অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্নেহা শ্ৰেষ্ঠ (শিল্পী)

স্নেহা শ্ৰেষ্ঠ (स्नेहा श्रेष्ठ) হৈছে এগৰাকী নেপালী সমসাময়িক দৃশ্য শিল্পী, পথ শিল্পী, শিক্ষাবিদ, আৰু কলা প্ৰশাসক। তেওঁ নেপালৰ শিশু কলা সংগ্ৰহালয় নামৰ সংগ্ৰহালয়টিৰ প্ৰতিষ্ঠাপক। তেওঁ ইমাজিন উপনামেৰে দেৱাল লিখনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ২৩১ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

স্নেহা শ্ৰেষ্ঠ (स्नेहा श्रेष्ठ) হৈছে এগৰাকী নেপালী সমসাময়িক দৃশ্য শিল্পী, পথ শিল্পী, শিক্ষাবিদ, আৰু কলা প্ৰশাসক। তেওঁ নেপালৰ শিশু কলা সংগ্ৰহালয় নামৰ সংগ্ৰহালয়টিৰ প্ৰতিষ্ঠাপক। তেওঁ ইমাজিন উপনামেৰে দেৱাল লিখনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত।

জীৱনী

শ্ৰেষ্ঠই নেপালৰ কাঠমাণ্ডুত জন্মগ্ৰহণ কৰিছিল।১ ২০১০ চনত পেনচিলভেনিয়াৰ গেটিছবাৰ্গৰ গেটিছবাৰ্গ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত শ্ৰেষ্ঠই মেছাচুচেটছৰ বষ্টনলৈ গুচি যায়।১২ ২০১৭ চনত হাৰ্ভাৰ্ড গ্ৰেজুৱেট স্কুল অৱ এডুকেশ্যনৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩৪

বৰ্তমান তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মিত্তল ইনষ্টিটিউটত কলা কাৰ্যসূচী পৰিচালক হিচাপে কাম কৰে।৫৬ দেৱাল লিখনৰ কামসমূহৰ বাবে তেওঁ "ইমাজিন" নামেৰে স্বাক্ষৰ কৰে, যিটো তেওঁৰ মাকৰ নামৰ ইংৰাজী অনুবাদ।১

কৰ্মজীৱন

নেপালৰ শিশু কলা সংগ্ৰহালয়

শ্ৰেষ্ঠই ২০১৩ চনত ৱৰ্ল্ড লাৰ্নিঙৰ সহযোগত নেপালৰ শিশু কলা সংগ্ৰহালয় নামৰ সংগ্ৰহালয়টি প্ৰতিষ্ঠা কৰিছিল।৭৮৯

দেৱাল লিখন

দেৱাল লিখনৰ কামসমূহত শ্ৰেষ্ঠই নেপালী বৰ্ণমালাৰ ব্যৱহাৰ কৰে। সংস্কৃত শাস্ত্ৰসমূহৰ পৰা তেওঁ এনে কাম কৰাৰ অনুপ্ৰেৰণা পায়।৫১১০ শ্ৰেষ্ঠই এই কামবোৰক "কেলিগ্ৰাফিটি" বুলি অভিহিত কৰে, যি হৈছে কেলিগ্ৰাফী আৰু গ্ৰাফিটি শব্দ দুটাৰ এক মিশ্ৰণ।১১

তেওঁ ইষ্টানবুল, কাঠমাণ্ডু আৰু বালিকে ধৰি বিশ্বৰ বিভিন্ন ঠাইত বহুতো মিউৰেল অংকন কৰিছে।১০৯ যাৰ ভিতৰত কেম্ব্ৰিজ আৰু বষ্টনৰ "ফৰ কেম্ব্ৰিজ উইথ লাভ ফ্ৰম নেপাল", "ছায়া পত্ৰী (দ্য ৱান উইথ এ হাণ্ড্ৰেড পেটালছ)",১১২ নৰ্থইষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ "ন'লেজ ইজ পাৱাৰ"১৩ আদি উল্লেখযোগ্য।

তেওঁলোকৰ শিল্পীৰ সমষ্টিগত সংগ্ৰহৰ অংশ হিচাপে তেওঁ ৰিবককে ধৰি বিভিন্ন কোম্পানীৰ লগত সহযোগিতা কৰিছে। যাৰ ভিতৰত ট্ৰিপএডভাইজাৰ, ৰেড বুল আৰু বষ্টন ক্ৰাফ্ট ব্ৰুৱেৰী এৰ'নাউট ব্ৰিউয়িং কোম্পানী আদি উল্লেখযোগ্য।২১৪

