স্বৰূপ ধ্ৰুৱ (ইংৰাজী ভাষা: Saroop Dhruv; জন্ম: ১৯ জুন ১৯৪৮) ভাৰতৰ গুজৰাটৰ এগৰাকী শিক্ষাবিদ, কবি আৰু সক্ৰিয় কৰ্মী।১
জীৱনী
১৯৪৮ চনৰ ১৯ জুনত [[আহমেদাবাদ][ত তেওঁৰ জন্ম হৈছিল। তেওঁ ১৯৬৯ চনত আহমেদাবাদৰ চেইণ্ট জেভিয়াৰ্ছ কলেজৰপৰা গুজৰাটী ভাষা আৰু সংস্কৃত ভাষা বিষয়ত স্নাতক ডিগ্ৰী আৰু ১৯৭১ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ স্কুল অৱ লেংগুৱেজেছৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৬ চনত তেওঁ গুজৰাট বিদ্যাপীঠৰপৰা মোটিফ নো অভ্যাস আনে কেতলিক পছন্দ কৰেলি গুজৰাটী লোককথামা তেনি তাপস (নিৰ্বাচিত গুজৰাটী লোককথাত মোটিফৰ অধ্যয়ন আৰু ইয়াৰ গৱেষণা) শীৰ্ষক গৱেষণা পত্ৰৰ বাবে পিএইচডি ডিগ্ৰী লাভ কৰে। ১৯৭৪ চনৰপৰা তেওঁ চেইণ্ট জেভিয়াৰ্ছ এডুকেচন চেণ্টাৰত গুজৰাটী ভাষাৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল।১২
ধ্ৰুৱ সাংস্কৃতিক গোষ্ঠী ‘সংবেদন সাংস্কৃতিক মঞ্চ’ আৰু মিডিয়া গ্ৰুপ ‘দৰ্শন’ৰ প্ৰতিষ্ঠাপক সদস্য আছিল; এই দুয়োটা গোটৰ উদ্দেশ্য আছিল সামাজিক পৰিৱৰ্তন। ইয়াৰ উপৰি তেওঁ ‘কলম’ নামৰ সংগঠনটোৰ প্ৰতিষ্ঠাপক, যিয়ে মহিলা লেখিকাসকলক এক মঞ্চ প্ৰদান কৰে।৩ তেওঁ নাটক লিখাৰ লগতে পৰিচালনাও কৰে।৪২
সাহিত্য কৰ্ম
১৯৮২ চনত তেওঁৰ প্ৰথম কবিতা সংকলন মাৰা হাতনি বাত (সকলো মোৰ হাততে আছে) প্ৰকাশ পায়।৫ ১৯৯৫ চনত তেওঁৰ দ্বিতীয়টো কবিতা সংকলন শলাগতি হাওয়াও (জ্বলন্ত শিখা) প্ৰকাশ পায়।৩৬ তেওঁৰ আন আন কবিতা সংকলনসমূহ হ’ল— হস্তক্ষেপ (২০০৩) আৰু সহিয়াৰা সূৰজনি খোজমা (২০০৩)।৪৩২
তেওঁৰ কবিতাসমূহৰ ইংৰাজী অনুবাদ ইন দেয়াৰ অ’ন ভইচ (১৯৯০), ৱমেন ৰাইটিং ইন ইণ্ডিয়া (১৯৯৫)৪ আৰু মডাৰ্ণ গুজৰাটী পোৱেট্ৰি: এ চিলেকচন (১৯৯৮) আদি সংকলনত স্থান পাইছে।১
তেওঁ সবৰমতী পুছে ছে (১৯৮৬), কালমুখো আন্ধাৰ ভেদৱা প্ৰথম-ষষ্ঠ খণ্ড (২০০৩), হীৰনো হিঞ্চকো: ভালবাৰানি দলিত মহিলাওদ্বাৰা গাৱতা গীত (২০০১) আৰু উম্মীদ (২০০৭) আদিকে ধৰি কিছুমান গৱেষণামূলক গ্ৰন্থ সম্পাদনা আৰু প্ৰকাশ কৰিছে।২
বঁটা আৰু সন্মান
তেওঁ নিজৰ প্ৰথম কবিতা সংকলন মাৰা হাতনি বাত (১৯৮২)ৰ বাবে গুজৰাটী সাহিত্য পৰিষদৰপৰা বঁটা লাভ কৰিছিল। ১৯৯৬ চনত তেওঁ মহেন্দ্ৰ ভগত বঁটা লাভ কৰে।৩৪ গুজৰাটত চৰকাৰী চেঞ্চৰশ্বিপৰ বিৰোধিতা কৰা আৰু সমাজসেৱাৰ বাবে হিউমেন ৰাইটছ ৱাচে তেওঁক ২০০৮ চনৰ বাবে ‘হেলমেন/হামেট বঁটা’ (সাহসী লিখনৰ বাবে) প্ৰদান কৰে।৭৮ তেওঁ মাৰা হাতনি বাতৰ বাবে তখতসিং পৰমাৰ বঁটা (১৯৮২-৮৩) লাভ কৰিছিল।৯
তথ্যসূত্ৰ
- ↑ (1998). Modern Gujarati Poetry: A Selection. Sahitya Akademi. পৃ. 79. ISBN 8126002948
- ↑ Brahmabhatt, Prasad. (2010). અર્વાચીન ગુજરાતી સાહિત્યનો ઈતિહાસ - આધુનિક અને અનુઆધુનિક યુગ. Parshwa Publication. পৃ. 143–144. ISBN 978-93-5108-247-7
- ↑ Saroop Dhruv. Poetry International Rotterdam
- ↑ Miller, Jane Eldridge. (2001). Who's who in Contemporary Women's Writing. Psychology Press. পৃ. 84. ISBN 0415159806
- ↑ Nalini Natarajan; Emmanuel Sampath Nelson. (1996). Handbook of Twentieth-century Literatures of India. Greenwood Publishing Group. পৃ. 125. ISBN 978-0-313-28778-7
- ↑ Chaudhari. (2005). વીસમી સદીનું ગુજરાતી નારીલેખન. সাহিত্য অকাডেমি. পৃ. 361. ISBN 8126020350
- ↑ Year Book 2009. Bright Publications. পৃ. 146
- ↑ (2008-05-25). Award for woman playwright. The Hindu
- ↑ Desai, Parul. (2013). Gujarati Sahitya Parishad Prize. Gujarati Sahitya Parishad. পৃ. 40
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বৰূপ ধ্ৰুৱ” প্ৰবন্ধৰ সংশোধন ৫৯২১৭৭ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।