অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সৰস্বতী বিশ্বেশ্বৰ

সৰস্বতী বিশ্বেশ্বৰ (Saraswathi Vishveshwara; জন্ম ১৯৪৬) আণৱিক জৈৱপদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত বিশেষজ্ঞতা থকা ভাৰতীয় জৈৱপদাৰ্থবিজ্ঞানী। তেওঁ বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ মলিকুলাৰ বায়’ফিজিক্স ইউনিটৰ অধ্যাপিকা।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সৰস্বতী বিশ্বেশ্বৰ (Saraswathi Vishveshwara; জন্ম ১৯৪৬) আণৱিক জৈৱপদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত বিশেষজ্ঞতা থকা ভাৰতীয় জৈৱপদাৰ্থবিজ্ঞানী। তেওঁ বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ মলিকুলাৰ বায়’ফিজিক্স ইউনিটৰ অধ্যাপিকা। তেওঁ গণনামূলক জীৱবিজ্ঞানৰ ওপৰত কাম কৰে আৰু তেওঁৰ গৱেষণা মূলতঃ জৈৱ ব্যৱস্থাত গঠন-কাৰ্য্যৰ সম্পৰ্ক স্পষ্ট কৰাত কেন্দ্ৰিত। প্ৰটিনৰ দৰে বৃহৎ অণুৰ কাৰ্য্যকলাপ বুজিবলৈ গণনামূলক-গাণিতিক কৌশল ব্যৱহাৰ কৰাটো তেওঁৰ গৱেষণাৰ এটা মূল দিশ।

শিক্ষা

সৰস্বতীয়ে বাংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক (বি.এছ.চি.) আৰু স্নাতকোত্তৰ (এম.এছ.চি.) শিক্ষা আহৰণ কৰি‍ছিল। জৈৱ ৰসায়ন বিজ্ঞানত এম.এছ.চি কৰাৰ পাছত হাণ্টাৰ কলেজৰ ডেভিদ বেভেৰিজৰ তত্ত্বাৱধানত নিউয়ৰ্কৰ চিটি ইউনিভাৰ্চিটিৰ পৰা পিএইচ.ডি. কৰে। তেওঁ কোৱাণ্টাম কেমিষ্ট্ৰীত ডক্টৰেট ডিগ্ৰী আহৰণ কৰিছিল।১

বৃত্তিগত অভিজ্ঞতা

ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত বিশ্বেশ্বৰ পিটচবাৰ্গৰ কাৰ্নেগী মেলন বিশ্ববিদ্যালয়ত প'ষ্ট ডক্টৰেল ফেল' হয়। তেওঁ সুপৰিচিত কোৱাণ্টাম ৰসায়নবিদ তথা নোবেল বঁটা বিজয়ীজন পপলৰ সৈতে কাম কৰিছিল। তেওঁ ভাৰতলৈ উভতি আহি ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত মলিকুলাৰ বায়'ফিজিক্স ইউনিটত প'ষ্ট-ডক্টৰেল ফেল' হিচাপে যোগদান কৰিছিল। তেওঁ এগৰাকী অনুষদৰ সদস্য আৰু প্ৰাধ্যাপক হৈ পৰিছিল।

ব্যক্তিগত জীৱন

সৰস্বতীৰ স্বামী তথা পদাৰ্থ বিজ্ঞানী আৰু ভাৰতৰ ব্লেক হোল মেন হিচাপে পৰিচিত ড° চি. ভি. বিশ্বেশ্বৰৰ ২০১৭ চনত মৃত্যু হয়। সৰস্বতীয়ে চি. ভি. বিশ্বেশ্বৰ ৰাজহুৱা বক্তৃতা শৃংখলাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিছিল।২ তেওঁলোকৰ কন্যা হৈছে পদাৰ্থ বিজ্ঞানী স্মিতা বিশ্বেশ্বৰ।৩

তথ্যসূত্ৰ

  1. ↑ Godbole. (2008). Lilavati's Daughters: The Women Scientists of India. Indian Academy of Sciences. পৃ. 344–45. ISBN 978-8184650051
  2. ↑ (16 January 2018). Black Hole Man of India lives on in many lectures. newindianexpress.com
  3. ↑ Wiltfong, Rebecca. (January 6, 2021). Perspective from Smitha Vishveshwara: On Life, Quantum Physics, the Universe, and Compassion. UIUC Physics

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰস্বতী বিশ্বেশ্বৰ” প্ৰবন্ধৰ সংশোধন ৪৮৭৩৭১ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।