জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সোণালী ৰাউত
সোণালী ৰাউত (Sonali Raut; জন্ম: ২৩ ডিচেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০১০ চনৰপৰা তেওঁ এগৰাকী কিংফিচাৰ কেলেণ্ডাৰ গাৰ্ল হিচাপে পৰিচিত আৰু বাৰ্ষিক কেলেণ্ডাৰখনত স্থান লাভ কৰাৰ সময়ত তেওঁৰ বয়স আছিল ১৯ বছৰ।
-
সোণাৰাম বৰুৱা
সোণাৰাম বৰুৱা (ইংৰাজী: Sonaram Baruah, জন্ম ১৯৪৩) এগৰাকী সমাজহিতৈষী, অনুবাদক, সাহিত্যিক তথা শিক্ষাবিদ। বিভিন্ন প্ৰবন্ধ, নিবন্ধ, অনুবাদৰ সম্পৰীক্ষা তথা সাহিত্যৰ অৱদানৰ বাবে তেখেতক ২০২৪ চনত শিৱসাগৰ জিলা সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান “শিৱসাগৰ ৰত্ন” উপাধি প্ৰদান কৰা হয়।
-
সোণৰূপা বিশাল
সোণৰূপা বিশাল (ইংৰাজী: Sonroopa Vishal; জন্ম: ৩০ অক্টোবৰ ১৯৭৭) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু সাহিত্যিক, যিয়ে হিন্দী ভাষাত সাহিত্য চৰ্চা কৰে। উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক ২০১৫ চনত ‘হৰিবংশ ৰায় বচ্চন নৱোদিত গীতিকাৰ বঁটা’ আৰু ২০১৯ চনত ‘জগদীশ গুপ্তা সৰ্জনা বঁটা’ প্ৰদান কৰে।
-
সোনম মালিক
সোনম মালিক (জন্ম: ১৫ এপ্ৰিল ২০০২) হাৰিয়ানাৰ সোণিপতৰ এগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু। তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়াত এটা সোণৰ পদক আৰু বিশ্ব কেডেট কুস্তি চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক জয় কৰিছে। তেওঁ ২০২২ চনৰ এছিয়ান গেমছত ৬২ কেজি শাখাৰ ফ্ৰীষ্টাইল কুস্তিত ব্ৰঞ্জৰ পদক জয় কৰিছিল।
-
সোনম লাম্বা
সোনম লাম্বা (জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৯৭) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী, যিয়ে ষ্টাৰ প্লাছৰ ধাৰাবাহিক সাথ নিভানা সাথিয়াত বিদ্যা মোডী সূৰ্যবংশী চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে পৰিচিত।
-
সোনা চৰাইপোত্ৰা
সোনা চৰাইপোত্ৰা (Sona Charaipotra)এগৰাকী ভাৰতীয়-এমেৰিকান কল্পকাহিনী লেখক আৰু মনোৰঞ্জন আৰু জীৱনশৈলী বিষয়ক সাংবাদিক। ‘পেৰেড ডট কম’(Parade.com) ত লিখা তেওঁৰ ‘ৱাই এ’ শৃংখলা টাইনি প্ৰীতি থিংচ্ৰ বাবে তেওঁক ঘাইকৈ জনা যায়।
-
সোনাল কালৰা
সোনাল কালৰা (ইংৰাজী: Sonal Kalra) এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখিকা, তেওঁ বৰ্তমান হিন্দুস্তান টাইমছৰ সৈতে জড়িত হৈ আছে।
-
সোনাল শুক্লা
