অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্মৃতা জৈন

স্মৃতা জৈন (জন্ম: ৩১ জানুৱাৰী ১৯৮৩, ভাৰতৰ নতুন দিল্লীত) বৰ্তমান নিউয়ৰ্ক চহৰত বাস কৰা এগৰাকী ভাৰতীয় ডিজাইনাৰ, শিল্পী, ফটোগ্ৰাফাৰ, কবি, লেখক আৰু ডিজাইনৰ শিক্ষাবিদ। তেওঁ দুখন কিতাপ ৰচনা আৰু ডিজাইন কৰিছে। সেইকেইখন হৈছে: ফেট ফ্ৰী চিংৰা (২০১৮ চনত মুক্তি পোৱা) আৰু ক্ৰিয়েটিং দুৰ্গা (২০১৩)।

হালনাগাদ: ২৬ জানুৱাৰী ২০২৬ ৬৮৩ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

স্মৃতা জৈন১ (জন্ম: ৩১ জানুৱাৰী ১৯৮৩, ভাৰতৰ নতুন দিল্লীত) বৰ্তমান নিউয়ৰ্ক চহৰত বাস কৰা এগৰাকী ভাৰতীয় ডিজাইনাৰ, শিল্পী, ফটোগ্ৰাফাৰ, কবি, লেখক আৰু ডিজাইনৰ শিক্ষাবিদ। তেওঁ দুখন কিতাপ ৰচনা আৰু ডিজাইন কৰিছে। সেইকেইখন হৈছে: ফেট ফ্ৰী চিংৰা (২০১৮ চনত মুক্তি পোৱা) আৰু ক্ৰিয়েটিং দুৰ্গা (২০১৩)। দুয়োখন 'সুৰমৃত গেলেৰী অফ আৰ্ট এণ্ড ডিজাইন'ৰ দ্বাৰা প্ৰকাশিত।২

নিউয়ৰ্ক, লণ্ডন আৰু ভাৰতত তেওঁৰ শিল্পকৰ্ম প্ৰদৰ্শিত হৈছে।৩এগৰাকী সাংস্কৃতিক তথ্যচিত্ৰ ফটোগ্ৰাফাৰ হিচাপে তেওঁৰ প্ৰথমখন গ্ৰন্থ 'ক্ৰিয়েটিং দুৰ্গা'ই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে আনহাতে দ্বিতীয়খন গ্ৰন্থ 'ফেট ফ্ৰী চামোছা' নামৰ আত্মজীৱনীখন ২০১৮ চনত মুক্তি লাভ কৰে। স্মৃতা জৈনে কাড লণ্ডন ২০১৭ (KADLondon2017 ) নামৰ সৃষ্টিশীলতাৰ সন্মিলনত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰাৰ লগতে মহিলা আৰু ছোৱালীৰ গোলকীয় স্থিতিতো বক্তব্য ৰাখিছিল। তেওঁ প্ৰাট ইনষ্টিটিউট, জেভিটছ চেণ্টাৰ, কুইন্স মিউজিয়াম, দ্য জুলিয়ানা কাৰাণ টেৰিয়ান ডিজাইন চেণ্টাৰ পেভিলিয়ন, দ্য আৰ্থাৰ এম বাৰ্গাৰ আৰ্ট গেলেৰী, আৰু দ্য নেহৰু চেণ্টাৰ লণ্ডনত প্ৰদৰ্শন কৰিছে।