বঁটা আৰু সন্মান

২০১৮ চনত তেওঁ বষ্টনৰ আৰ্টিষ্ট-ইন-ৰেচিডেন্স হিচাপে নিৰ্বাচিত হয়।১৩১৫ ২০১৯ চনত বষ্টন মিউজিয়াম অৱ ফাইন আৰ্টৰ কমিউনিটি আৰ্টছ ইনিচিয়েটিভ আৰ্টিষ্ট প্ৰজেক্টৰ বাবে নিৰ্বাচিত শিল্পীসকলৰ ভিতৰত অন্যতম আছিল তেওঁ।১৬১৭

তেওঁৰ কামসমূহ কেপিটেল ৱান, ফিডেলিটি ইনভেষ্টমেণ্টছ, গুগল আৰু ফেইচবুকৰ ব্যক্তিগত সংগ্ৰহত ৰখা হৈছে।৩

প্ৰদৰ্শনী

একক প্ৰদৰ্শনী

  • ২০১৯: গোল্ডেন ইকুইনক্স, ছিমনছ ইউনিভাৰ্চিটি ট্ৰাষ্টমেন গেলেৰী।১১১০
  • ২০১৯: মাইণ্ডফুল মণ্ডলাছ, মিউজিয়াম অৱ ফাইন আৰ্টছ, বষ্টন।৩১৮১৯
  • ২০১৮: মন্ত্ৰ: স্নেহা শ্ৰেষ্ঠ, ডিষ্টিলেৰী গেলেৰী, বষ্টন।২০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Shea, Andrea. (March 27, 2019). Sneha Shrestha, AKA 'Imagine,' Brings Her Native Alphabet To Boston's Burgeoning Street Art Scene. www.wbur.org
  2. ↑ Graffiti for good. Gettysburg College
  3. ↑ Imagine. Isabella Stewart Gardner Museum
  4. ↑ (2019). Ashcharya: An Exhibition. Harvard Library
  5. ↑ Weston, Tori. (May 2020). IMAGINE, May Artist of the Month. Somerville Arts Council
  6. ↑ (2019). Alphabets of the Imagination Workshop with Artist IMAGINE (AKA Sneha Shrestha). Boston Children's Museum
  7. ↑ IMAGINE. Pow! Wow! Worldwide!
  8. ↑ (2015-10-23). World Learning Celebrates 2015 Advancing Leaders Fellows in San Francisco. Medium
  9. ↑ Khvan, Olga. (November 6, 2013). Boston Street Artist to Open First Children's Art Museum in Nepal. Boston
  10. ↑ (2019). Golden Equinox. Trustman Gallery Simmons University
  11. ↑ (2019). Simmons University presents "Golden Equinox" featuring work by IMAGINE (a.k.a. Sneha Shrestha) (03/27/19). The Boston Calendar
  12. ↑ Spotlight: IMAGINE Mural: Saya Patri (One with a Hundred Petals). Zone 3 Western Ave
  13. ↑ (2018). Knowledge is Power. Northeastern University
  14. ↑ Guy, Ovadia. (2018-11-02). Profile: artist Sneha Shrestha discusses new exhibit at The Distillery Gallery. The Huntington News
  15. ↑ (2018-01-31). Sneha Shrestha. City of Boston
  16. ↑ (2020). Walking Tour with Artist IMAGINE. Museum of Fine Arts, Boston
  17. ↑ Icasiano, Spencer. (September 25, 2019). Sneha Shrestha Wants 'Mindful Mandalas' To Be 'A Source Of Pride' For Boston's Young Artists. W-BUR
  18. ↑ (2019). Community Arts Initiative: Mindful Mandalas. Museum of Fine Arts, Boston
  19. ↑ (2019). The Making of "Mindful Mandalas". Museum of Fine Arts, Boston
  20. ↑ Kryjak, William. (2018-10-30). Went There: Mantra, Sneha Shrestha. BOSTON HASSLE

সম্পৰ্কিত শ্ৰেণী

নেপালৰ ব্যক্তিচিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্নেহা শ্ৰেষ্ঠ (শিল্পী)” প্ৰবন্ধৰ সংশোধন ৫৯৭০৫৭ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।