স্বস্তিকা মুখাৰ্জী (বঙালী ভাষা: স্বস্তিকা মুখোপাধ্যায়; জন্ম: ১৩ ডিচেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত বঙালী ভাষা আৰু হিন্দী ভাষা চলচ্চিত্ৰ আৰু টেলিভিছনত অভিনয় কৰে। তেওঁ অভিনেতা সন্তু মুখাৰ্জীৰ কন্যা।১ তেওঁৰ কেৰিয়াৰত তেওঁ চাৰিটা ফিল্মফেয়াৰ এৱাৰ্ড ইষ্ট (শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে তিনিটা বিজয়সহ), এটা WBFJA, এটা আনন্দলোক বঁটা আৰু এটা কলাকাৰ বঁটা লাভ কৰিছে।
মুখাৰ্জীয়ে পৰ্দাত আত্মপ্ৰকাশ কৰিছিল দেৱদাসী নামৰ বাংলা টিভি ধাৰাবাহিকৰ জৰিয়তে। হেমন্তৰ পাখি (২০০১) ছবিৰে ডাঙৰ পৰ্দাত অভিষেক ঘটায়। জিতৰ বিপৰীতে মস্তান (২০০৪)-ত তেওঁ প্ৰথম মুখ্য চৰিত্ৰত অভিনয় কৰে। মুম্বাই কাটিং (২০০৮) ছবিৰে হিন্দী চলচ্চিত্ৰত অভিষেক ঘটায়।
প্ৰাথমিক জীৱন
মুখাৰ্জীয়ে পিতৃ সন্তু মুখাৰ্জী, মাতৃ গোপা আৰু কনিষ্ঠ ভগ্নী অজোপাৰ সৈতে এক সৰল পৰিৱেশত নিজৰ শৈশৱ কটায়।২ তেওঁ কলকাতাৰ কাৰ্মেল স্কুল, ছেইণ্ট টেৰেছা মাধ্যমিক বিদ্যালয় আৰু গোখলে মেম’ৰিয়েল গাৰ্লছ কলেজত শিক্ষা গ্ৰহণ কৰে। পিছত যাদৱপুৰ বিশ্ববিদ্যালয়ৰপৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩
ব্যক্তিগত জীৱন
১৯৯৮ চনত ১৮ বছৰ বয়সত স্বস্তিকা মুখাৰ্জীয়ে ৰবীন্দ্ৰ সংগীত শিল্পী সাগৰ সেনৰ পুত্ৰ প্ৰমিত সেনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই বিবাহটো অসুখী আছিল আৰু দুবছৰ ধৰি চলিছিল। স্বস্তিকাই অভিযোগ কৰে যে গৰ্ভাৱস্থাত প্ৰমিতে তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল আৰু তেওঁলোকৰ ঘৰৰ বাহিৰত বন্ধ কৰি ৰাখিছিল। তেওঁ প্ৰমিতৰ বিৰুদ্ধে নিষ্ঠুৰতা আৰু যৌতুক বিচৰাৰ অভিযোগ দাখিল কৰে। পৰৱৰ্তী সময়ত এই অভিযোগসমূহ খাৰিজ কৰা হয় আৰু প্ৰমিত সেনক দোষমুক্ত কৰা হয়।৪
পিছলৈ স্বস্তিকাই আদালতত এখন শপতনামা দাখিল কৰি তেওঁৰ অভিযোগসমূহ ‘‘অভিত্তিহীন, মিছা, ভিত্তিহীন আৰু জল্পনা-কল্পনাভিত্তিক’’ বুলি উল্লেখ কৰে আৰু তাৰ পাছত এক সংবাদ-মেলত এই অভিযোগসমূহ মিছা বুলি স্বীকাৰ কৰে।৫৬
ইয়াৰ ফলস্বৰূপে প্ৰমিত সেনৰ ভাতৃয়ে কলিকতা উচ্চ ন্যায়ালয়ত ক্ষতিপূৰণৰ বাবে গোচৰ ৰুজু কৰে আৰু আদালতে স্বস্তিকাক ৭.৭ কোটি টকা (প্ৰায় ১.৭ মিলিয়ন আমেৰিকান ডলাৰ) পৰিশোধৰ দায়িত্ব আৰোপ কৰে।৭ মুখাৰ্জীৰ মতে, ২০০০ চনত প্ৰমিত সেনে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল যদিও তেওঁ অভিনয় জীৱনত সফল হোৱাৰ পিছত নিজৰ সিদ্ধান্ত সলনি কৰে। এই বিবাহৰপৰা তেওঁৰ এগৰাকী কন্যা জন্ম হয়, যাৰ নাম অন্বেষা; তেওঁৰ জন্ম ২০০০ চনত হৈছিল।৮