এগৰাকী ডিজাইনাৰ হিচাপে স্মৃতা জৈনে উইলবাৰ-এলিছ, ফাইনেন্সিয়েল একাউণ্টিং ফাউণ্ডেচন, আৰ্নষ্ট এণ্ড ইয়ং, ৱেবএমডি, মানচেষ্টাৰ ডিজাইনাৰ আউটলেট, গুগল, জেডিআৰএফ, টাইকো, ৰকফেলাৰ চেণ্টাৰ কলেৱৰেটিভ ৰিচাৰ্চ চেণ্টাৰ, নাস্কাৰ হল অফ ফেম, ভাৰতীয় পৰ্যটন মন্ত্ৰালয়ৰ দৰে প্ৰতিষ্ঠান আৰু উচ্চতম ন্যায়ালয়ৰ সংগ্ৰহালয়ৰ সৈতে কাম কৰিছে। তেখেতে জিডিইউএছএ,৪ক্ৰিয়েটিভিটি ইণ্টাৰনেশ্যনেল,৫ ছামিট ইণ্টাৰনেশ্যনেল ক্ৰিয়েটিভ,৬লণ্ডন ইণ্টাৰনেশ্যনেল ক্ৰিয়েটিভ,৭ and Design Firms.৮আৰু ডিজাইন ফাৰ্মছৰ৯ পৰা ইতিমধ্যে কেইবাটাও বঁটা লাভ কৰিছে। বৰ্তমান প্ৰাট প্ৰতিষ্ঠানৰ অতিথি সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত স্মৃতা জৈনে ২০২৩ চনৰ বসন্তৰ/spring পৰা শিক্ষকতা আৰম্ভ কৰিছে।

প্ৰাথমিক জীৱন

২০০৫ চনত আপিজয় ইনষ্টিটিউট অৱ ডিজাইনৰ পৰা গ্ৰাফিক্সত মেজৰ সহ ডিজাইনত স্নাতক ডিগ্ৰী সমাপ্ত কৰাৰ পিছত স্মৃতা জৈনে নতুন দিল্লীত অৱস্থিত লাজপত নগৰত এটা বিজ্ঞাপন সংস্থা ডিজাইন ৱৰ্কশ্বপৰ সৈতে কাম কৰিছিল। ২০০৭ চনত তেওঁ এন ৱাইৰ প্ৰাট ইনষ্টিটিউটত মাষ্টাৰছ ইন চাইন্স ফৰ কমিউনিকেচন ডিজাইন প্ৰগ্ৰেমত প্ৰৱেশ কৰি ২০১০ চনত স্নাতক ডিগ্ৰী লাভ কৰে।১০

দ্য একুৱাৰিঅ গ্ৰুপ

নিউয়ৰ্কৰ মুখ্য কাৰ্যালয়ৰ লগত স্থাপিত 'দ্য একুৱাৰিঅ গ্ৰুপ' (টি এ জি) হৈছে ভাৰতৰ নতুন দিল্লীত অৱস্থিত দ্বিতীয়খন ডিজাইন আৰু বিপণনত বিশেষজ্ঞ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতিপ্ৰাপ্ত কৌশলগত যোগাযোগ প্ৰতিষ্ঠান।১১এই বছৰ, এআইজিএ-ৰ দ্বাৰা স্মৃতা জৈনক ডিজাইন লিডাৰ হিচাপে মনোনীত কৰা হৈছিল।১২

সুৰমৃত গেলেৰী অফ আৰ্ট এণ্ড ডিজাইন

সুৰমৃত গেলেৰী অফ আৰ্ট এণ্ড ডিজাইন হৈছে নিউয়ৰ্কৰ ব্ৰুকলিন আৰু ম্যানহাটানত অৱস্থিত এক শিল্পী-চালিত আৰ্ট গেলেৰী। ইয়াক ২০১৪ চনৰ মে মাহত অঞ্চলটোৰ প্ৰথম ব্যক্তিগত আৰ্ট গেলেৰী হিচাপে জাৰ্চি চিটিৰ নিউপৰ্টত মুকলি কৰা হৈছিল। আৰম্ভণিৰে পৰা গেলেৰীখনে অসংখ্য কলা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে আৰু বিশ্বজুৰি বহুতো প্ৰদৰ্শনীৰ আয়োজন কৰিছে।[13]

