জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সুশীলা অনিতা বনাৰ্জী
সুশীলা অনিতা বনাৰ্জী (Susila Anita Bonnerjee; মৃত্যুː ২৫ ছেপ্টেম্বৰ ১৯২০) এগৰাকী চিকিৎসক, শিক্ষাবিদ আৰু ভোটাধিকাৰৰ হকে মাত মতা ব্যক্তি, যিয়ে ১৮০০ দশকৰ শেষৰ ফালে ইংলেণ্ড আৰু ভাৰতত মহিলাৰ শিক্ষা আৰু স্বাস্থ্যৰ পোষকতা কৰিছিল।
-
সুশীলা কেৰকেট্টা
সুশীলা কেৰকেট্টা (Sushila Kerketta,(২৭ এপ্ৰিল ১৯৩৯ – ১৯ অক্টোবৰ ২০০৯) ১৯৮৫ চনৰ পৰা ২০০০ চনলৈ বিহাৰ বিধান সভাৰ সদস্য আছিল৷ তেওঁ খুঁটিৰ পৰা লোকসভাক প্ৰতিনিধিত্ব কৰিছিল। বিহাৰ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত তেওঁ অধিষ্ঠিত আছিল।
-
সুশীলা কৈৰালা
সুশীলা কৈৰালা (: Sushila Koirala; নেপালী: सुशीलाई कोराला; ১৯২৩ – ১৩ জুলাই ২০০৭) এগৰাকী নেপালী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নাট্য পৰিচালিকা আছিল। নেপালৰ প্ৰথম গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী বি পি কৈৰালাৰ পত্নী আছিল।
-
সুশীলা চৈন ত্ৰেহান
সুশীলা চৈন ত্ৰেহান (১ জুলাই ১৯২৩ – ২৮ ছেপ্টেম্বৰ ২০১১) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু মহিলা অধিকাৰ কৰ্মী আছিল। তেওঁ মৃত্যুলৈকে পঞ্জাবৰ মহিলাসকলক শিক্ষা প্ৰদান আৰু মুক্তিৰ দিশত অগ্ৰসৰ কৰাৰ বাবে কাম কৰি গৈছিল।
-
সুশীলা নায়াৰ
সুশীলা নায়াৰ (:Sushila Nayyar; ২৬ ডিচেম্বৰ ১৯১৪ – ৩ জানুৱাৰী ২০০১) আছিল এগৰাকী ভাৰতীয় চিকিৎসক, মহাত্মা গান্ধীৰ আজীৱন অনুগামী আৰু এগৰাকী ৰাজনীতিবিদ। ভাৰতৰ জনস্বাস্থ্য, চিকিৎসা শিক্ষা আৰু সামাজিক আৰু গ্ৰাম্য পুনৰ্গঠনত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল।
-
সুশীলা প্ৰভাকৰণ
সুশীলা প্ৰভাকৰণ (Suseela Prabhakaran) হ'ল ভাৰতৰ ত্ৰিবেন্দ্ৰমৰ দিব্য প্ৰভা চকু চিকিৎসালয়ৰ এগৰাকী ভাৰতীয় চকুৰোগ বিশেষজ্ঞ তথা মুখ্য চকুৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ। তেওঁ কেৰালা ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা বিভাগত চকু চিকিৎসা বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।
-
সুশীলা মহৰ্জন
সুশীলা মহৰ্জন এগৰাকী নেপালী জৈৱ ৰসায়নবিদ আৰু জৈৱ প্ৰযুক্তিবিদ। তেওঁ নেপালৰ 'ৰিচাৰ্চ ইনষ্টিটিউট ফৰ বায়োছায়েন্স এণ্ড বায়োটেকন’লজী'ৰ (RIBB) গৱেষণা সঞ্চালক। ২০১১ চনত তেওঁ এই প্ৰতিষ্ঠানটো সহ-প্ৰতিষ্ঠা কৰিছিল।
-
সুশ্ৰী শ্ৰেয়া মিশ্ৰ
সুশ্ৰী শ্ৰেয়া মিশ্ৰ (Sushrii Shreya Mishraa; জন্ম: ৪ জানুৱাৰী ১৯৯১) এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী, আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া ইউনাইটেড কণ্টিনেণ্টছৰ মুকুট পিন্ধি ২০১৫ চনত ইকুৱেডৰত অনুষ্ঠিত হোৱা মিছ ইউনাইটেড কণ্টিনেণ্টছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব…
-
সুষমা আহুজা
সুষমা আহুজা (Sushma Ahuja) হৈছে এগৰাকী ভাৰতীয় পৰিচালক, লেখক আৰু অভিনেত্ৰী। তেখেতে হিন্দী আৰু তামিল ভাষাৰ লগতে থিয়েটাৰ প্ৰযোজনা গোষ্ঠীতো কাম কৰিছে।
-
সুস্মিতা মুখাৰ্জী
