অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্বাতী ভিসে

স্বাতী ভিসে (ইংৰাজী: Swati Bhise; জন্ম: ২১ অক্টোবৰ ১৯৫৯) এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য পৰিচালক, শিক্ষাবিদ, প্ৰযোজক, পৰিচালক, লেখিকা আৰু কলা প্ৰচাৰক।

হালনাগাদ: ১ জুন ২০২৬ ৫০২ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

স্বাতী ভিসে (ইংৰাজী: Swati Bhise; জন্ম: ২১ অক্টোবৰ ১৯৫৯) এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য পৰিচালক, শিক্ষাবিদ, প্ৰযোজক,১ পৰিচালক, লেখিকা আৰু কলা প্ৰচাৰক।২

কেৰিয়াৰ

স্বাতী ভিসে হৈছে পদ্ম বিভূষণ বঁটা বিজয়ী সোণাল মানসিংহৰ প্ৰথম শিষ্যা।৩ নতুন দিল্লীৰ চেণ্টাৰ অৱ ইণ্ডিয়ান ক্লাছিকেল ডান্সত প্ৰথমবাৰৰ বাবে অভিনয় কৰাৰ পিছৰে পৰা তেওঁ “নেচনেল চেণ্টাৰ ফৰ দ্য পাৰফৰ্মিং আৰ্টছ (ইণ্ডিয়া), লিংকন চেণ্টাৰ”,৪ “এছিয়া ছ'চাইটি”, “চিম্ফনী স্পেচ”, “মেট্ৰ'পলিটান মিউজিয়াম”কে ধৰি বিভিন্ন স্থানত বিশ্বজুৰি ব্যাপকভাৱে অনুষ্ঠান পৰিৱেশন কৰিছে।৫ তেওঁৰ কিছুমান অধিক উল্লেখযোগ্য অভিনয় হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৪০ বছৰীয়া জয়ন্তী,৬ “টিফানী এণ্ড কো”ৰ বাবে “এলছা পেৰেট্টি” আৰু “পালোমা পিকাচো”ৰ নতুন মেছ ডিজাইনৰ উন্মোচন আৰু “দ্য মেট্ৰ'পলিটান মিউজিয়াম অৱ আৰ্ট”ৰ দক্ষিণ এছিয়ান ভাস্কৰ্য্য শাখাৰ শুভ মুক্তিৰ সময়ত কৰা পৰিবেশন।৫ স্বাতীয়ে চিডনী গোল্ডফাৰ্ব আৰু জুলি টেমৰে অভিযোজিত কৰা থমাছ মানৰ “দ্য ট্ৰেন্সপ’জড হেডছ”ৰ বাবেও ভাৰতীয় নৃত্য পৰিচালনাৰ৭ কাম কৰিছিল।৮ স্বাতীক চি.বি.এছ.ৰ এখন তথ্যচিত্ৰ 'চেক্ৰেড আৰ্টছ'ত তেওঁৰ ক্ষেত্ৰখনৰ অন্যতম আগশাৰীৰ অভিনেতা হিচাপে চিত্ৰায়িত কৰা হৈছিল।৯

শিক্ষকতা

স্বাতীয়ে ১৯৯১ চনৰ পৰা ২০০৬ চনলৈকে নিউয়ৰ্ক চহৰৰ ব্ৰেয়াৰলি স্কুলত আৱাসিক শিল্পী হিচাপে কাম কৰিছিল১০ আৰু শিশু আৰু কিশোৰ-কিশোৰীৰ শিক্ষাৰ ক্ষেত্ৰত ভাৰতীয় কলাৰ বাবে অলাভজনক সংস্কৃত কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল।১১ তেওঁ চিম্ফনী স্পেচত দ্য কাৰিকুলাম ইন আৰ্টছ প্ৰগ্ৰেমৰ বাবে অধ্যাপনা কৰি আছে১২ আৰু ১৯৯৬ চনৰ পৰা লিংকন চেণ্টাৰ ইনষ্টিটিউটৰ সন্মানীয় শিল্পী হিচাপে কৰ্মৰত। কলম্বিয়া বিশ্ববিদ্যালয়, নিউয়ৰ্ক বিশ্ববিদ্যালয়, অষ্টিনত থকা টেক্সাছ বিশ্ববিদ্যালয়, টেক্সাছৰ ছেইণ্ট মাৰ্কছ স্কুল, দ্য ডাল্টন স্কুল, ব্ৰেয়াৰলি স্কুল, আদি সমগ্ৰ আমেৰিকাৰ শতাধিক ৰাজহুৱা আৰু ব্যক্তিগত বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অনুষ্ঠান পৰিৱেশন কৰিছে।৫ ২০২৩ চনৰ ১৩ মাৰ্চত ৰাষ্ট্ৰসংঘৰ এন. জি. অ'. “CSW67 Forum on Right to an Inclusive, Safe and Secure Digital Existence for Women and Girls”ৰ স্বাতী ভিসে অন্যতম উপস্থাপনকাৰী বক্তা আছিল।১৩