২০০১ চনত স্বস্তিকা মুখাৰ্জীয়ে প্ৰবীণ নৃত্যশিল্পী তনুশ্ৰী শংকৰৰপৰা নৃত্য শিক্ষা ল’বলৈ আনন্দ শংকৰ চেণ্টাৰ ফৰ কালচাৰত নামভৰ্তি কৰে। মস্তান ছবিৰ চিত্ৰগ্ৰহণৰ সময়ত তেওঁ সহ-অভিনেতা জিতৰ সৈতে সম্পৰ্ক আৰম্ভ কৰে। তেওঁলোকে একেলগে কেইবাখনো ছবিত অভিনয় কৰে, যেনে ক্ৰান্তি, সতিহাৰা, প্ৰিয়তমা, কৃষ্ণকান্তৰ উইল, পিতৃভূমি আৰু পাৰ্টনাৰ।
পিছলৈ ব্ৰেক ফেইল ছবিৰ চিত্ৰগ্ৰহণৰ সময়ত তেওঁ পৰমব্ৰত চেটাৰ্জীৰ সৈতে সম্পৰ্ক আৰম্ভ কৰে।৯ যিহেতু সেই সময়ত স্বস্তিকা এতিয়াও প্ৰমিত সেনৰ সৈতে বৈধভাৱে বিবাহিত আছিল, সেয়েহে প্ৰমিতে পৰমব্ৰত চেটাৰ্জীৰ বিৰুদ্ধে অপৰাধমূলক ব্যভিচাৰ আৰু বিবাহিত মহিলাক প্ৰলোভিত কৰাৰ অভিযোগ দাখিল কৰে।৮
২০১০ চনত পৰমব্ৰত চেটাৰ্জীয়ে ব্ৰিষ্টললৈ গমন কৰাৰ পাছত তেওঁলোকৰ সম্পৰ্কৰ সমাপ্তি ঘটে।১০
বিতৰ্ক
২০১৪ চনৰ মে’ মাহত আত্মহত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত মুখাৰ্জীয়ে চিকিৎসালয়ত ভৰ্তি হৈছিল। স্থানীয় তীব্ৰ প্ৰতিবাদত কলকাতা আৰক্ষীয়ে মুখাৰ্জীৰ প্ৰেমিক সুমন মুখোপাধ্যায়ক আটক কৰে।১১
চলচ্চিত্ৰৰ তালিকা
| বছৰ | চলচ্চিত্ৰ | পৰিচালক | চৰিত্ৰ/ ভূমিকা | সহশিল্পী | |||||
|---|---|---|---|---|---|---|---|---|---|
| ২০০৩ | মাস্তান | ৰবি কিনাগী | জিৎ | ||||||
| হেমন্তেৰ পাখী | উৰ্মী চক্ৰবৰ্তী | পৰমব্ৰত চট্টোপাধ্যায় | |||||||
| ২০০৪ | ক্ৰিমিনাল | প্ৰসেনজিৎ চট্টোপাধ্যায় | |||||||
| ২০০৫ | তবু ভালবাসি | বিৰেশ চট্ৰোপাধ্যায় | প্ৰসেনজিৎ চট্টোপাধ্যায় | ||||||
| মন্ত্ৰ | ৰবিৰঞ্জন মৈত্ৰ | সব্যসাচী চক্ৰবৰ্তী, লকেট চট্টোপাধ্যায়, সৌমিত্ৰ চেটাৰ্জী, ৰজতাভ দত্ত | |||||||
| ২০০৬ | ক্ৰান্তি | ৰিঙ্গি | জিৎ | ||||||
| ২০০৮ | পাৰ্টনাৰ | শংকৰ ৰায় | প্ৰিয়া ভট্টাচাৰ্য | জিৎ | |||||
| ''কৃষ্ণকান্তেৰ উইল' '| | ৰাজা সেন | | | |- |rowspan="2"| ২০০৯ | | ব্ৰেক ফেল | | কৌশিক গাঙ্গুলী | | | পৰমব্ৰত চট্টোপাধ্যায়, কোয়েল মল্লিক |- | সবাৰ উপৰে তুমি | | এফ আই মাণিক | | | শাকিব খান |- | ২০১০ | | জিৰো থাৰটি থ্ৰি| | ব্ৰিশা দেশগুপ্ত | | মৃণালিনী | | পৰমব্ৰত চট্টোপাধ্যায় |- |rowspan="3"| ২০১১ | | মুম্বাই কাটিং | | অয়ুস ৰায়না | | | অৰ্জুন মত্থুৰ, প্ৰমোদ পাথক |- | নন্দিনী | | সুব্ৰত সেনা | | | | |- |- | বাই বাই ব্যাংকক | | অনিকেত চট্ৰোপাধ্যায় | | তনিমা | | ৰুদ্ৰনীল ঘোষ |- |rowspan="2"| ২০১২ | | ভূতেৰ ভৱিষ্যত | | অনীক দত্ত | | কদলিবালা | | সব্যসাচী চক্ৰবৰ্তী, পৰমব্ৰত চট্টোপাধ্যায়, পৰাণ বন্দ্যোপাধ্যায় |- | আসবো আৰ একদিন| | অভিজিৎ দাশগুপ্ত | | | আবীৰ চট্টোপাধ্যায়, গৌৰব চক্ৰবৰ্তী, ৰুপা গাঙ্গুলী |- | rowspan="6"| ২০১৩ | | আমি আৰ আমাৰ গাৰ্লফ্ৰেণ্ডস | | মৈনাক ভৌমিক | | শ্ৰী | | পৰ্ণ মিত্ৰ, ৰাইমা সেন |- | বসন্ত উৎসৱ | | ৰিতব্ৰত ভট্ৰাচাৰ্য্য | | | পৰমব্ৰত চট্টোপাধ্যায়, পাওলি দাম |- | তবে তাই হোক | | সৌগত ৰায় ৰৰ্মন ও টিম ভিভা | | তিলত্তমা | | |- | শেষেৰ কবিতা | | সুমন মুখোপাধ্যায় | | | | ৰাহুল বসু, কংকনা সেন শৰ্মা |- | মাছ মিষ্টি এণ্ড মোৰ | | মৈনাক ভৌমিক | | ৰীনা | | পৰমব্ৰত চট্টোপাধ্যায় |- | মিশৰ ৰহস্য | | সৃজিত মুখোপাধ্যায় | | | | প্ৰসেনজিৎ চট্টোপাধ্যায়, তৃধা ৰায় |- | rowspan="3"| ২০১৪ | | জাতিস্মৰ | | সৃজিত মুখোপাধ্যায় | | প্ৰসেনজিৎ চট্টোপাধ্যায়, যিশু সেনগুপ্ত, আবীৰ চট্টোপাধ্যায় | | |- | টেক ওয়ান | | মৈনাক ভৌমিক | | | | |- | ঋণ | | অৰিন্দম শীল | | | | আবীৰ চট্টোপাধ্যায়, পায়েল সৰকাৰ |- | ২০১৬ | | কিৰীটী ৰায় | | অনিকেত চট্টোপাধ্যায় | | জুনিফাৰ | | চিৰঞ্জিত |- | ২০২০ | | তাসেৰ ঘৰ | সুদীপ্ত ৰায় | সুজাতা |
তথ্যসূত্ৰ
- ↑ Interview: Swastika Mukherjee. The Telegraph
- ↑ (এপ্ৰিল ২০১৯). Swastika poses with father Santu Mukherjee. The Times of India
- ↑ (২৬ নৱেম্বৰ ২০০৯). Interview with Swastika Mukherjee. Savvy
- ↑ (9 June 2000). Singer Behind Bars for Wife-Bashing. Calcutta Telegraph
- ↑ says, Ankan Basu. Bengali Film Actress Swastika Mukherjee confessed false dowry allegations – Calcutta Tube
- ↑ Paatal Lok Actor Swastika Mukherjee Publicly Apologised For Filing 498A Case Against Husband's Family
- ↑ Actress loses appeal in Rs 7.7 crore case. The Telegraph (India)
- ↑ (18 September 2009). Arrest warrant against Param. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Dasgupta, Priyanka. (5 July 2009). An intimate scene would be a pushover. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (5 September 2010). Swastika ready for one night stand?. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Roy, Gitanjali. (6 November 2014). Swastika Mukherjee: Bengals Sweetheart But Off-Screen, a Darker Story – NDTV Movies. NDTVMovies.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বস্তিকা মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫৮১৬২০ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।