰ শিক্ষাবিদ। তেওঁ দুখন কিতাপ ৰচনা আৰু ডিজাইন কৰিছে। সেইকেইখন হৈছে: ফেট ফ্ৰী চিংৰা (২০১৮ চনত মুক্তি পোৱা) আৰু ক্ৰিয়েটিং দুৰ্গা (২০১৩)।
-
স্মৃতি নাগপাল
স্মৃতি নাগপাল (: Smriti Nagpal )এগৰাকী ভাৰতীয় টেলিভিছন উপস্থাপক, সাংকেতিক ভাষাৰ দোভাষী, আৰু সামাজিক উদ্যোগী মহিলা। তেওঁ দূৰদৰ্শন নেটৱৰ্কত কাম কৰিছিল য’ত বিশেষকৈ সাংকেতিক ভাষাৰ মাধ্যমে শ্ৰৱণ প্ৰতিবন্ধী লোকসকলৰ বাবে যোগাযোগ আৰু তথ্যৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত ৰাতিপুৱাৰ বাতৰিৰ বুলেটিন উপস্থাপন…
-
স্মৃতি মোৰাৰকা
স্মৃতি মোৰাৰকা: Smriti Morarka;হাতেৰে বোৱা কাপোৰ পুনৰুজ্জীৱিত কৰি মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰা এগৰাকী ভাৰতীয় সমাজ কৰ্মী। ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা তেখেতে আগবঢ়োৱা আদৰ্শৰ স্বীকৃতি স্বৰূপে "মহিলা শক্তি বঁটা" নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰে।
-
সৰগম কৌশল
সৰগম কৌশল (ইংৰাজী: Sargam Koushal; জন্ম: ২০ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী যিয়ে ২০২২ চনত মিচেছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিছিল।
-
সৰজুবালা দেবী
সৰজুবালা দেৱী ( Samjetsabam Sarjubala Devi; জন্ম: ১ মাৰ্চ ১৯৯৩) মণিপুৰৰ এগৰাকী ভাৰতীয় মহিলা বক্সাৰ আৰু ২০১৬ চনৰ ৰিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
সৰলা গ্ৰেৱাল
সৰলা গ্ৰেৱাল (: Sarla Grewal ৪ অক্টোবৰ ১৯২৭ – ২৯ জানুৱাৰী ২০০২) ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল, যেতিয়া তেওঁ ১৯৫২ চনত আই এ এছত যোগদান কৰিছিল।মধ্যপ্ৰদেশৰ ৰাজ্যপাল (১৯৮৯–১৯৯০) আছিল। ৰাজীৱ গান্ধীৰ প্ৰধান সম্পাদিকা আছিল।
-
সৰলা বিৰলা
সৰলা বিৰলা ( ইংৰাজী: Sarala Birla; ২৩ নৱেম্বৰ ১৯২৩ – ২৮ মাৰ্চ ২০১৫ ) ভাৰতীয় উদ্যোগপতিৰ বিৰলা পৰিয়ালৰ এগৰাকী ভাৰতীয় ব্যৱসায়ী বিশিষ্ট সদস্য আছিল। ৰাজহুৱা শিক্ষাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল আৰু স্বামীৰ সৈতে পৰিয়ালৰ সংঘবদ্ধ সংস্থাটোৰ দ্বাৰা সমৰ্থিত প্ৰায় ৪৫খন শিক্ষানুষ্ঠানৰ সহ-প্ৰতিষ্ঠা কৰাৰ…
-
সৰস্বতী গোড়া
সৰস্বতী গোড়া (Saraswathi Gora; ২৮ ছেপ্টেম্বৰ ১৯১২ – ১৯ আগষ্ট ২০০৬) হ'ল এগৰাকী ভাৰতীয় সমাজকৰ্মী যিগৰাকীয়ে বহু বছৰ ধৰি নাস্তিক কেন্দ্ৰৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, অস্পৃশ্যতা আৰু জাতি ব্যৱস্থাৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল।
-
সৰস্বতী বিশ্বেশ্বৰ
সৰস্বতী বিশ্বেশ্বৰ (Saraswathi Vishveshwara; জন্ম ১৯৪৬) আণৱিক জৈৱপদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত বিশেষজ্ঞতা থকা ভাৰতীয় জৈৱপদাৰ্থবিজ্ঞানী। তেওঁ বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ মলিকুলাৰ বায়’ফিজিক্স ইউনিটৰ অধ্যাপিকা।
-
সৰস্বতী ৰানে
সৰস্বতী ৰানে ( Saraswati Rane; ৪ অক্টোবৰ, ১৯১৩ - ১০ অক্টোবৰ, ২০০৬) হিন্দুস্তানী শাস্ত্ৰীয় ধাৰাৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ কিৰানা ঘৰাৰ প্ৰতিষ্ঠাপক ওস্তাদ আব্দুল কৰিম খানৰ কন্যা। তেওঁৰ পৰিয়ালৰ দীঘলীয়া আৰু মহান সংগীতৰ পৰম্পৰা আছিল।