সুস্মিতা মুখাৰ্জী (ইংৰাজী: Sushmita Mukherjee; জন্ম: ১১ নৱেম্বৰ ১৯৬৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ কেৰিয়াৰ হিন্দী চিনেমা, টেলিভিছন আৰু থিয়েটাৰত বিস্তৃত হৈ আছে। টেলিভিছন ধাৰাবাহিক গংগা আৰু গোলমাল: ফান আনলিমিটেড (২০০৬) ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ব্যাপকভাৱে পৰিচিত হৈছিল।
-
সুহাদ বাহাজৰী
সুহাদ বাহাজৰী (আৰবী: سهاد باحجري) এগৰাকী চৌদি ৰসায়নবিদ। তেওঁ এগৰাকী চিকিৎসা-বিজ্ঞানী আৰু শিক্ষাবিদ, আৰু বৰ্তমান জেদ্দাস্থিত কিং আব্দুলআজিজ বিশ্ববিদ্যালয়ৰ চিকিৎসা অনুষদত ক্লিনিকেল বায়’কেমিষ্ট্ৰী আৰু ক্লিনিকেল পুষ্টিবিজ্ঞানৰ অধ্যাপিকা হিচাপে কৰ্মৰত।
-
সুহানা থাপা
সুহানা থাপা (জন্ম: ৮ মে' ১৯৯৮) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ নেপালৰ প্ৰসিদ্ধ অভিনেত্ৰী ঝৰ্ণা থাপা আৰু প্ৰযোজক সুনীল কুমাৰ থাপাৰ কন্যা।
-
সুহানী ধানকী
সুহানী ধানকী (ইংৰাজী: Suhani Dhanki) এগৰাকী ভাৰতীয় ভৰতনাট্যম নৃত্যশিল্পী আৰু টেলিভিছন অভিনেত্ৰী। ২০১৩–২০১৪ বৰ্ষত স্বস্তিক প্ৰডাকচনৰ ‘মহাভাৰত’ ধাৰাবাহিকত মদ্ৰ দেশৰ ৰাজকুমাৰী মাদ্ৰীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল।
-
সুহানী শ্বাহ
সুহানী শ্বাহ ( ইংৰাজী: Suhani Shah; জন্ম: ২৯ জানুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় মেণ্টেলিষ্ট, যাদুকৰ আৰু ইউটিউবাৰ।
-
সুহাশিনী দাস
সুহাশিনী দাস (Suhasini Das; ১৯১৫ - ৩০ মে ২০০৯) বাংলাদেশৰ এগৰাকী ব্ৰিটিছ বিৰোধী কৰ্মী, সমাজকৰ্মী আৰু ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু বিভাজনৰ পূৰ্বে, বিভাজনৰ সময়ত আৰু পিছত পূব বংগৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।
-
সুৰংগা উদৰী
সুৰংগা উদৰী (ইংৰাজী: Suranga Udari) এগৰাকী শ্ৰীলংকান গ্ৰাফিক ডিজাইনাৰ, সাংবাদিক, সংবাদ দাতা আৰু পৰিৱেশ কৰ্মী। তেওঁক শ্ৰীলংকাৰ প্ৰথমগৰাকী বধিৰ মহিলা সাংবাদিক হিচাপে গণ্য কৰা হয়।
-
সুৰজিৎ গিৰি
সুৰজিৎ গিৰি (Surajit Giri; ৪ জুলাই ১৯৭৭) অসমৰ ডিমৌ আদৰ্শ চিকিৎসালয় ও সামূহিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক(সংজ্ঞাহাৰক বিশেষজ্ঞ) আৰু এজন ভাৰতীয় সক্ৰিয়কৰ্মী (activist)। তদুপৰি তেওঁ সৰ্প দংশনৰ এজন সক্ৰিয় সামাজিক কৰ্মকৰ্তা।
-
সুৰজিৎ সিং বৰ্ণালা
সুৰজিৎ সিং বৰ্ণলা (জন্ম, ২১ অক্টোবৰ ১৯২৫ – মৃত্যু,১৪ জানুৱাৰী ২০১৭) এজন ভাৰতীয় ৰাজনীতিবিদ আছিল যিয়ে ১৯৮৫ চনৰপৰা ১৯৮৭ চনলৈকে পঞ্জাৱ ৰাজ্যৰ ১১সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিভিন্ন পৰ্টফলিঅ’ গ্ৰহণ কৰা কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।
-
সুৰভি চান্দনা
সুৰভি চান্দনা (ইংৰাজী: Surbhi Chandna; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। ‘ইশ্কবাজ’ত অনিকা ত্ৰিবেদী সিং অবেৰয় আৰু ‘নাগিন ৫’ত বাণী শৰ্মা সিংহানিয়াৰ চৰিত্ৰ ৰূপায়ণৰ বাবে চান্দনা ব্যাপকভাৱে পৰিচিত।
-
সুৰাষ্ট্ৰী কৰ্ম ত্ৰিমূৰ্তি
