ড° স্বাতি মোহন এগৰাকী ভাৰতীয়-আমেৰিকান মহাকাশ অভিযন্তা আৰু নাচা মঙ্গল ২০২০ ৰ মিচনৰ পথপদৰ্শন আৰু চলাচল নিয়ন্ত্ৰণৰ অধ্যক্ষা আছিল।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
স্বাতি মোহনৰ জন্ম হয় ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ, বেংগালুৰু চহৰত। এওঁ এবছৰীয়া শিশু অৱস্থাতে প্ৰবাসী ভাৰতীয় হৈ পিতৃ-মাতৃৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায়।২ এওঁ ৯ বছৰ বয়সতে ষ্টাৰ ট্ৰেক চলচ্চিত্ৰখন চাই মহাকাশৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ উঠিছিল। তেওঁ প্ৰথমে শিশু বিশেষজ্ঞ হোৱাৰ কথা ভাবিছিল যদিও পাচত ১৬ বছৰ বয়সত এটি পদাৰ্থ বিজ্ঞানৰ পাঠ লোৱাৰ পাছত অভিযন্তা হৈ মহাকাশ অনুসন্ধান পেছা হিচাপে লোৱাৰ সিধান্ত গ্ৰহণ কৰিলে।৩ এওঁ মাছাছোছেট ইনষ্টিটিউট অফ টেকন্লজীৰ পৰা এৰ'নটিকচ্ আৰু এষ্ট্ৰনটিকচ্ত মাষ্টাৰৰ্চত আৰু পি এইচ ডি ডিগ্ৰী কৰাৰ আগেয়ে কৰ্নেল বিশ্ববিদ্যালয়ৰ পৰা যান্ত্ৰিক আৰু মহাকাশ অভিযন্তা বিষয়ত অধ্যয়ন কৰে।৪ এওঁ অধ্যাপক ড°ডেভিদ মিলাৰৰ লগত স্পেচ্ চিষ্টেম লেবৰেটৰীত(এম আই টি) অন্ অৰবিত অপাৰেচনত গবেষণা কৰিছিল।
নাচাৰ কৰ্মজীৱন
ড° স্বাতি মোহনে কেলিফৰ্ণীয়াৰ পাচাদেনাত থকা নাচাৰ যেট্ প্ৰপালচন লেবৰ্ট্ৰেৰীত কাম কৰিছিল আৰু গাইডেন্স এণ্ড ক'নট্ৰলচ্ অপাৰেচনচ্ ৰ মঙ্গল ২০২০ ৰ মিচনৰ প্ৰধান আছিল। ড° মোহনে ২০১৩ চনত, মঙ্গল ২০২০ মিচনৰ দলতো গঠন হোৱাৰ অলপ দিনৰ ভিতৰতে যোগদান কৰিলে।৫ মহাকাশ যানেৰে ৰোভাৰখন ভালকৈ কঢ়িয়াই লৈ গৈ মঙ্গল গ্ৰহত সময়মতে পোৱাৰ সম্পূৰ্ণ যাত্ৰাটোৰ দ্বায়িত্ব আছিল ড° মোহনৰ। এওঁ ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৮ তাৰিখে মঙ্গল গ্ৰহত অৱতৰণ কৰা পাৰ্চেভাৰেন্স ৰ'ভাৰৰ সম্পূৰ্ণ যাত্ৰাৰ ঘটনাটোক নাচাৰ অভ্যন্তৰীন মিচন নিয়ন্ত্ৰণ কোঠাৰ পৰা বৰ্ণনা কৰি আছিল। এওঁ ঘোষণা কৰিলে যে ' ভূমি অৱতৰণ নিশ্চিত হ'ল' আৰু লগে লগে 'যে পি এল মিচন ক'ণ্ট্ৰল' আনন্দ উল্লাহত মুখৰিত হৈ পৰিল আৰু সকলোৱে হাত তালিৰে আৰু হাতৰ মুঠিৰে (কৰ'নাভাইৰাছ ৰোগ ২০১৯ ৰ বাবে সামাজিক দূৰত্ব) ইজনে সিজনক সম্ভাষণ জনালে।৬ ড° স্বাতি মোহনে যানৰ অৱতৰণৰ সময়ত নেভিগেচন চিচ্টেমটো ব্যাখ্যা কৰি আছিল এইদৰে: "টেৰেইন ৰিলেটিভ নেভিগেচন, পাৰ্চেভাৰেন্স ৰ'ভাৰ খনৰ প্ৰথম উদ্দেশ্য হ'ব। যেতিয়া এইখন লাহে লাহে পেৰাচুটেৰে তললৈ নামি যাব, তেতিয়া ই মঙ্গল গ্ৰহৰ ভূপৃষ্ঠৰ ফ'টো লৈ থাকিব আৰু ক'ত নামিব সেইটো নিজে নিৰ্ধাৰণ কৰিব। ই একপ্ৰকাৰ নিজে চকুৰে চাই ভূপৃষ্ঠত নমাৰ দৰে।" ইয়াৰ আগয়ে এওঁ শনি গ্ৰহলৈ যোৱা কাছিনি মিছন আৰু জি আৰ এ আই এল ৰ ওপৰত কাম কৰিছিল I এই দুয়োখনেই সৰু সৰু মহাকাশ যান যিয়ে চন্দ্ৰৰ মধ্যাকৰ্ষণ শক্তিৰ মানচিত্ৰ তৈয়াৰ কৰিছিল। ৭
তথ্যসূত্ৰ
- ↑ mars.nasa.gov/people/profile/index.cfm?id=22937
- ↑ mars.nasa.gov/people/profile/?id=22937
- ↑ www.indiatimes.com/technology/news/dr-swati-moha
- ↑ www.indiatimes.com/technology/news/nasa-dr-swati
- ↑ www.cnet.com/news/meet-nasas-swati-mohan-star-of
- ↑ mars.nasa.gov/news/8865/touchdown-nasas-mars-per
- ↑ www.indiatimes.com/technology/news/dr-swati-moha
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বাতি মোহন” প্ৰবন্ধৰ সংশোধন ৪৮৮৮৯৩ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।