সৰগম কৌশল (ইংৰাজী ভাষা: Sargam Koushal; জন্ম: ২০ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী যিয়ে ২০২২ চনত মিচেছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিছিল।১২৩৪৫৬
ব্যক্তিগত জীৱন
সৰগম কৌশলৰ জন্ম ১৯৯০ চনৰ ২০ ছেপ্টেম্বৰত জম্মু আৰু কাশ্মীৰত জি এছ কৌশল আৰু মীনা কৌশলৰ ঘৰত হৈছিল।৭৮৯ তেওঁৰ পিতৃ বেংক অৱ ইণ্ডিয়াৰ এজন অৱসৰপ্ৰাপ্ত মুখ্য প্ৰবন্ধক।১০
তেওঁ জম্মুৰ গান্ধী নগৰৰ চেইণ্ট মেৰীজ প্ৰেজেণ্টেচন কনভেণ্ট চিনিয়ৰ চেকেণ্ডাৰী স্কুলত বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰে, জম্মুৰ উইমেনছ কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু জম্মু বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ জম্মুৰ চৰকাৰী বি.এড° কলেজৰপৰা বি.এড° ডিগ্ৰীও লাভ কৰিছে।১০ তেওঁ ২০১৭ চনৰ ৩ ডিচেম্বৰত আদিত্য মনোহৰ শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়১১ যি ভাৰতীয় নৌসেনাৰ এজন বিষয়া।১০১২ তেওঁ বিশাখাপত্তনমত শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল।১৩ বিবাহৰ পিছত তেওঁ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ প্ৰতি আগ্ৰহী হৈ পৰে।১৪
কৰ্মজীৱন
মিচেছ ৱৰ্ল্ড ২০২২ হিচাপে তেওঁৰ কাৰ্যকালত সৰগম কৌশল এই প্ৰতিযোগিতাৰ ইতিহাসত সৰ্বাধিক ভ্ৰমণ কৰা বিজয়ী হিচাপে পৰিগণিত হয়। তেওঁ ৰাছিয়া, থাইলেণ্ড আৰু দক্ষিণ আফ্ৰিকাকে ধৰি ১০খন দেশ ভ্ৰমণ কৰিছিল। ৭৫,৪২০ মাইলতকৈও অধিক দূৰত্বৰ এই ব্যাপক ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰীয় মিচেছ ৱৰ্ল্ড প্ৰতিনিধিসকলক মুকুট পিন্ধোৱা, ব্ৰেণ্ড প্ৰসাৰ আৰু সামাজিক অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিছিল।১৫১৬১৭
২০২৩ চনৰ নৱেম্বৰ মাহত সৰগম কৌশলে মিচেছ দক্ষিণ আফ্ৰিকা প্ৰতিযোগিতাৰ বিচাৰক হিচাপে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিছিল।১৮
প্ৰতিযোগিতা
২০২২ চনৰ জুন মাহত মিচেছ ইণ্ডিয়া ইনকৰদ্বাৰা আয়োজিত প্ৰতিযোগিতাত সৰগমে মিচেছ ইণ্ডিয়া খিতাপ অৰ্জন কৰে।১৯ ২০২২ চনৰ মিচেছ ৱৰ্ল্ড প্ৰতিযোগিতাত তেওঁ বিভিন্ন দেশৰ ৬৩ গৰাকী প্ৰতিযোগীক পৰাস্ত কৰে।২০ এই প্ৰতিযোগিতাখন নেভাদাৰ লাছ ভেগাছত অনুষ্ঠিত হৈছিল।২১ ২০২১ চনৰ মিচেছ ৱৰ্ল্ড শ্বেলিন ফৰ্ডে তেওঁক মুকুট পিন্ধাইছিল।২২ চূড়ান্ত প্ৰতিযোগিতাত তেওঁ গুলপীয়া গাউন আৰু সুন্দৰ স্ফটিকৰ কাণফুলিৰ দৰে আনুষংগিক সামগ্ৰী পৰিধান কৰিছিল।২৩২৪ তেওঁৰ পোছাকযোৰ ভাবনা ৰাওৱে ডিজাইন কৰিছিল।২৫
তথ্যসূত্ৰ
- ↑ Skirka, Hayley. (2022-12-18). Mrs UAE shines at Mrs World 2022, Mrs India wins crown. The National
- ↑ Singh, Avinash. hi:सरगम कौशल ने जीता मिसेज वर्ल्ड 2022 का खिताब, 21 साल बाद वापस लौटा 'क्राउन'. Live Hindustan
- ↑ Singh, Kanika. hi:सरगम कौशल ने जीता मिसेज वर्ल्ड का खिताब, 21 साल बाद देश में लौटा ताज तो चहक उठीं पुरानी विनर. Navbharat Times
- ↑ Ansari, Muhammad Phayak. hi:सरगम कौशल ने जीता मिसेज वर्ल्ड का खिताब, 21 साल बाद किसी भारतीय ने अपने नाम किया ताज. Amar Ujala