কৰ্ম

ক্ৰিয়েটিং দুৰ্গা (২০১৩): ভাৰতৰ বৈদিক সংস্কৃতি, ইয়াৰ দেৱতা আৰু ধৰ্মীয় কাহিনী বোৰ দেখুওৱা এখন ফটো কিতাপ। স্মৃতা জৈনে উত্তৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ দেৱতা দুৰ্গাৰ কাহিনী পাঠ আৰু আলোকচিত্ৰ দুয়োটাতে বৰ্ণনা কৰিছে।১৩

ফেট ফ্ৰী চামোছা (২০১৮): দ্য চিটিজেনৰ মতে: "স্মৃতা জৈনে তেওঁৰ কিতাপখনত ফেট শ্বেমিং, উৎপীড়ন আৰু বিবাহৰ বিষয়বোৰৰ কথা কৈছে। এজন ব্যক্তিৰ মনটোক প্ৰতিনিধিত্ব কৰা চিংৰাটো সামাজিক অপৰিচ্ছন্নতাৰ দ্বাৰা ফুলি উঠিছে। তেওঁ বৰ্ণবাদ, যৌনতাবাদ, বৈষম্য আদিৰ বিষয়ে লিখিছে। গ্ৰন্থখন ভাৰতৰ ৰক্ষণশীল পৰিৱেশত ডাঙৰ-দীঘল হোৱা আৰু নিউয়ৰ্কলৈ যোৱা স্মৃতা জৈনৰ জীৱন-কাহিনী হৈ পৰিছে, য'ত তেওঁ কিছুমান প্ৰত্যাহ্বানৰো মুখামুখি হৈছিল। "১৪

নাৰীবাদ

স্মৃতা জৈনৰ ব্যক্তিগত কামত নাৰীবাদ আৰু সৱলীকৰণৰ এক ইতিবাচক দিশ গভীৰভাৱে সঞ্চাৰিত।১৫সখী আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত স্মৃতাই তেওঁৰ 'ফেট ফ্ৰী চিংৰা' নামৰ কিতাপখন সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়। তেওঁ অনুভৱ কৰিছিল যে- "আমাৰ সমাজত জাতি, জাতি আৰু ধৰ্মৰ ইমানবোৰ সমস্যা আছে যে মই মোৰ কাহিনী কোৱাৰ এক শক্তিশালী প্ৰয়োজনীয়তা অনুভৱ কৰিছিলো।" নিজকে চৰ্বিমুক্ত ৰাখিবলৈ চৰ্বিমুক্ত চালাড ক্ৰয় কৰাটোৱেই পৰ্যাপ্ত নহয়। আমাৰ মন আৰু আত্মাত যিবোৰ চৰ্বি জমা হৈ আছে (বৰ্ণবাদ, যৌনতা, জাতি আৰু শ্ৰেণীৰ ওপৰত আধাৰিত বৈষম্য, ধনী/দুখীয়াৰ তুলনা, চৰ্বিৰ লজ্জা, বডী শ্বেমিং আৰু আন বহুতো সমস্যা) সেইয়া নিৰ্মূল কৰাটো প্ৰয়োজন।" ১৬

'নাৰীবাদী বুধবাৰীয়া' নামৰ এটা ৱেবছাইটে স্মৃতা জৈনক নিমন্ত্ৰণ কৰিছিল।১৭আস্ক আৰ্টিষ্টসকলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত স্মৃতাই সৰুৰে পৰাই স্বাধীনতাৰ বিষয়ে আলোচনা কৰি উল্লেখ কৰিছিল যে "মোৰ সদায় এটা স্বতন্ত্ৰ চিন্তাধাৰা আছিল, যিয়ে মোক নিজৰ সিদ্ধান্তত উপনীত কৰোৱাইছিল।" ১৮

বক্তব্য

স্মৃতা জৈনে ২০১৭ চনৰ মাৰ্চত ক্ৰিষ্টোফাৰ নিউপোৰ্ট বিশ্ববিদ্যালয়ত মহিলা আৰু ছোৱালীৰ গোলকীয় স্থিতি সন্মিলনত ভাষণ দিছিল।১৯তেওঁ বুজাবুজি, সংজ্ঞা,ডেটিং আৰু ঘৰুৱা হিংসা প্ৰতিৰোধৰ ওপৰত এক বক্তৃতা আগবঢ়াইছিল।২০

