অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সৰস্বতী গোড়া

সৰস্বতী গোড়া (Saraswathi Gora; ২৮ ছেপ্টেম্বৰ ১৯১২ – ১৯ আগষ্ট ২০০৬) হ'ল এগৰাকী ভাৰতীয় সমাজকৰ্মী যিগৰাকীয়ে‍ বহু বছৰ ধৰি নাস্তিক কেন্দ্ৰৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, অস্পৃশ্যতা আৰু জাতি ব্যৱস্থাৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সৰস্বতী গোড়া (Saraswathi Gora; ২৮ ছেপ্টেম্বৰ ১৯১২ – ১৯ আগষ্ট ২০০৬) হ'ল এগৰাকী ভাৰতীয় সমাজকৰ্মী যিগৰাকীয়ে‍ বহু বছৰ ধৰি নাস্তিক কেন্দ্ৰৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, অস্পৃশ্যতা আৰু জাতি ব্যৱস্থাৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল।

জীৱনী

১৯৩০-ৰ দশকত সৰস্বতীয়ে স্বামী গোড়াৰ সৈতে দেৱদাসী আৰু বিধৱাৰ পুনৰ্বিবাহত বিজয়ী হৈছিল আৰু সম্পন্ন কৰিছিল। তেওেঁলাকে অস্পৃশ্যতা আৰু জাতি ব্যৱস্থা বিলুপ্ত কৰাৰ বাবে আৰু সমাজ সংস্কাৰৰ দিশত কৰা প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰি ১৯৪৪ চনত মহাত্মা গান্ধীৰ সেৱাগ্ৰামত থকা মহাত্মা গান্ধীৰ আশ্ৰমলৈ নিমন্ত্ৰণ কৰা হয় আৰু তাতেই দুসপ্তাহ থাকে।১

স্বামীৰ সৈতে সৰস্বতীয়ে ১৯৪০ চনত নাস্তিক কেন্দ্ৰ স্থাপন কৰে। তেওঁলোকৰ লক্ষ্য আছিল নাস্তিকতা, যুক্তিবাদ আৰু গান্ধীবাদৰ ওপৰত ভিত্তি কৰি মানৱীয় মূল্যবোধৰ প্ৰচাৰ কৰা।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ তেওঁ এগৰাকী ৰাজনৈতিক কৰ্মী, ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ কাৰাগাৰত বন্দী হৈছিল। ডেৰ-দুবছৰীয়া পুত্ৰ নিয়ন্তাক লৈ তেওঁ জেললৈ গৈছিল।

ব্যক্তিগত জীৱন

তেওঁৰ আত্মজীৱনী মাই লাইফ উইথ গোড়া ২০১২ চনত প্ৰকাশ পাইছিল (তেলেগু ভাষাত)। ২০০৬ চনৰ ১৯ আগষ্টত বিজয়াৱাদাত হাওঁফাওঁৰ সংক্ৰমণৰ বাবে তেওঁৰ মৃত্যু হয়।২

বঁটা আৰু স্বীকৃতি

২০০০ চনত কৰ্ণাটক চৰকাৰে প্ৰদান কৰা বাসৱপুৰস্কাৰৰ বাবে তেওঁ নিৰ্বাচিত হয়। তেওঁ মানৱতাবাদৰ বাবে জি. ডি. বিৰলা আন্তঃৰাষ্ট্ৰীয় বঁটা, জামনালাল বাজাজ বঁটা (১৯৯৯), জানকী দেৱী বাজাজ বঁটা আৰু পটি শ্ৰীৰামুলু তেলেগু বিশ্ববিদ্যালয়ৰ বঁটা লাভ কৰিছে।৩৪৫

তথ্যসূত্ৰ

  1. ↑ (5 April 2001). Saraswathi Gora selected for Basava Puraskar. দ্য হিন্দু
  2. ↑ (20 August 2006). Saraswathi Gora passes away. দ্য হিন্দু
  3. ↑ Jamnalal Bajaj Awards Archive. Jamnalal Bajaj Foundation
  4. ↑ (19 August 2006). http://www.oneindia.com/2006/08/19/veteran-freedom-fighter-saraswathi-gora-dies-1155971480.html
  5. ↑ (5 April 2001). আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানীনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰস্বতী গোড়া” প্ৰবন্ধৰ সংশোধন ৬৪০৩০৭ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।