সোনাল শুক্লা (১৯৪১–২০২১) এগৰাকী ভাৰতীয় নাৰীবাদী, কৰ্মী, শিক্ষয়িত্ৰী, লেখিকা আৰু সমাজকৰ্মী আছিল। ভাৰতৰ মুম্বাইত মহিলা পণ্ডিতসকলৰ বাবে পুথিভঁৰাল স্থাপন কৰা ব্যক্তিগত সংস্থা বাচা চেৰিটেবল ট্ৰাষ্ট প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
সোনাল শ্বাহ
সোনাল শ্বাহ (ইংৰাজী: Sonal Shah) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তেওঁ বিশেষকৈ স্ক্ৰাবছ ধাৰাবাহিকত ড° ছোনিয়া "ছানি" দে নামৰ এটা চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
সোনালিকা প্ৰসাদ
সোনালিকা প্ৰসাদ (ইংৰাজী: Sonalika Prasad; জন্ম: ৫ অক্টোবৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ ভোজপুৰী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে। অনুষ্ঠান পৰিচালনা বা হোষ্টিঙৰ বাবে তেওঁ এগৰাকী জনাজাত ব্যক্তি।
-
সোনালী নাগৰাণী
সোণালী নাগৰাণী (ইংৰাজী: Shonali Nagrani) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টিভি হষ্ট আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আঁত ধৰিছিল। ইয়াৰ উপৰি তেওঁ হিন্দী ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
সোনিতা আলিজেদাহ
সোনিতা আলিজেদাহ (Sonita Alizadeh,জন্ম-১৯৯৬)এগৰাকী আফগান ৰেপাৰ আৰু সমাজকৰ্মী যি বলপূৰ্বক বিবাহৰ বিৰুদ্ধে কণ্ঠস্বৰ প্ৰকাশ কৰি আহিছে। আলিজেদাহে প্ৰথমে দৃষ্টি আকৰ্ষণ কৰিছিল যেতিয়া তেওঁ "ব্ৰাইডছ ফৰ চেল" নামৰ ভিডিঅ'টো মুকলি কৰিছিল, য'ত তেওঁ কন্যাক পৰিয়ালে বিয়াত বিক্ৰী কৰাৰ বিষয়েত ৰেপ সংগীত কৰিছিল।
-
সোফোক্লেচ
সোফোক্লেচ (Sophocles) তিনিজন প্ৰাচীন গ্ৰীক বিয়োগান্তক নাটকৰ ৰচয়িতাসকলৰ মাজৰ এজন যাৰ নাটকবোৰ বৰ্তি আছিল। তেওঁৰ প্ৰথম নাটকসমূহ ইস্কিলাছৰ সমসাময়িক বা তাৰ পাছত লিখা হৈছিল; আৰু ইউৰোপিডৰ পূৰ্বৰ বা সমসাময়িক।
-
সোমলতা অম্বৰীশ
সোমলতা অম্বৰীশ (Sumalatha Ambareesh; জন্ম: ২৭ আগষ্ট ১৯৬৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিক। মূলতঃ তেলেগু, মালয়ালম আৰু কানাড়া ভাষাৰ একাধিক ভাষাৰ ২২০খনতকৈও অধিক ছবিত অভিনয় কৰাৰ উপৰি তেওঁ তামিল আৰু হিন্দী চিনেমাতো অভিনয় কৰিছে।
-
সোলি সৰাবজী
সোলি জেহাংগীৰ সোৰাবজী (অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়াৰ সন্মানীয় সদস্য) (জন্ম, ৯ মাৰ্চ ১৯৩০ – মৃতু,৩০ এপ্ৰিল ২০২১) এজন ভাৰতীয় আইনবিদ আছিল যিয়ে ১৯৮৯ চনৰপৰা ১৯৯০ চনলৈ আৰু পুনৰ ১৯৯৮ চনৰপৰা ২০০৪ চনলৈকে ভাৰতৰ এটৰ্নী জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
সোহা বেচাৰা
