স্বামী প্ৰণৱানন্দ (স্বামী প্ৰণবানন্দ; स्वामी प्रणवानन्द; ), (২৪ ফেব্ৰুৱাৰী ১৮৯৬ – ৮ জানুৱাৰী ১৯৪১)১ এগৰাকী হিন্দু যোগী আৰু সন্ত, যাক যুগাচাৰ্য্য শ্ৰীমৎ স্বামী প্ৰণৱানন্দ জী মহাৰাজ বুলিও জনা যায়। তেওঁ ভাৰত সেৱাশ্ৰম সংঘ নামেৰে জনাজাত এটি অলাভজনক আধ্যাত্মিক সংগঠনৰ প্ৰতিষ্ঠা কৰিছিল।২
হিন্দু আধ্যাত্মিকতাৰ প্ৰাচীন পৰম্পৰাৰ অত্যাৱশ্যকীয় মূল্যবোধৰ লগত আপোচ নকৰাকৈ আধুনিক হিন্দু সমাজখনক নতুন যুগলৈ অনাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হয়।৩ স্বামীজী আছিল আধুনিক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ আধ্যাত্মিক নেতা। মাতৃভূমিৰ প্ৰতি থকা উৎসাহ আৰু প্ৰেমক ত্যাগ নকৰাকৈ সাৰ্বজনীন প্ৰেম, মানৱতাৰ প্ৰতি কৰুণা আৰু সমাজ সংস্কাৰৰ বাৰ্তাটিক আজিও শ্ৰদ্ধা কৰা হয়।৪৫
১৮৯৬ চনৰ ২৯ জানুৱাৰী তাৰিখে, মাঘী পূৰ্ণিমাৰ দিনা (১৬ মাঘ, ১৩০২) অবিভক্ত ভাৰতৰ (বৰ্তমানৰ বাংলাদেশত) ফৰিদপুৰ জিলাৰ বাজিতপুৰ নামৰ গাঁও এখনত এক বঙালী কায়াস্থ পৰিয়ালত প্ৰণৱানন্দই জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ বিষ্ণু চৰণ ভূঞা আৰু মাতৃ সাৰদাদেৱী দুয়ো ধৰ্মপৰায়ণ ব্যক্তি আছিল আৰু মানৱ দুখ-কষ্ট লাঘৱ তথা সাৰ্বজনীন মুক্তিৰ বাবে তেওঁলোকে ভগৱান শিৱৰ পৰা পুত্ৰ সন্তানৰ আশীৰ্বাদ লাভ কৰিছিল। জন্মতে তেওঁৰ পিতৃয়ে তেওঁক জয়নাথ নাম দিছিল আৰু পিছলৈ ল’ৰালিত তেওঁক বিনোদ নাম দিয়া হৈছিল। বিনোদৰ অস্বাভাৱিক দাৰ্শনিক প্ৰৱণতা আছিল। সৰুৰে পৰাই তেওঁ দিব্যদৃষ্টিৰ গৰাকী আছিল আৰু গাঁৱৰ বিদ্যালয়ত তেওঁক প্ৰায়ে ধ্যানমগ্ন অৱস্থাত দেখা পোৱা গৈছিল। নিজৰ পৰোপকাৰী স্বভাৱৰ বাবেই স্থানীয় ল’ৰা-ছোৱালীৰ লগত তেওঁ চা-চিনাকি হৈছিল।৬৭৮
অধিক পঢ়ক
- Pranavananda. (1939). The Sources of the Brahmaputra, Indus, Sutlej, and Karnali: With Notes on Manasarowar and Rakas Tal. The Geographical Journal. পৃ. 126–135
- Shantananda. (1975). Acharya Pranavananda in the Eyes of the Learned. Bharat Sevashram Sangha
- Mukhopadhyay. (1996). Swami Pranavananda: The World-teacher and Saint-saviour; (an Oblation on the Eve of Birth Centenary of Swami Pranavananda). Bharat Sevshram Sangha
- Smart; Purnananda, Swami. (2017). Prophet of a New Hindu Age: The Life and Times of Acharya Pranavananda. Routledge. ISBN 978-1-351-80105-8
বাহ্যিক সংযোগ
- Yugacharya Swami Pranavananda at Bharat Sevashram Sangha
তথ্যসূত্ৰ
- ↑ Library of Congress Office, New Delhi. (1981). Accessions List, South Asia. E.G. Smith. পৃ. 90
- ↑ Subodh Kapoor. (1 July 2002). The Indian Encyclopaedia: Biographical, Historical, Religious, Administrative, Ethnological, Commercial and Scientific. Indo-Pak War-Kamla Karri. Cosmo Publication. পৃ. 6887. ISBN 978-81-7755-257-7
- ↑ Dasgupta. (2012). Hinduising the Hindus and Politicizing the 'Consciousness': A Focus on the "Bharat Sevashram Sangha" in Late Colonial Bengal. Proceedings of the Indian History Congress. পৃ. 697–706
- ↑ Chatterji. (6 June 2002). Bengal Divided: Hindu Communalism and Partition, 1932-1947. Cambridge University Press. পৃ. 234. ISBN 978-0-521-52328-8
- ↑ Mukhopadhyay 1996
- ↑ (1978). Hindu Regeneration, Volume 8. Bharat Sevashram Sangha, Hyderabad Branch and University of California. পৃ. 67
- ↑ Shantananda. (1975). Acharya Pranavananda in the Eyes of the Learned. Bharat Sevashram Sangha. পৃ. 117
- ↑ Mukhopadhyay 1996
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বামী প্ৰণৱানন্দ” প্ৰবন্ধৰ সংশোধন ৫০৪১২৯ (২১ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।