অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্বৰূপ সম্পত

ড° স্বৰূপ ৰাৱাল (জন্ম নাম: সম্পত; জন্ম: ৩ নৱেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে কেইবাখনো হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে। নৰম গৰম আৰু নখুদা ছবিত অভিনয় কৰাৰ লগতে য়েহ জো হায় জিন্দেগীৰ দৰে টেলিভিছন ধাৰাবাহিকত অভিনয়ৰ কৰি তেওঁ জন-পৰিচিতি লাভ কৰে।

হালনাগাদ: ১৮ মে’ ২০২৫ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ড° স্বৰূপ ৰাৱাল (জন্ম নাম: সম্পত; জন্ম: ৩ নৱেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে কেইবাখনো হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে। নৰম গৰম আৰু নখুদা ছবিত অভিনয় কৰাৰ লগতে য়েহ জো হায় জিন্দেগীৰ দৰে টেলিভিছন ধাৰাবাহিকত অভিনয়ৰ কৰি তেওঁ জন-পৰিচিতি লাভ কৰে। তেওঁ প্ৰথমে মডেল হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১৯৭৯ চনৰ ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ খিতাপ লাভ কৰিছিল আৰু ১৯৭৯ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।১২

আদি জীৱন

স্বৰূপে ইংলেণ্ডৰ ৱৰ্চেষ্টাৰ বিশ্ববিদ্যালয়ৰ৩ পৰা শিক্ষা বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰে৷৪ শিকনত অক্ষম শিশুৰ জীৱন দক্ষতা বৃদ্ধিৰ বাবে নাটকৰ ব্যৱহাৰ বিষয়ৰ ওপৰত ডক্টৰেট ডিগ্ৰীৰ থিছিছ ৰচনা কৰিছিল।৫ সেই বিশ্ববিদ্যালয়ৰ পৰা দ্বৈত পি.এইছ.ডি. ডিগ্ৰী লাভ কৰা তেৱেঁই প্ৰথম৷৬

অভিনয় জীৱন

অভিনেতা শ্বাফী ইনামদাৰৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰি বিপুল জনপ্ৰিয় টিভি কমেডী শ্ব’ য়েহ জো হায় জিন্দেগীৰ জৰিয়তে স্বৰূপ সম্পতে প্ৰচুৰ সফলতা লাভ কৰে। খবৰ অনুসৰি, সেই সময়ত টেলিভিছনৰ আন এখন গুৰুত্বপূৰ্ণ ধাৰাবাহিকৰ প্ৰস্তাৱ তেওঁ নাকচ কৰিছিল; কাৰণ তেওঁ য়েহ জো হাই জিন্দেগীৰ চিত্ৰনাট্যখন অতি মৰ্মস্পৰ্শী বুলি বিবেচনা কৰিছিল আৰু নিশ্চিত আছিল যে, ই সাধাৰণ মানুহৰ সৈতে ভালদৰে সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ব, কাৰণ তাত তেওঁলোকৰ দৈনন্দিন জীৱনৰ কাম-কাজ আৰু সৰলতাৰে ভৰা জীৱন যাপন চিত্ৰণ কৰা হৈছে। ধাৰাবাহিকখন সৰ্বকালৰ হিট হৈ পৰাৰ বাবে তেওঁৰ সিদ্ধান্তত তেওঁ সুখী আছিল। স্বৰূপ সম্পতে কমল হাছান আৰু ৰীনা ৰয় অভিনীত ছবি কৰিশ্মাতো অভিনয় কৰিছিল।

স্বৰূপে কুমকুম কোম্পানীৰ শ্ৰিংগাৰৰ বাবে মডেলিং কৰিছিল। তেওঁ বিশেষভাৱে সক্ষম শিশুসকলক অভিনয় শিকায়।