থিয়েটাৰ আৰু চলচ্চিত্ৰ নিৰ্মাণ

২০১২ চনত স্বাতীয়ে ভাৰতৰ গোৱাত প্ৰতি বছৰে অনুষ্ঠিত হোৱা তিনিদিনীয়া মহোৎসৱ “দ্য ছাদিৰ থিয়েটাৰ ফেষ্টিভেল” প্ৰতিষ্ঠা কৰে।১৪ লিলেট ডুবে, গিৰীশ কৰ্ণাদ, ৰজত কাপুৰ, মহম্মদ আলী বেইগ, বিক্ৰম কাপাডিয়া আদি নাট্য তাৰকাসকলে বছৰ বছৰ ধৰি এই মহোৎসৱত অংশগ্ৰহণ কৰি আহিছে আৰু এতিয়াও তেওঁ এই উৎসৱৰ কলাত্মক পৰিচালক।১৫ স্বাতীয়ে ইউনেস্কোৰ ঐতিহ্যমণ্ডিত কলা ৰূপ চীনা নাট্যৰ অন্যতম পুৰণি শৈলী কুংকু অপেৰাকো ভাৰতলৈ লৈ আহে আৰু প্ৰথমবাৰৰ বাবে মুম্বাইৰ “দ্য নেচনেল চেণ্টাৰ ফৰ দ্য পাৰফৰ্মিং আৰ্টছ” আৰু নতুন দিল্লীৰ “চিৰি ফ'ৰ্ট অডিটৰিয়াম”ত অভিনয় প্ৰদৰ্শন কৰে।১৬ ২০১৪ চনত স্বাতীয়ে দেৱ পেটেল আৰু জেৰেমি আইৰনছ অভিনীত এডৱাৰ্ড আৰ প্ৰেছমেনৰ ছবি “দ্য মেন হু ন' ইনফিনিটি”ৰ কাৰ্যবাহী প্ৰযোজক আৰু ভাৰতীয় সাংস্কৃতিক পৰামৰ্শদাতা১৭ হিচাপে কাম কৰাৰ পিছত “কেয়েন পেপাৰ প্ৰডাকচনছ” নামৰ এটা চলচ্চিত্ৰ নিৰ্মাণ কোম্পানী প্ৰতিষ্ঠা কৰে। ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয়।১৮

শেহতীয়াকৈ স্বাতীয়ে ১৯ শতিকাৰ ভাৰতত পৰিৱেশিত এখন ব্ৰিটিছ / ভাৰতীয় স্ব-লিখিত পিৰিয়ড নাটক পৰিচালনা সমাপ্ত কৰে। ২০১৯ চনৰ নৱেম্বৰ মাহত আমেৰিকা, কানাডা আৰু ভাৰতৰ চিনেমাগৃহত “দ্য ৱাৰিয়ৰ কুইন অৱ ঝান্সী” ছবিখনে মুক্তি লাভ কৰে।১৯ এই ছবিখনেই বাদামী ৰঙৰ মহিলা নায়িকাক মুখ্য চৰিত্ৰ প্ৰদান কৰা ইতিহাসৰ প্ৰথমখন হলিউডৰ একচন ছবি আছিল আৰু ছবিখনে “ইমপেক্ট এৱাৰ্ড” লাভ কৰিছিল। তেওঁৰ কন্যা দেৱীকা ভিসেও ছবিখনত অভিনয় কৰিছিল।