সোহা বেচাৰা (অসমীয়া বানান চোহা; আৰবী: سهى بشارة; জন্ম ১৫ জুন ১৯৬৭) খিয়াম ডিটেনচন চেণ্টাৰৰ এগৰাকী লেবাননৰ প্ৰাক্তন বন্দী। ১৯৮৮ চনত ইজৰাইল সমৰ্থিত দক্ষিণ লেবানন সেনাবাহিনীৰ (এছ এল এ) তেতিয়াৰ নেতা এণ্টোৱান লাহাদক হত্যা কৰাৰ বিফল চেষ্টা কৰে; তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি খিয়ামৰ এছ এল এৰ কুখ্যাত…
-
সোহানা ছাবা
সোহানা ছাবা (Sohana Saba; জন্ম: ১২ অক্টোবৰ) এগৰাকী বাংলাদেশী অভিনেত্ৰী, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেওঁ তেওঁৰ প্ৰথম চিনেমা আইনাৰ বাবে মেৰিল-প্ৰথম আলো বঁটা লাভ কৰিছিল।
-
সোৰয়া কাছেমী
সোৰয়া কাছেমী (ফাৰ্চী: ثریا قاسمی; জন্ম ১৯ ডিচেম্বৰ ১৯৪০) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁৰ জন্ম তেহৰাণত হৈছিল আৰু তেওঁৰ মাতৃ হামিদেহ খেইৰাবাদীক ইৰানী চলচ্চিত্ৰৰ মাতৃ হিচাপে জনা গৈছিল।
-
সোৰয়া বাহগত
সোৰয়া বাহগাত (Soraya Bahgat) ১৯৮৩ চনত জন্মগ্ৰহণ কৰা ফিনলেণ্ড-ইজিপ্তৰ এগৰাকী সামাজিক উদ্যোগী, লিংগ সমতা কৰ্মী আৰু মহিলা অধিকাৰৰ সমৰ্থক। তেওঁ মূলতঃ ইজিপ্তত সক্ৰিয়৷ তেওঁ শৈশৱৰ কিছু অংশ ফিনলেণ্ডত কটায়৷ ২০১২ চনত ইজিপ্তৰ ২০১১ চনৰ বিপ্লৱৰ পিছত তাহৰিৰ চ'কত মহিলাসকলক গোটৰ যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰিবলৈ…
-
সোৰায়া টাৰ্জি
সোৰায়া টাৰ্জি (Soraya Tarzi) (২৪ নৱেম্বৰ ১৮৯৯ – ২০ এপ্ৰিল ১৯৬৮) আফগানিস্তানৰ ৰাণী আৰু সম্ৰাট আমানুল্লাহ খানৰ পত্নী হিচাপে আছিল। ৰাণী হিচাপে তেওঁ সেই সময়ত বিশ্বৰ অন্যতম প্ৰভাৱশালী মহিলা হৈ পৰিছিল। অমানুল্লাহ খানৰ আধুনিকীকৰণ সংস্কাৰত বিশেষকৈ মহিলাৰ মুক্তিৰ ক্ষেত্ৰত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল।
-
সৌন্দৰ্য শৰ্মা
সৌন্দৰ্য শৰ্মা (Soundarya Sharma; জন্ম: ২০ ছেপ্টেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২০১৭ চনত, তেওঁ ৰোমাণ্টিক নাট্যধৰ্মী ছবি ৰাঞ্চি ডায়েৰীছত অভিনয়েৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। ২০২২ চনত, তেওঁ কালাৰছ টিভিৰ ৰিয়েলিটি শ্ব' বিগ বছ ১৬-ত অংশগ্ৰহণ কৰে।
-
সৌৰভ দাস
সৌৰভ দাস (Sourav Das; জন্ম: ২১ জানুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেতা, উপস্থাপক, কৌতুক অভিনেতা, আৰু থিয়েটাৰ পৰিচালক। ‘বয়েই গেল’ নামৰ টিভি ধাৰাবাহিক এখনত অভিনয়েৰে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল।
-
সৌৰভ সুমন
ড° সৌৰভ সুমন (Saurabh Suman) এগৰাকী ভাৰতীয় কৃষি গৱেষক। তেওঁক নাৰী শক্তি সন্মানেৰে সন্মানিত কৰা হৈছে ৷ তেওঁ এন জি অ'ৰ জড়িয়তে বিহাৰৰ নাৰীসকলক সবলীকৰণৰ বাবে নেতৃত্ব দি আহিছে। মহিষাসুৰ শ্বহীদ দিৱস উদযাপনৰ আয়োজনতো তেওঁ জড়িত হৈ আছে।
