স্মৃতি নাগপাল (: Smriti Nagpal )এগৰাকী ভাৰতীয় টেলিভিছন উপস্থাপক, সাংকেতিক ভাষাৰ দোভাষী, আৰু সামাজিক উদ্যোগী মহিলা। তেওঁ দূৰদৰ্শন নেটৱৰ্কত কাম কৰিছিল য’ত বিশেষকৈ সাংকেতিক ভাষাৰ মাধ্যমে শ্ৰৱণ প্ৰতিবন্ধী লোকসকলৰ বাবে যোগাযোগ আৰু তথ্যৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত ৰাতিপুৱাৰ বাতৰিৰ বুলেটিন উপস্থাপন কৰিছিল। তেওঁ বধিৰ শিক্ষা আৰু সাংকেতিক ভাষাৰ সজাগতা বৃদ্ধি কৰা অতুল্যাকলা নামৰ সংস্থাটোৰ প্ৰতিষ্ঠাপক। ইয়াৰ উপৰি নাগপালে বধিৰ কৰ্মচাৰীৰদ্বাৰা পৰিচালিত শ্বাহপুৰ জাটৰ হাৰ্কেন কেফেও সহ-প্ৰতিষ্ঠা কৰিছে। নাগপাল ভাৰতীয় সাংকেতিক ভাষাৰ সমৰ্থক। ২০১৫ চনত নাগপালক বিবিচিৰ ১০০ গৰাকী মহিলা তালিকাত স্থান দিয়ে য’ত বিশ্বজুৰি ইতিবাচক প্ৰভাৱ পেলোৱা মহিলাসকলক তালিকা ভুক্ত কৰা হয়। তেওঁ এই শৃংখলাত"৩০ বছৰৰ তলৰ ৩০" উদ্যোগী শাখাত অন্তৰ্ভুক্ত কৰা হৈছিল,১ ২০১৬ চনত নাগপালে যুৱ শ্ৰেণীত নেলছন মেণ্ডেলা – গ্ৰাছা মেচেল উদ্ভাৱন বঁটা লাভ কৰে,২ কলম্বিয়াৰ বগোটাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় নাগৰিক সমাজ সপ্তাহত এই বঁটা প্ৰদান কৰা হৈছিল। .৩৪৫
জীৱনী
নাগপালে ১৬ বছৰ বয়সত শ্ৰৱণ ক্ষমতাহীন দুজন ডাঙৰ ভাই-ভনীৰ প্ৰতি সঁহাৰি জনাই নেশ্যনেল এছ’চিয়েচন অৱ দ্য ডেফত যোগদান কৰে। ব্যৱসায় প্ৰশাসনৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ চৰকাৰী দূৰদৰ্শন নেটৱৰ্কত নিউজ এংকৰ হিচাপে চাকৰি লাভ কৰে য’ত তেওঁ তেওঁলোকৰ শ্ৰৱণ ক্ষমতাহীন বাতৰি বুলেটিনৰ বাবে দায়বদ্ধ আছিল।৬৭
নাগপালে ২২ বছৰ বয়সত অতুল্যাকলা প্ৰতিষ্ঠা কৰে। কোম্পানীটোত বধিৰ আৰু শ্ৰৱণ ক্ষমতাসম্পন্ন কৰ্মচাৰীৰ মিশ্ৰণ আছে যিয়ে ভাৰতীয় সাংকেতিক ভাষা ব্যৱহাৰ কৰি ইজনে সিজনৰ লগত যোগাযোগ কৰে।৮ তেওঁলোকে বধিৰ শিল্পীৰদ্বাৰা ডিজাইন কৰা সামগ্ৰী বিক্ৰী কৰে, বধিৰ শিল্পী প্ৰকাশন প্ৰতিষ্ঠানৰ বাবে ডিজাইন প্ৰকল্পত কাম কৰে আৰু সাংকেতিক ভাষাৰ বিষয়ে সজাগতা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অনুষ্ঠান পৰিচালনা কৰে।৬৭৯
নাগপালে ২০১৬ চনৰ নৱেম্বৰ মাহত তেওঁৰ সৰ্ম্পকীয় ভায়েক বিৰাটৰ সৈতে শ্বাহপুৰ জাটত হাৰ্কেন কেফেৰ সহ-প্ৰতিষ্ঠা কৰে।১০ ইয়াৰ নামটো এটা প্ৰাচীন ইংৰাজী শব্দৰপৰা লোৱা হৈছে যাৰ অৰ্থ হৈছে "শুনিবলৈ", এই কেফেত ইউৰোপীয় খাদ্য পৰিৱেশন কৰা হয়।১০ কেফেত কৰ্মৰত সকলো কৰ্মচাৰী বধিৰ বা বোবা আৰু তেওঁলোকে ইজনে সিজনৰ লগত সাংকেতিক ভাষাত যোগাযোগ কৰে।১১ ইয়াৰ উপৰি কেফেত বিনামূলীয়া সাংকেতিক ভাষাৰ পাঠদানৰ সুবিধা আছে। লগতে মাইম কলাৰ দৰে অনুষ্ঠানো অনুষ্ঠিত হয়,১০১১য’ত এজন ব্যক্তিয়ে মুখেৰে কথা নকৈ কেৱল দেহৰ ভংগিমা আৰু গতিবিধিৰ জৰিয়তে কোনো এটা কাহিনী অভিনয় কৰে।
তথ্যসূত্ৰ
- ↑ (16 November 2015). Smriti Nagpal, 25, India. BBC
- ↑ Khaliq, Fazal. (29 April 2016). Swat activist Tabassum Adnan wins 2016 Nelson Mandela Award. Dawn
- ↑ Matthew. Activists honoured for their innovation and impact. www.civicus.org
- ↑ (2016-04-29). Swat activist Tabassum Adnan wins 2016 Nelson Mandela Award. The Pashtun Times
- ↑ (May 13, 2016). Winners of Nelson Mandela-Graça Machel innovation award unveiled. Standard Media
- ↑ Bindrani, Kashika. (23 June 2017). Meet the Doordarshan sign language interpreter who also started a cafe run by deaf people. হিন্দুস্তান টাইমছ
- ↑ Tripathy, Nandini D. (13 December 2015). Hearing empowered. Deccan Chronicle
- ↑ Khan, Zeba. (11 August 2017). How do we speak with the 18 million Indians who are deaf?. WION
- ↑ Vaid, Dharvi. (November 21, 2015). BBC's 100 inspirational women: She has given a new frame to deaf artists. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Jagannathan, Akanksha. (20 February 2017). It's Not Just About The Food In This Delhi Cafe, You Also Get An Education. ScoopWhoop
- ↑ (21 February 2017). Deaf and mute Delhi café educates people about sign-language while dining. Deccan Chronicle
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্মৃতি নাগপাল” প্ৰবন্ধৰ সংশোধন ৬০৪৫৮১ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।