সোণাৰাম বৰুৱা (ইংৰাজী ভাষা: Sonaram Baruah, জন্ম ১৯৪৩) এগৰাকী সমাজহিতৈষী, অনুবাদক, সাহিত্যিক তথা শিক্ষাবিদ। বিভিন্ন প্ৰবন্ধ, নিবন্ধ, অনুবাদৰ সম্পৰীক্ষা তথা সাহিত্যৰ অৱদানৰ বাবে তেখেতক ২০২৪ চনত শিৱসাগৰ জিলা সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান “শিৱসাগৰ ৰত্ন” উপাধি প্ৰদান কৰা হয়।১ তেখেতে গুৱাহাটীৰ পৰা প্ৰকাশিত দ্য আসাম এক্সপ্ৰেছ, দ্য নৰ্থ ইষ্ট টাইমছ আৰু দৈনিক অসম কাকতত সাংবাদিক হিচাপে সেৱা আগবঢায়। বিভিন্ন জনগোষ্ঠীৰ সাধুৰ অসমীয়া অনুবাদ কৰি “একুৰি এটা জনজাতীয় সাধু” নামেৰে প্ৰকাশ কৰে।
জন্ম
সোণাৰাম বৰুৱাই ১৯৪৩ চনৰ ১৪ জুলাই তাৰিখে জন্মগ্ৰহণ কৰে। তেখেতৰ জন্মস্থান যোৰহাট জিলাৰ জাঁজী বামুণপুখুৰীৰ দিহিঙ্গীয়া গাঁও। তেখেতৰ পিতৃৰ নাম স্বৰ্গীয় নৰনাথ বৰুৱা আৰু মাতৃৰ নাম স্বৰ্গীয়া দময়ন্তী বৰুৱা।
শিক্ষা
সোণাৰাম বৰুৱাই মৰাণৰ সমীপৱৰ্তী ডোমৰ দলং চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰি যোৰহাটৰ বামুণপুখুৰী হাইস্কুলত যোগদান কৰে। এই বিদ্যালয়ৰ পৰাই ১৯৬০ চনৰ প্ৰৱেশিকা পৰীক্ষাত অবিভক্ত অসম ভিত্তিত ইংৰাজীত সৰ্বোচ্চ নম্বৰ সহ প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হয়।২ তেখেতে কটন কলেজৰ পৰা ১৯৬২ চনত আই.এ আৰু ১৯৬৪ চনত বি.এ পাচ কৰে। ১৯৬৭ চনত উত্তৰ প্ৰদেশৰ আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত এম.এ পাচ কৰে।
কৰ্মজীৱন
স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাচতে তেখেতে ১৯৬৪ চনৰ মে' মাহৰ পৰা ১৯৬৫ চনৰ আগষ্টলৈকে বামুণপুখুৰী হাইস্কুলত শিক্ষকতা কৰে। ১৯৬৭ চনৰ ১৪ জুলাই তাৰিখে শিৱসাগৰ ছোৱালী কলেজত ইংৰাজী বিভাগৰ প্ৰৱক্তাৰূপে যোগদান কৰে। এই মহাবিদ্যালয়তে ১৯৯৬ চনৰ পৰা ২০০১ চনলৈকে তেখেতে মুৰব্বীৰূপে কাৰ্যনিৰ্বাহ কৰে। পৰৱৰ্তী সময়ত ২০০১ চনৰ ১ চেপ্তম্বৰৰ পৰা ২০০৩ চনৰ ৩০ জুনলৈকে শিৱসাগৰ ছোৱালী কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰে।
ৰাজহুৱা জীৱন
১৯৬৮-১৯৭৬ চনলৈ ৰংপুৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক আৰু সম্পাদক ৰূপে আৰু ২০০৪ চনৰ পৰা ২০১১ চনলৈ সভাপতিৰ দায়িত্ব সম্পাদন কৰে। ১৯৬৮ চনৰ পৰা অসম সাহিত্য সভাৰ লগত জড়িত হয়। ১৯৭৭ চনত শিৱসাগৰ জিলা সাহিত্য পৰিষদৰ সাংগঠনিক সম্পাদক আৰু পত্ৰিকা সম্পাদকৰ কাৰ্য গ্ৰহণ কৰে। ২০১০-১২ বৰ্ষৰ বাবে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব পালন কৰে। ২০১৭ বৰ্ষত অনুষ্ঠিত অসম সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিবেশনৰ উদ্যাপন সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰে। শিৱসাগৰ জিলা সাহিত্য সভাৰ শিৱসাগৰ নগৰত কাৰ্যালয় নিৰ্মাণৰ বাবে মাটিৰ আৱণ্টন বিষয়ত তেখেতে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল।