২০১৭ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতীয় উচ্চ আয়োগৰ সাংস্কৃতিক শাখা 'ব্ৰিটেইন লণ্ডনৰ দ্য নেহৰু চেণ্টাৰ'ত অনুষ্ঠিত দুদিনীয়া সৃষ্টিশীলতা সন্মিলন কেডলণ্ডন ২০১৭ ত স্মৃতা জৈন মুখ্য বক্তা আছিল। শিল্প আৰু ডিজাইনৰ মাজৰ পাৰস্পৰিক ভাৱ বিনিময় আৰু সাংস্কৃতিক প্ৰতিনিধিত্বত ইয়াৰ মূল্যৰ বিষয়ত লিখা গৱেষণা পত্ৰেৰে তেওঁ সন্ধিয়াটো আৰম্ভ কৰিছিল। তেওঁ উপস্থাপন কৰা প্ৰতিটো ক্ষেত্ৰভিত্তিক অধ্যয়নে এটা ভিন্ন দৃষ্টিভংগী আগবঢ়াইছিল আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰচলিত আওপুৰণি ধাৰণাবোৰ ভংগ কৰিছিল।২১

২০১৮ চনৰ মাৰ্চ মাহত ভাৰতত কলা আৰু সক্ৰিয়তাবাদ কিদৰে বিফল হৈছিল এই বিষয়ে ক’বলৈ স্মৃতা জৈনক নিউপ’ৰ্ট নিউজ ভাৰ্জিনিয়াৰ ক্ৰিষ্টোফাৰ নিউপ’ৰ্ট বিশ্ববিদ্যালয়লৈ পুনৰ আমন্ত্ৰণ জনোৱা হৈছিল।২২

তথ্যসূত্ৰ

  1. ↑ Graphic Design Award: Winner. DesignFirms
  2. ↑ Publications. Surmrit Gallery
  3. ↑ Keynote Speaker. KADLondon 2017
  4. ↑ 2017 American Graphic Design Awards
  5. ↑ 47th Creativity International Award GOLD
  6. ↑ Silver Award in Government Marketing Category. Summit International Creative
  7. ↑ London International Creative HONORARY MENTION, January 2016
  8. ↑ Design Firms, Graphic Design FIRST POSITION, March 2016
  9. ↑ Smrita Jain
  10. ↑ (18 September 2015). Pratt Alumni Day Gallery Guide. Pratt Institute
  11. ↑ About Us. The Aquario Group
  12. ↑ (16 November 2016). Blog. ForJ Marketing Blog
  13. ↑ Jain S, Smrita. (March 2013). Creating Durga. Surmrit Gallery of Art & Design. পৃ. 111. ISBN 978-0988600409
  14. ↑ Sarah, Ahmad. East Side Story. The Citizen
  15. ↑ Wadler, Kelly Anne. Shine On Radio with Kelly – Find Your Shine!: Recipe for Fat Free Samosa with Empowerment Artist Smrita Jain. transformationtalkradio.com. Transformation Talk Radio
  16. ↑ Sakhi Interview: Artist Smrita Jain. Sakhi.com
  17. ↑ Inspiring Interviews: Meet artist Smrita Jain. Feminist Wednesday
  18. ↑ Travers, J. (14 March 2017). Smrita Jain: "A Beautiful, Indispensable Obsession". Ask Artists
  19. ↑ Global Status of Women and Girls. Global Status of Women and Girls
  20. ↑ Jain, Smrita. (25 March 2017). Smrita Jain at Global Status of Women and Girls Conference at CNU, March 25th 2017. YouTube
  21. ↑ Kaleidoscope of Art and Design
  22. ↑ Jain, Smrita. Art and Activism. YouTube

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকনাৰীবাদী লেখকআলোক চিত্ৰ লওঁতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্মৃতা জৈন” প্ৰবন্ধৰ সংশোধন ৫৭১৫৮৯ (২৬ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।