-
সৌৰভী দেৱবৰ্মা
সৌৰভী দেৱবৰ্মা (জন্ম ১৮ অক্টোবৰ ১৯৮৫) এগৰাকী ভাৰতীয় গায়িকা। তেওঁ টেলিভিছন ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডল ৪-ৰ প্ৰতিযোগী আছিল আৰু এই অনুষ্ঠানৰ প্ৰথম মহিলা বিজয়ী হিচাপে পৰিচিত হয়। তেওঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডধাৰীও।
-
স্কিন ডায়মণ্ড
ৰেলিন জয় ক্ৰিষ্টেনচেন জয়ে ২০১৬ চনত প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ জগতৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ গীত ৰচনা আৰু মূলধাৰাৰ অভিনয়ৰ দৰে অন্যান্য বিষয়ত মনোনিৱেশ কৰে।
-
স্নেহ ৰাণা
স্নেহ ৰাণা (ইংৰাজী: Sneh Rana; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৯৪) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ৷ তেওঁ মহিলা জাতীয় দলৰ হৈ সোঁহাতৰ অফ ব্ৰেক বলাৰ আৰু সোঁহাতৰ বেটছমেন হিচাপে খেলে। ৰাণাই ঘৰুৱা ক্ৰিকেটত ৰেলৱে আৰু মহিলা প্ৰিমিয়াৰ লীগত দিল্লী কেপিটেলছক প্ৰতিনিধিত্ব কৰে।
-
স্নেহপ্ৰভা দাস
স্নেহপ্ৰভা দাস (ইংৰাজী: Snehaprava Das; জন্ম: ১০ অক্টোবৰ ১৯৫৫) এগৰাকী ভাৰতীয় ওড়িয়া ভাষাৰ লেখিকা আৰু অনুবাদক। তেওঁ ওড়িয়া ভাষাৰ কেইবাখনো ধ্ৰুপদী গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰাৰ ক্ষেত্ৰত এগৰাকী অগ্ৰণী ব্যক্তি। ইয়াৰ উপৰিও তেওঁ বিশ্বৰ কেইবাখনো ধ্ৰুপদী সাহিত্য ওড়িয়া ভাষালৈ অনুবাদ কৰিছে।
-
স্নেহা (অভিনেত্ৰী)
সুহাসিনী ৰাজাৰাম নাইডু (Suhasini Rajaram Naidu; জন্ম: ১২ অক্টোবৰ ১৯৮১), এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ পেছাগতভাৱে স্নেহা নামেৰে পৰিচিত। তেওঁ প্ৰধানকৈ তামিল, তেলুগু আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে, মুখ্য আৰু সহযোগী চৰিত্ৰ দুয়োটাতে।
-
স্নেহা উল্লাল
স্নেহা উল্লাল (জন্ম: ১৮ ডিচেম্বৰ, ১৯৮৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, যিয়ে প্ৰধানকৈ তেলুগু আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ বিশেষকৈ তেলুগু চলচ্চিত্ৰ Ullasamga Utsahamga, Simha আৰু হিন্দী চলচ্চিত্ৰ Lucky: No Time for Love-ত তেওঁৰ অভিনয়ৰ বাবে জনাজাত।
-
স্নেহা জৱালে
স্নেহা জৱালে (জন্ম ১৯৭৭) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু নাৰীৰ ওপৰত হোৱা হিংসাৰ দৃশ্যমান পৰিৱেশনৰ বাবে কাম কৰা কৰ্মী। তেওঁ বিবিচি ইণ্ডিয়াৰ জ্যোতিষী, অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকাও।