স্বাতী নাৰায়ণন (Swathy Narayanan) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ মূলতঃ তামিল আৰু মালয়ালম চলচ্চিত্ৰ উদ্যোগত অভিনয় কৰি পৰিচিতি লাভ কৰিছে। ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত মালয়ালম চলচ্চিত্ৰ বসন্তিয়ম লক্ষ্মিয়ম পিন্নে ঞ্জানুমৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ ছু.. ছু... সুধি বাথমিকম (২০১৫) আৰু ইলাই (২০১৭)কে ধৰি একাধিক উল্লেখযোগ্য চলচ্চিত্ৰত অভিনয় কৰিছে।১২
কৰ্মজীৱন
পেৰুম্বাভূৰৰ এৰ্ণাকুলামত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা স্বাতী নাৰায়ণনে ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত মালয়ালম নাট্যধৰ্মী চলচ্চিত্ৰ বসন্তিয়ম লক্ষ্মিয়ম পিন্নে ঞ্জানুমত শিশু শিল্পী হিচাপে অভিনয় জীৱনৰ আৰম্ভণি কৰে। ছবিখনত তেওঁ অভিনেত্ৰী কাবেৰীয়ে অভিনয় কৰা চৰিত্ৰটোৰ কনিষ্ঠ ৰূপত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ কুচিপুড়ি বিশেষজ্ঞ অনুপমা মোহনৰ তত্ত্বাৱধানত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি শিল্পচৰ্চা অব্যাহত ৰাখে।
নৃত্যৰ সমান্তৰালভাৱে স্বাতীয়ে ত্ৰিছূৰত আয়ুৰ্বেদিক চিকিৎসক হিচাপেও যোগ্যতা অৰ্জন কৰে। ২০১৫ চনৰ মালয়ালম ভাষা চলচ্চিত্ৰ Su.. Su... Sudhi Vathmeekamৰ বাবে শিল্পী নিৰ্বাচনৰ সময়ত পৰিয়ালৰ বন্ধু আশা সাৰথয়ে তেওঁক পৰিচালক ৰঞ্জিত শংকৰৰ ওচৰত পৰামৰ্শ দিয়ে। এই ছবিখনত স্বাতীয়ে মুম্বাইৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰে। ছবিখনত তেওঁৰ সৈতে জয়সূৰ্য আৰু শিৱদায়েও অভিনয় কৰিছিল।৩
ইয়াৰ পিছত তেওঁ ২০১৭ চনত পৰিচালক বিনীশ ৰাজৰ যুগভিত্তিক তামিল চলচ্চিত্ৰ Ilaiৰ জৰিয়তে তামিল ভাষা চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ছবিখনত তেওঁ শীৰ্ষক চৰিত্ৰ ‘ইলাই’ৰ ভূমিকাত অভিনয় কৰিছিল। এই চৰিত্ৰটোৰ বাবে স্বাতীয়ে গ্লেমাৰবিহীন ৰূপ ধাৰণ কৰিছিল আৰু তামিলনাডুৰ ভিতৰুৱা গাঁৱত ছবিখনৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰিছিল। কন্যাশিশুৰ শিক্ষাৰ গুৰুত্বক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখন ২০১৭ চনৰ এপ্ৰিল মাহত সীমিত পৰিসৰত মুক্তি লাভ কৰিছিল। ৪৫৬
ফিল্মগ্ৰাফী
| বছৰ | চলচ্চিত্ৰ | ভূমিকা | ভাষা | টোকা |
|---|---|---|---|---|
| ১৯৯৯ | বসন্তিয়ম লক্ষ্মিয়ম পিন্নে ঞ্জানুম | ইয়ং লক্ষ্মী | মালায়ালম | শিশু শিল্পী |
| ২০১৫ | ছু.. ছু... সুধি বাথমিকম | শীলা | মালায়ালম | |
| ২০১৭ | ইলাই | ইলাই | তামিল |
তথ্যসূত্ৰ
- ↑ (13 September 2015). My first shot was a good omen: Swathy. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (18 October 2015). Su Su Sudhi Vaathmeekam was like a family picnic: Swathy Narayanan
- ↑ (13 October 2015). A doctor who loves to dance and act
- ↑ (27 January 2017). Swathy Narayanan steps into Kollywood as a 10th grader. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Ilai Movie Review, Trailer, & Show timings at Times of India. The Times of India
- ↑ (4 March 2017). Ilai: A film on the importance of girl child education
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বাতী নাৰায়ণন” প্ৰবন্ধৰ সংশোধন ৬২৩৪০৮ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।