পৰৱৰ্তী সময়ত তেওঁ শিৱসাগৰ যুৱদলৰ সৈতে জড়িত হয়। ১৯৬৭ চনত সদস্যপদ গ্ৰহণ কৰে। ১৯৬৯ চনৰ পৰা ১৯৭১ চনলৈ সাধাৰণ সম্পাদকৰ কাৰ্য পৰিচালনা কৰে। ১৯৮১ চনৰ পৰা ১৯৮৩ চনলৈ সভাপতি নিৰ্বাচিত হয়। ১৯৭২ চনৰ পৰা সোণাৰাম বৰুৱা আৰু কিৰণ বৰুৱা ন্যাস প্ৰদান আৰম্ভ কৰে। এই শিক্ষিত ন্যাসৰ অধীনত শিৱসাগৰ যুৱদলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলাখনৰ সৰ্ব্বোচ্চ স্থান দখল কৰা শিক্ষাৰ্থীক বঁটা আগবঢ়াই আহিছে।
শ্ৰীশ্ৰী শংকৰদেৱ সমাজ নামঘৰৰ সৈতে জড়িত হৈ পৰে আৰু নামঘৰৰ পুনৰ নিৰ্মাণ কাৰ্যত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল।
পৰৱৰ্তী সময়ত শিৱসাগৰ জ্যেষ্ঠ নাগৰিক সংস্থাৰ লগত জড়িত হয়। ২০১০ চনত শিৱসাগৰ জ্যেষ্ঠ নাগৰিক সংস্থা গঠন কৰে আৰু চাৰি বছৰ কাল ইয়াৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ।
সাহিত্যিক অৱদান
সম্পাদিত গ্ৰন্থ:
- প্ৰবন্ধ বীথিকা (১৯৮৯)
- জেতুকা পাতৰ দৰে (১৯৯৩)
- বুৰঞ্জীয়ে পৰশা ৰংপুৰ (২০০০)
- ভূবন চন্দ্ৰ সন্দিকৈৰ নিৰ্বাচিত বুৰঞ্জীমূলক প্ৰবন্ধ সংকলন (২০০১)
- বংগমঞ্চ( ২০০১)
- বুৰঞ্জীৰ বিভাৱন (২০০৪)
- নাহেন্দ্ৰ পাদুন: জীৱন আৰু কৃতি (২০১৫)
- মধ্যযুগৰ আহোম প্ৰশাসন (২০১৭)
স্ব-নিৰ্বাচিত প্ৰবন্ধ সংকলন:
- প্ৰতিভাস (দেশী-বিদেশী সাহিত্যৰ আলোচনাসমৃদ্ধ ২৫ টি প্ৰবন্ধৰ সংকলন)(২০১০)
- অনুৰাগ অনুভূতিৰে (দেশী-বিদেশী সাহিত্য-আলোচনা, সামাজিক সাংস্কৃতিক দিশ লগতে নিজ জীৱনৰ উপলব্ধি সামাৰ ৰচনা কৰা প্ৰবন্ধৰ সংকলন)(২০১২)
অনুবাদ গ্ৰন্থ:
- ২০১০ চন-ড'ময়িদুল ইছলাম বড়াব 'বাহাবিস্তান ই গায়বী'ৰ (মূল ইংৰাজী) সহঃ অনুবাদক ৰূপে ৯টা অধ্যায়ৰ অনুবাদ। বাকী দুগৰাকী সহঃঅনুবাদক চৈয়দ ফাতেহুল মান্নান আৰু ড° কৃষ্ণ কুমাৰ মিশ্ৰ। (২০১০)
- একুৰি এটা জনজাতীয় সাধু (বিভিন্ন জনগোষ্ঠীৰ সাধুৰ অসমীয়া অনুবাদ)
ভ্ৰমণ কাহিনী:
- ২০১৯ চন -ডনাল্ড ট্ৰাম্পৰ দেশতঃ গ্ৰীষ্মকালীন চাৰিটা মাহ (আমেৰিকাৰ দহখন ঠাইৰ দহোটা ভ্ৰমণ বিষয়ক প্ৰবন্ধত সংগ্ৰহ)
তথ্যসূত্ৰ
- ↑ (2024-08-22). বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক সোণাৰাম বৰুৱাক 'শিৱসাগৰ ৰত্ন' বঁটা প্ৰদান. Asomiya Pratidin
- ↑ সম্পা- নাথ জীৱমণি. (২০২৪). বিশিষ্ট শিক্ষাবিদ সোণাৰাম বৰুৱাদেৱলৈ. শিৱসাগৰ জিলা সাহিত্য বঁটা. পৃ. ৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণাৰাম বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫২৬৮৫২ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।