স্বাতী মালিৱাল (Swati Maliwal; জন্ম:-১৫ অক্টোবৰ ১৯৮৪) এগৰাকী সমাজ কৰ্মী আৰু ৰাজনীতিবিদ। বৰ্তমান তেওঁ দিল্লীক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভাত সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০১১ চনত সমাজ কৰ্মী আন্না হাজাৰেৰ নেতৃত্বত ভাৰতীয় দুৰ্নীতি বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰে আৰু পিছলৈ ২০১৫ চনৰ পৰা ২০২৪ চনলৈকে দিল্লী মহিলা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
জীৱন
১৯৮৪ চনৰ ১৫ অক্টোবৰত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত জন্মগ্ৰহণ কৰা মালিৱালৰ পিতৃ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বিষয়া আৰু মাতৃ সংগীতা মালিৱাল।১ পিছলৈ তেওঁ কয় যে তেওঁ পিতৃৰ হাতত যৌন নিৰ্যাতনৰ সন্মুখীন হৈছিল, যাৰ ফলত তেওঁৰ শৈশৱত অশান্তিৰ সৃষ্টি হৈছিল।২তেওঁ এমিটি ইণ্টাৰনেশ্যনেল স্কুললৈ যায় আৰু জে এছ এছ একাডেমী অৱ টেকনিকেল এডুকেচনৰ পৰা তথ্য প্ৰযুক্তিত স্নাতক ডিগ্ৰী লাভ কৰে।১
২০১২ চনৰ ২৩ জানুৱাৰীত তেওঁ ২০১১ চনৰ আন্না হাজাৰেৰ নেতৃত্বত ভাৰতীয় দুৰ্নীতি বিৰোধী আন্দোলনৰ প্ৰাৰম্ভিক দিনত লগ পোৱা নবীন জয়হিন্দক বিয়া কৰায়।১পিছলৈ নবীন ৰাজনীতিবিদ হয় আৰু আম আদমী পাৰ্টিক প্ৰতিনিধিত্ব কৰে।৩ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত দুয়োৰে বিবাহ বিচ্ছেদ হয়।৪

শিক্ষাৰ অন্তত তেওঁ "পৰিৱৰ্তন" নামৰ এটা বেচৰকাৰী সংস্থাত যোগদান কৰে যিটো অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছ'দিয়াই প্ৰতিষ্ঠা কৰিছিল।৫৬ তেওঁ সমগ্ৰ ভাৰততে তৃণমূল পৰ্যায়ত অভিযানত কাম কৰিছিল৷৭৮ ২০১১ চনত কৰ্মী আন্না হাজাৰেৰ নেতৃত্বত ভাৰত দুৰ্নীতি বিৰোধী আন্দোলন আয়োজন কৰা সমিতিৰ ভিতৰত মালিৱাল অন্যতম আছিল, যাৰ ফলত পিছলৈ জন লোকপাল বিধেয়ক গৃহীত হয়।৯
তথ্যসূত্ৰ
- ↑ (11 January 2024). Lady Singham or Drama Queen? How 'Reluctant' Neta Swati Maliwal is Set to Change AAP's Rajya Sabha Fortunes. News18
- ↑ (11 March 2023). Sexually abused by my father when I was a child: DCW chief Swati Maliwal. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (3 February 2014). Naveen Jaihind is AAP's LS candidate from Rohtak. হিন্দুস্তান টাইমছ
- ↑ (19 February 2020). My fairytale ended: DCW chief Swati Maliwal announces divorce from AAP leader Naveen Jaihind on Twitter. ইণ্ডিয়া টুডে
- ↑ Meera Johri. (2010). Greatness of Spirit: Profiles of Indian Magsaysay Award Winners. Rajpal & Sons. পৃ. 199–. ISBN 978-81-7028-858-9
- ↑ (5 January 2024). Who is DCW chief Swati Maliwal nominated for Rajya Sabha by AAP?. DNA India
- ↑ (2 August 2015). DCW Chief Swati Maliwal is all for a change. ইণ্ডিয়া টুডে
- ↑ (4 August 2018). Muzaffarpur shelter abuse case: Wouldn't you have taken action if any of the victims was your daughter, DCW chief asks Nitish. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (13 December 2019). Anti Corruption movement a watershed in India. Mint
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বাতী মালিয়াল” প্ৰবন্ধৰ সংশোধন ৪৮০৭০১ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।