স্বৰ্ণ আক্তাৰ (ইংৰাজী: Shorna Akter) (জন্ম: ১ জানুৱাৰী, ২০০৭) এগৰাকী বাংলাদেশী ক্ৰিকেটাৰ। তেওঁ বাংলাদেশ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ হৈ সোঁহতীয়া লেগ স্পিন বলাৰ আৰু সোঁহতীয়া বেটছমেন হিচাপে খেলে।১২
আন্তৰ্জাতিক কেৰিয়াৰ
২০২২ চনৰ ডিচেম্বৰ মাহত তেওঁ ২০২৩ আইচিচি অনুৰ্দ্ধ-১৯ মহিলা টি২০ বিশ্বকাপৰ বাবে বাংলাদেশ জাতীয় অনুৰ্দ্ধ-১৯ মহিলা ক্ৰিকেট দলত নিৰ্বাচিত হয়।৩৪ সেই শৃংখলাত তেওঁ এটা অৰ্ধ-শতক সহ (৫০*) ৫১.০০ গড় হিচাপে ১৫৩ ৰাণ কৰে। তেৱেঁই একমাত্ৰ বাংলাদেশী খেলুৱৈ যি শৃংখলাটোত দলৰ হৈ স্থান লাভ কৰে।৫
২০২৩ চনৰ জানুৱাৰী মাহত তেওঁক ২০২৩ আইচিচি মহিলা টি২০ বিশ্বকাপৰ বাবে বাংলাদেশৰ টি-টুৱেণ্টি দলত ৰখা হয়।৬৭ ২০২৩ চনৰ ১২ জানুৱাৰীত শ্ৰীলংকাৰ বিপক্ষে টি২০ বিশ্বকাপত তেওঁৰ টুৱেণ্টি২০ আন্তৰ্জাতিক অভিষেক ঘটে। ৮ সেই শৃংখলাটোত ৰ্তেওঁ ৫৯ ৰাণ কৰে আৰু ২ উইকেট লাভ কৰে।
২০২৩ চনৰ এপ্ৰিল মাহত শ্ৰীলঙ্কাৰ বিপক্ষে খেলা চিৰিজৰ বাবে বাংলাদেশৰ টি-টুৱেণ্টি আৰু এদিনীয়া দলত স্বৰ্ণাৰ নাম অন্তৰ্ভুক্ত কৰা হয়।৯১০
২০২৩ চনৰ জুলাই মাহত ভাৰতৰ বিৰুদ্ধে খেলা শৃংখলাৰ বাবে আক্তাৰে বাংলাদেশৰ এদিনীয়া দলত স্থান লাভ কৰে।১১১২ ১৬ জুলাই, ২০২৩-ত ভাৰতৰ বিপক্ষে আক্তাৰৰ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটে। ১৩ কিন্তু এপেণ্ডিচাইটিছৰ বিষৰ বাবে তেওঁ বেটিং কৰিব পৰা নাছিল।[[১৪
২০২৩ চনৰ আগষ্ট মাহত আক্তাৰে ২০২২ এছিয়ান গেমছৰ বাবে বাংলাদেশ দললৈ নিৰ্বাচিত হয়।১৫ সেই প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক বিজয়ী বাংলাদেশ দলৰ অংশ আছিল।১৬১৭
২০২৩ চনৰ অক্টোবৰ মাহত তেওঁ পাকিস্তানৰ বিৰুদ্ধে টি-টুৱেণ্টি চিৰিজত অল ৰাউণ্ডাৰ হিচাপে খেলে আৰু বাংলাদেশক পাকিস্তানৰ বিৰুদ্ধে প্ৰথম টি-টুৱেণ্টি চিৰিজ জয়লাভ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।১৮ ২০২৩ চনৰ ৩ ডিচেম্বৰত বাংলাদেশে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰাৰ সময়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ত প্ৰথমবাৰৰ বাবে তেওঁ মেইডেন পাঁচ উইকেট (৪ অভাৰত ৫/২৮) লাভ কৰে।১৯২০২১
২০২৪ চনৰ আই চি চি মহিলা টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশ দলত আক্তাৰে স্থান লাভ কৰে।২২
তথ্যসূত্ৰ
- ↑ Shorna Akter. ESPNcricinfo
- ↑ Shorna Akter. CricketArchive
- ↑ (29 December 2022). Bangladesh squad for ICC U19 Women's T20 World Cup announced. Bangladesh Cricket Board
- ↑ (30 December 2022). Bangladesh U19 Announces squad for the ICC U19 Women's T20 World Cup. Female Cricket
- ↑ (30 January 2023). Bangladesh's Shorna Akter named in ICC team of the tournament. Prothom Alo
- ↑ (22 January 2023). Bangladesh pick four Under-19 players in senior Women's T20 World Cup squad. ESPNcricinfo
- ↑ (22 January 2023). Bangladesh call up U19 stars for Women's T20 World Cup squad. International Cricket Council
- ↑ 5th Match, Group 1 (N), Cape Town, February 12, 2023, ICC Women's T20 World Cup. ESPNcricinfo
- ↑ (13 July 2023). Bangladesh Women's squad for ODI series against India. Bangladesh Cricket Board
- ↑ Sharmin earns recall for ODIs against India, Jahanara continues to miss out. ESPNcricinfo
- ↑ (13 July 2023). Bangladesh Women's squad for ODI series against India. Bangladesh Cricket Board
- ↑ Sharmin earns recall for ODIs against India, Jahanara continues to miss out. ESPNcricinfo
- ↑ 1st ODI, Mirpur, July 16, 2023, India Women tour of Bangladesh. ESPNcricinfo
- ↑ (16 July 2023). Bangladesh Women's Shorna Akter admitted to hospital on ODI debut against India after appendicitis pain. India Today
- ↑ (30 August 2023). Bangladesh Women's squad for 19th Asian Games, Hangzhou, China announced. Bangladesh Cricket Board
- ↑ (25 September 2023). Bangladesh crush Pakistan to win bronze in women's cricket. Prothom Alo
- ↑ Asian Games: Shorna Akter stars with ball and bat to give Bangladesh bronze. ESPNcricinfo
- ↑ Shorna, spinners help Bangladesh to first T20I series win over Pakistan. ESPNcricinfo
- ↑ Bangladesh teen Shorna stuns South Africa with five-for. ESPNcricinfo
- ↑ (3 December 2023). 16-year-old spinner Shorna Akter takes five-for to inspire Bangladesh to historic win over South Africa. Wisden
- ↑ Bangladesh's 16-year-old Shorna Akter picks up five wickets in victory over South Africa. Sky Sports
- ↑ (18 September 2024). Bangladesh Squad for ICC Women's T20 World Cup 2024. Bangladesh Cricket Board
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বৰ্ণা আক্তাৰ” প্ৰবন্ধৰ সংশোধন ৫৭০১৪৭ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।