স্মিতা থাকৰে: Smita Thackeray;এগৰাকী ভাৰতীয় সমাজ কৰ্মী তথা চলচ্চিত্ৰ প্ৰযোজক। ৰাহুল প্ৰডাকচন আৰু মুক্তি ফাউণ্ডেশ্যনৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক। মহিলা সুৰক্ষা, এইচ আই ভি/এইডছ সজাগতা আৰু মহিলা সকলৰ শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আহিছে। ১৯৯৯ চনৰ জুন মাহত মুক্তি পোৱা হিন্দী ভাষাৰ কমেডী ছবি হাছিনা মান জায়েগীত তেওঁ চলচ্চিত্ৰত অভিষেক ঘটায় আৰু বিশ্বজুৰি ২৭ কোটি টকা উপাৰ্জন কৰে। তেতিয়াৰ পৰাই তেওঁ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগত ব্যাপকভাৱে কাম কৰে।১
আৰম্ভণিৰ জীৱন
১৯৫৮ চনৰ ১৭ আগষ্টত২ মুম্বাইৰ এটা মধ্যবিত্তীয় মহাৰাষ্ট্ৰীয় পৰিয়ালত স্মিতা থাকৰেৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম মধুকৰ চিত্ৰে আৰু কুণ্ডা চিত্ৰে। ছাবিলদাস গাৰ্লছ হাইস্কুল, দাদাৰত স্কুলীয়া শিক্ষা লাভ কৰিছিল। সৰুতে মাৰাঠী শাস্ত্ৰীয় গায়কীৰ প্ৰশিক্ষণ লাভ কৰিছিল। মুম্বাইৰ ৰূপৰেল কলেজৰ পৰা জেনেটিক্সত সন্মান সহ বিজ্ঞানত স্নাতক (বি এছ চি) ডিগ্ৰী লাভ কৰে।
কৰ্ম জীৱন
থাকৰে প্ৰথমে চেণ্টুয়াৰ হোটেলত কাম কৰিছিল য'ত তেওঁ সৰু ষ্টাইপেণ্ডৰ বাবে প্ৰশাসনিক আৰু পৰিচালনাৰ কামবোৰ চম্ভালিছিল।৩ তেখেতে ১৯৯৭ চনত মুক্তি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ হিচাপে কাম কৰে। ২০০১ চনৰ পৰা ২০০৩ চনলৈকে তেওঁ ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক সংস্থা (IMPPA)৪ ৰ সভানেত্ৰী আছিল।৫৬ আইএমপিপিএত থকা সময়ছোৱাত তেওঁ পাইৰেচি আৰু সংবাদ মাধ্যমৰ পুনৰ বিতৰণৰ বিষয়ে কথোপকথন আৰম্ভ কৰিছিল, বিশেষকৈ মুক্তিৰ পিছত টেলিভিছন আৰু অন্যান্য সংবাদ মাধ্যমত ছবি আৰু বিষয়বস্তুৰ নৈতিক প্ৰদৰ্শনৰ বিষয়ে।৭
বঁটা আৰু স্বীকৃতি
- ইণ্ডিয়ান চলচ্চিত্ৰ প্ৰযোজক সংস্থাই ২০০৮ চনৰ ১৬ ছেপ্টেম্বৰত ৬৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত প্ৰশংসা বঁটা প্ৰদান কৰে।।৮
- এল আৰ এক্টিভ অইলে ২০১৩ চনত ভাৰত সমাজলৈ সমাজ সেৱা আৰু ৰাজনীতিত অপৰিসীম অৱদানৰ বাবে মহিলা প্ৰেৰণা বঁটা প্ৰদান কৰে।৯
- HEX World এ সামাজিক অৱদানৰ বাবে নিউজ মেকাৰছ এচিভমেণ্ট ২০১০ উপস্থাপন কৰিছিল১০
ব্যক্তিগত জীৱন
স্মিতা থাকৰে মধুকৰ চিত্ৰে আৰু কুণ্ডা চিত্ৰেৰ কন্যা। তেওঁৰ দুগৰাকী ভগ্নী আছে, নাম স্বাতী আৰু সুষমা। তেওঁলোক উপনগৰ মুম্বাইৰ এটা মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। ১৯৮৬ চনত বাল থাকৰেৰ পুত্ৰ জয়দেৱ থাকৰেৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ২০০৪ চনত বিবাহ বিচ্ছেদ হয়,১১ যদিও তেওঁ নিজৰ শহুৰেকৰ ঘৰ 'মাতোশ্ৰী'ত থাকিবলৈ লয়।[citation needed] তেওঁৰ দুজন পুত্ৰ আছে, ডাঙৰ জন ৰাহুল থাকৰে তেওঁৰ আৰু সৰু জন আইশ্বৰী থাকৰে। ৰাহুল আৰু আইশ্বৰী, আমেৰিকান স্কুল অৱ বম্বেৰ পৰা স্নাতক হয়। ৰাহুলে টৰন্টো ফিল্ম স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু বৰ্তমান তেওঁ এজন মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰ লেখক/পৰিচালক১২১৩ আৰু চলচ্চিত্ৰ নিৰ্মাতা।
তথ্যসূত্ৰ
- ↑ From receptionist to powerful socialite, Smita Thackeray has come a long way. India Today
- ↑ Ayushmann Khurrana, Darshan Kumaar and many celebs at Smita Thackeray's birthday. PINKVILLA
- ↑ (30 November 1999). From receptionist to powerful socialite, Smita Thackeray has come a long way. India Today
- ↑ Smita Thackeray has a plan. Or three. The Times of India
- ↑ (17 December 2001). Smita Thackeray elected president of Film Federation of India. India Today
- ↑ (22 September 2002). Smita Thackeray re-elected Impaa president. The Times of India
- ↑ Smita Thackeray for strict action on piracy. The Times of India
- ↑ IMPPA Awards. The Times of India
- ↑ Women's Prerna Awards'13. The Times of India
- ↑ Hungama, Bollywood. (4 May 2010). Smita Thackeray received Newsmakers Achievers Awards 2010 · Parties & Events – Bollywood Hungama. বলিউড হাংগামা
- ↑ Defiant daughter-in-law adds to Sena woes. The Telegraph
- ↑ Deepali S Dhingra. Why it's films for this Thackeray grandson. The Times of India
- ↑ BT Exclusive: Smita Thackeray's son Rahul to direct biopic on Bal Thackeray titled 'Saheb'. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্মিতা থাকৰে” প্ৰবন্ধৰ সংশোধন ৪৯১৮৫৭ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।