- ↑ Rai, Prashant. (2022-12-18). hi:सरगम कौशल ने जीता मिसेज वर्ल्ड 2022 का खिताब, 21 साल बाद मिला भारत को ताज. News18 India
- ↑ Sengupta, Trisha. (2022-12-19). people-celebrate-on-twitter-and-instagram-101671431267297.html Sargam Koushal brings Mrs World 2022 title back to India after 21 years. Twitter celebrates. হিন্দুস্তান টাইমছ
- ↑ Titus, Stuti. (2022-12-19). Who is Sargam Koushal? Mrs. World Winner 2022. Jagran Josh
- ↑ Tiwari, Himanshi. (2022-12-18). hi:जम्मू की रहने वाली टीचर ने जीता मिसेज वर्ल्ड 2022 का खिताब, वीडियो देख आंखें हो जाएंगी नम. India TV
- ↑ Yadav, Nitin. hi:सरगम कौशल ने जीता मिसेज वर्ल्ड का खिताब, क्राउन पहनते ही आंखों से छलके आंसू. Dainik Jagran
- ↑ Vaid, Kritika. (2022-12-19). Meet Sargam Koushal, a Teacher by Profession Who's Now Mrs. World 2022, Know Her Education, Family, Other Deets. Zee Media
- ↑ Aarzoo. (2022-12-19). Who is Mrs World 2022 Winner Sargam Koushal? Age, Husband, Photos & Facts. JanBharat Times
- ↑ Bhandari, Ankita. Check out Sargam Koushal's adorable pics, videos with husband Adi Koushal. Zee News
- ↑ Joshi, Ritika. Who Is Sargam Koushal? Winner Of Mrs India World 2022. SheThePeople
- ↑ Khatun, Guriya. India's Sargam Koushal crowned as Mrs. World 2022, Brings Back the Crown after 21 Years. Prag News
- ↑ (2024-01-15). Sargam Koushal, Mrs World 2022, Sets Unprecedented Record as the Most Travelled Mrs World Winner. The Great Pageant Company
- ↑ (2023-06-18). Sargam Koushal, Mrs World 2022: «Je souhaite changer la vision sur les femmes mariées en Inde». lexpress.mu
- ↑ (2024-03-30). Mrs. Nepal World beauty pageant today. The Rising Nepal
- ↑ Mashel, Luccia. (2023-11-24). Mrs World 2023, Mrs South Africa, Mrs Soweto unite for transformative exploration. Comaro Chronicle
- ↑ Who Is Sargam Koushal? Winner Of Mrs India World 2022
- ↑ Katira, Kirtika. India's Sargam Koushal wins Mrs World 2022. WION
- ↑ Baliarsingh, Cassian. Kashmiri girl Sargam Koushal is Mrs World 2022, brings crown back to India after 21 years. Odisha TV
- ↑ Qureshi, Tahir. (2022-12-18). India's Sargam Koushal Crowned Mrs World 2022. Zee Media
- ↑ Rawat, Abhilasha. (2022-12-18). Sargam Koushal from India crowned Mrs World 2022, brings back glory after 21 years. Times Now
- ↑ Singh, Swati. (2022-12-18). Sargam Koushal Brings Back Crown To India After 21 Years; Details Inside. Dainik Jagran
- ↑ Chowdhury, Srimoyee. India's Sargam Koushal wins Mrs World 2022 title after 21 years. ইণ্ডিয়া টুডে
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰগম কৌশল” প্ৰবন্ধৰ সংশোধন ৬০৩৬৪১ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।