অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সৰস্বতী ৰানে

সৰস্বতী ৰানে ( Saraswati Rane; ৪ অক্টোবৰ, ১৯১৩ - ১০ অক্টোবৰ, ২০০৬) হিন্দুস্তানী শাস্ত্ৰীয় ধাৰাৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ কিৰানা ঘৰাৰ প্ৰতিষ্ঠাপক ওস্তাদ আব্দুল কৰিম খানৰ কন্যা। তেওঁৰ পৰিয়ালৰ দীঘলীয়া আৰু মহান সংগীতৰ পৰম্পৰা আছিল।

হালনাগাদ: ১৫ মাৰ্চ ২০২৫ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সৰস্বতী ৰানে ( Saraswati Rane; ৪ অক্টোবৰ, ১৯১৩ - ১০ অক্টোবৰ, ২০০৬) হিন্দুস্তানী শাস্ত্ৰীয় ধাৰাৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ কিৰানা ঘৰাৰ প্ৰতিষ্ঠাপক ওস্তাদ আব্দুল কৰিম খানৰ কন্যা। তেওঁৰ পৰিয়ালৰ দীঘলীয়া আৰু মহান সংগীতৰ পৰম্পৰা আছিল। তেওঁ কিৰানা ঘৰানা শৈলীৰ কণ্ঠ সংগীতৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ তেওঁৰ ককায়েক সুৰেশবাবু মানে আৰু বায়েক হীৰাবাই বৰোদেকৰৰ পৰা লাভ কৰিছিল, যিসকল নিজেই তেওঁলোকৰ সময়ৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দিগগজ আছিল।১ পিছলৈ তেওঁ বায়েক হীৰাবাই বৰোদেকৰৰ সৈতেও বিশেষকৈ যুগলবন্দী গাইছিল।২

প্ৰাৰম্ভিক জীৱন আৰু প্ৰশিক্ষণ

১৯১৩ চনৰ ৪ অক্টোবৰত তেওঁৰ জন্ম হৈছিল। পিতৃ আছিল কিৰানা ঘৰানাৰ প্ৰতিষ্ঠাপক ওস্তাদ আব্দুল কৰিম খান (১৮৭২–১৯৩৭) আৰু মাতৃ আছিল তাৰাবাই মানে। এক সাংগীতিক পৰিবেশৰ মাজত তেওঁ ডাঙৰ-দীঘল হয়। স্বামীৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত মাক তাৰাবাইয়ে পাঁচোটা সন্তানৰ নাম সলনি কৰে; সেয়েহে সকিনা কুমাৰী সৰস্বতী মানে হৈ পৰিল। তেওঁক ককায়েক সুৰেশবাবু মানেই সংগীতৰ শিক্ষা দিয়ে। পিছলৈ ১৯৩০ চনৰ পিছত বায়েক হীৰাবাই বৰদেকৰৰ পৰাও শিকিবলৈ আৰম্ভ কৰে।

সংগীতৰ জ্ঞান বৃদ্ধিৰ বাবে তেওঁ আল্লাদিয়া খানৰ ভতিজা, জয়পুৰ ঘৰানাৰ ওস্তাদ নত্থন খান, গোৱালিয়ৰ ঘৰানাৰ অধ্যাপক বি আৰ দেওধৰ আৰু পণ্ডিত মাষ্টৰ কৃষ্ণৰাও ফুলমবৰীকৰৰ দৰে বিভিন্ন ঘৰানাৰ ওস্তাদৰ পৰাও তালিম (প্ৰশিক্ষণ) লাভ কৰে।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kirana Gharana
  2. ↑ Wade, Bonnie C. (1994). Khyāl: creativity within North India's classical music tradition. Cambridge University Press Archive. পৃ. 196. ISBN 0-521-25659-3
  3. ↑ Misra, Susheela. (2001). Among contemporary musicians. Harman Pub. House. পৃ. 90–91. ISBN 9788186622469

সম্পৰ্কিত শ্ৰেণী

মাৰাঠী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰস্বতী ৰানে” প্ৰবন্ধৰ সংশোধন ৪৯১৮৬১ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।