স্বাতীয়ে নৱম বাৰ্ষিক মহিন্দ্ৰা এক্সেলেন্স ইন থিয়েটাৰ এৱাৰ্ডছ (মেটা)ত শ্বাবানা আজমী, সুষমা ছেঠ, কুলভূষণ খাৰবান্দা, আৰু উত্তকৰ্শ মজুমদাৰৰ সৈতে পাঁচজনীয়া গ্ৰেণ্ড জুৰীকে ধৰি বহুতো আসন অলংকৃত কৰিছে।২০ তেওঁ হৈছে মাতৃ উষা গুপ্তেৰ “আইৰ ৰেচিপিছ: ট্ৰেডিচনেল ইণ্ডিয়ান কুইজিন ফ্ৰম মহাৰাষ্ট্ৰ” নামৰ গ্ৰন্থখনৰ সহ-লেখিকা।২১

২০২২ চনৰ ৩০ অক্টোবৰত স্বাতী ভিসে নেতৃত্ব আৰু সেৱাত উৎকৃষ্টতাৰ বাবে ‘আৰ্টছ৮অল ফাউণ্ডেশ্যন’ৰ (Arts4All Foundation) পৰা নেতৃত্ব বঁটা লাভ কৰে।

স্বাতী ভিসে ২০২৩ চনৰ ৮ মাৰ্চত এছিয়া ছ'চাইটি ফৰ আৰ্টছ ভিজনাৰীৰ পৰা এছিয়া আৰ্টছ গেম চেঞ্জাৰ বঁটা লাভ কৰে।২২

ব্যক্তিগত জীৱন

স্বাতী ভিসে বৰ্তমান স্বামী ভাৰত ভিসে আৰু মাতৃৰ সৈতে নিউয়ৰ্ক আৰু গোৱাত থাকে। তেওঁৰ স্বামী ভাৰত ভিসে এজন ব্যৱসায়ী।

তথ্যসূত্ৰ

  1. ↑ 'The Man Who Knew Infinity' to open Zurich. Screendaily.com
  2. ↑ Mother's recipes for you. Indiatimes.com
  3. ↑ Centre for Indian Classical Dances | SonalMansingh
  4. ↑ (20 November 2001). Swati G. Bhise in East Indian Classical Dance. Backstage.com
  5. ↑ Interview - Swati Bhise, an ambassador of Bharatanatyam in NYC by Lalitha Venkat. Narthaki.com
  6. ↑ Makhijani, Vishnu. Indian American danseuse brings Chinese opera to India - Diaspora. Thesouthasiantimes.info
  7. ↑ Theater, Lincoln Center. The Transposed Heads - Who's Who - Lincoln Center Theater. Lincoln Center Theater
  8. ↑ Gussow, Mel. (November 1986). STAGE: 'TRANSPOSED HEADS'. The New York Times
  9. ↑ (19 April 2007). TV Special Showcases Arts Within Religion. cbsnews.com
  10. ↑ Heyman, Marshall. (14 December 2015). Dancing to a Traditional Indian Beat. Wsj.com
  11. ↑ Out & About. The New York Sun
  12. ↑ Symphony Space - Asian Studies. Symphonyspace.org
  13. ↑ CSW 67: Right to an Inclusive, Safe and Secure Digital Existence for Women and Girls. CSR India
  14. ↑ (7 March 2016). Return of the Sadir Theatre Festival. The Navhind Times
  15. ↑ (8 March 2016). Sadir Theatre Fest to kick off on March 18. The Times of India
  16. ↑ Sandhu, Veenu. (29 November 2014). The Peony Pavilion: With (ancient) love from China. Business Standard India. Business Standard
  17. ↑ Interview with The Man Who Knew Infinity's executive producer Swati Bhise. Msn.com
  18. ↑ (17 September 2015). TIFF: 'Man Who Knew Infinity' Director Says Film Was "10 Years in the Making". Hollywoodreporter.com
  19. ↑ The Warrior Queen of Jhansi (2019) - IMDb. IMDb
  20. ↑ 9th Annual Mahindra Excellence in Theatre Awards Announced - Manoj Omen, MD Pallavi & More!. Broadwayworld.com
  21. ↑ Usha Gupte, Swati Bhise. (2012). Aai's Recipes: Traditional Indian cuisine from Maharashtra. Merge Corporation. ISBN 978-0615676074
  22. ↑ 2023 Asia Arts Game Changer Awards. Asia Society

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বাতী ভিসে” প্ৰবন্ধৰ সংশোধন ৬১০৭২৮ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।