সুৰাষ্ট্ৰী কৰ্ম ত্ৰিমূৰ্তি (Surastri Karma Trimurti; ১১ মে’ ১৯১২ – ২০ মে’ ২০০৮, যাক সাধাৰণতে এছ. কে. ত্ৰিমূৰ্তি বুলি জনা যায়) আছিল এগৰাকী ইণ্ডোনেছিয়ান সাংবাদিক, লেখিকা আৰু শিক্ষয়িত্ৰী। ত্ৰিমূৰ্তিয়ে ডাচ ইষ্ট ইণ্ডিজৰ বিপক্ষে ইণ্ডোনেছিয়াৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
-
সুৰেখা যাদৱ
সুৰেখা শংকৰ যাদৱ জন্মসূত্ৰে সুৰেখা ৰামচন্দ্ৰ ভোছালে (জন্ম ২ ছেপ্টেম্বৰ ১৯৬৫) হৈছে ভাৰতীয় ৰে'লসেৱাৰ জ্যেষ্ঠ-সৰ্বাধিক মহিলা লোকপাইলট (ট্ৰেইন চালক)।তেওঁ ১৯৮৮ চনত ভাৰতৰ প্ৰথম মহিলা ৰেল চালক হৈছিল।২০০০ চনৰ এপ্ৰিল মাহত তদানীন্তন ৰে'লমন্ত্ৰী মমতা বেনাৰ্জীয়ে চাৰিখন মেট্ৰ' চহৰত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন…
-
সুৰেনী সেনাৰথ
সুৰেনী সেনাৰথ (১৭ জুন ১৯৫৯ – ২৬ মে' ২০২১) আছিল শ্ৰীলংকাৰ চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী।
-
সূৰ্যদেৱ যজৱান
সূৰ্যদেৱ (১১৯১ – অন্ততঃ ১২৪৮ খ্ৰীষ্টাব্দ) দক্ষিণ ভাৰতৰ চোল ৰাজ্যৰ এগৰাকী জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞানৰ সংস্কৃত ভাষাৰ লেখক আছিল। আৰ্যভট্টীয় আৰু লঘু-মানসকে ধৰি কেইবাখনো উল্লেখযোগ্য গ্ৰন্থৰ ওপৰত তেওঁ টীকা লিখিছিল।
-
সূৰ্য্য দাস
সূৰ্য্য দাস এগৰাকী প্ৰখ্যাত অসমীয়া গায়ক তথা সংগীত শিল্পী। তেখেত ‘গণশিল্পী’ নামেৰেও জনাজাত হৈ পৰিছিল।
-
সৃষ্টি শ্ৰেষ্ঠ
সৃষ্টি শ্ৰেষ্ঠ (सृष्टि श्रेष्ठ) এগৰাকী নেপালী অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা বিজয়ী। তেওঁ মিচ নেপাল ২০১২ প্ৰতিযোগিতাৰ বিজয়ী আছিল।
-
সেঁজুতি সাহা
সেঁজুতি সাহা (Senjuti Saha) চাইল্ড হেল্থ ৰিছাৰ্চ ফাউণ্ডেচনৰ এগৰাকী বাংলাদেশী অণুজীৱবিজ্ঞানী। তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ পোলিঅʼ ট্ৰানজিশ্যন ইণ্ডিপেনডেণ্ট মনিটৰিং বোৰ্ডৰো এগৰাকী বোৰ্ড সদস্য। বাংলাদেশত নতুন কৰʼনা ভাইৰাছৰ পূৰ্ণাঙ্গ জিনʼম বিন্যাস উন্মোচনৰ বাবে তেওঁ অধিক পৰিচিত।
-
সোণম ডেচান ৱাংচুক
ৰাজকুমাৰী সোণম ডেচান ৱাংচুক (: Sonam Dechan Wangchuck ড্জংখা: བསོད་ནམས་བདེ་ཆེན་དབང་ཕྱུག, ৱাইলি: bsod nams bde chen dbang phyug, জন্ম ৫ আগষ্ট ১৯৮১) ভূটানৰ এগৰাকী ৰাজকুমাৰী। ভূটানৰ চতুৰ্থ ৰজা জিগমে চিংগে ৱাংচুক আৰু ৰাণী মাতৃ ডৰ্জি ৱাংমো ৱাংচুকৰ কন্যা।
-
সোণাল চৌহান
সোণাল চৌহান (ইংৰাজী: Sonal Chauhan; জন্ম: ১৬ মে' ১৯৮৫/১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মূলতঃ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে। ২০০৫ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু মিছ ৱৰ্ল্ড টুৰিজিম খিতাপ অৰ্জন কৰিছিল।
-
সোণালী গুলাটী
সোণালী গুলাটী এগৰাকী ভাৰতীয় আমেৰিকান স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা, নাৰীবাদী, তৃণমূল পৰ্যায়ৰ কৰ্মী, আৰু শিক্ষাবিদ। গুলাটি ভাৰতৰ নতুন দিল্লীত ডাঙৰ-দীঘল হৈছিল।
-
সোণালী দেৱ
সোণালী দেৱ (Sonali Dev; জন্ম: ১৯৭২) এগৰাকী সমকালীন ভাৰতীয় আমেৰিকান ৰোমাণ্টিক ঔপন্যাসিক। তেওঁক আ বলিউড এফেয়াৰ কিতাপখনৰ বাবে জনা যায়।