অন্যান্য কাম আৰু পুৰস্কাৰ

চতুৰ্থবাৰৰ বাবে বহা আন্তঃৰাষ্ট্ৰীয় প্ৰাথমিক শিশু সন্মিলনত “অন্তৰ্ভুক্ত শিক্ষা’’ৰ ক্ষেত্ৰত সৰ্বাধিক অৱদানকাৰী ব্যক্তি হিচাপে তেওঁ সন্মানিত হৈছিল৷৬

তেওঁ এগৰাকী শিক্ষক প্ৰশিক্ষক৷ সমগ্ৰ ভাৰত ভ্ৰমণ কৰি শিক্ষকসকলৰ বাবে নানা কৰ্মশালা অনুষ্ঠিত কৰি এই জ্ঞান শিশুৰ সুবিধাৰ বাবে প্ৰদান কৰে।৫

তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিশুৰ বাবে শৈক্ষিক কাৰ্যসূচীৰ নেতৃত্ব দিবলৈ স্বৰূপ সম্পতক নিৰ্বাচিত কৰিছিল।৭

বিশ্বৰ ১৭৯ খন দেশৰ পৰা ১০,০০০ খন মনোনয়নৰ ভিতৰত ভাৰ্কি ফাউণ্ডেচনে পৰিচালনা কৰা গ্ল'বেল টিচাৰ প্ৰাইজৰ বাবে শীৰ্ষ ১০ গৰাকী গ্ল'বেল ফাইনেলিষ্টৰ ভিতৰত অন্যতম হিচাপে তেওঁ নিৰ্বাচিত হয়।৮

তেওঁ ২খন কিতাপ ৰচনা কৰিছে – সংক্ষিপ্তভাৱে শিক্ষণ অক্ষমতা: ডিছলেক্সিয়া, ডিছগ্ৰাফিয়া, ডিস্কেলকুলিয়া, ডিছপ্ৰেক্সিয়াৰ লগতে প্ৰেকটিছ পাৰছু: ১০-দিনীয়া বেগলেছ এপ্ৰ’চ টু প্ৰি-ভকেচনেল এডুকেচন।৬

ব্যক্তিগত জীৱন

স্বৰূপ সম্পতে অভিনেতা পৰেশ ৰাৱালৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।২ তেওঁ স্বামী অভিনীত নাটক পৰিচালনা কৰাৰ লগতে তাত অভিনয়ো কৰে। তেওঁলোকৰ দুটি পুত্ৰ সন্তান, নাম: অনিৰুদ্ধ আৰু আদিত্য।

ছবি

তেওঁ অভিনয় কৰা কেইখনমান ছবি হ’ল: নৰম গৰম, নাখুদা, হিম্মতৱালা, ছাৱাল, লোৰী, কৰিশ্মা, বহু কী আৱাজ, কৰমদাতা আদি৷ তদুপৰি, সম্পতৰ কেইখনমান জনপ্ৰিয় হিন্দী টিভি ধাৰাবাহিক হ’ল, য়েহ জো হেই জিন্দেগী, য়েহ দুনীয়া গজব কী আৰু শান্তি৷

তথ্যসূত্ৰ

  1. ↑ 1980-1971 - Beauty Pageants - Indiatimes. Femina Miss India
  2. ↑ (14 April 2007). The right recipe. The Hindu
  3. ↑ Swaroop Sampat-Profile. indiatimes.com
  4. ↑ University of Worcester - TV SOAP STAR?S PhD RESEARCH BENEFITING CHILDREN WITH SPECIAL NEEDS
  5. ↑ (25 October 2009). Teaching life skills is now her role | Ahmedabad News - Times of India. The Times of India
  6. ↑ স্বৰুপ
  7. ↑ Narendra Modi Selects Actor Swaroop Sampat as Educational Program Head | GroundReport
  8. ↑ (22 November 2020). મુકેશ અંબાણીથી ઓછી સંપતિ નથી પરેશ રાવલની પત્ની હિરોઈને પણ ટક્કર આપે છે… · Rahasya

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বৰূপ সম্পত” প্ৰবন্ধৰ সংশোধন ৫০৯৭৯৩ (১৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।