সোনিতা আলিজেদাহ (Sonita Alizadeh,জন্ম-১৯৯৬)১এগৰাকী আফগান ৰেপাৰ আৰু সমাজকৰ্মী যি বলপূৰ্বক বিবাহৰ বিৰুদ্ধে কণ্ঠস্বৰ প্ৰকাশ কৰি আহিছে। আলিজেদাহে প্ৰথমে দৃষ্টি আকৰ্ষণ কৰিছিল যেতিয়া তেওঁ "ব্ৰাইডছ ফৰ চেল" নামৰ ভিডিঅ'টো মুকলি কৰিছিল, য'ত তেওঁ কন্যাক পৰিয়ালে বিয়াত বিক্ৰী কৰাৰ বিষয়েত ৰেপ সংগীত কৰিছিল। আলিজেদাহে নিজৰ পিতৃ-মাতৃয়ে তেওঁৰ বাবে পৰিকল্পনা কৰা বিবাহৰ পৰা হাত সাৰিবলৈ ভিডিঅ'টো চিত্ৰগ্ৰহণ কৰে, যদিও সেই সময়ত তেওঁ বাস কৰা ইৰাণত মহিলাসকলে এককভাৱে গান গোৱাটো বেআইনী বুলি কোৱা হৈছিল।২ ইউটিউবত ভিডিঅ'টো মুকলি কৰাৰ পিছত আলিজাদেৰ সৈতে ষ্ট্ৰংহাৰ্ট গ্ৰুপে যোগাযোগ কৰে, যিয়ে তেওঁক আমেৰিকালৈ আহি পঢ়িবলৈ শিক্ষাৰ্থী ভিছা আৰু আৰ্থিক সহায় আগবঢ়ায়৷ তাৰপিছত তেওঁ স্থানান্তৰিত হয় আৰু আমেৰিকাত তেতিয়াৰ পৰাই বাস কৰে।৩ ২০১৫ চনত তেওঁক বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰা হয়।৪
বৰ্তমান আলিজেদাহ নিউয়ৰ্কত থাকে আৰু বাৰ্ড কলেজত পঢ়ে। ক্লাছত অংশগ্ৰহণ কৰাৰ উপৰিও তেওঁ গীতৰ ৰচনা অব্যাহত ৰাখিছে। তেওঁৰ দ্বাৰা নিৰ্মিত সোণিতা নামৰ এখন তথ্যচিত্ৰ ২০১৫ চনৰ নৱেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ মহোৎসৱত আমষ্টাৰডামত প্ৰিমিয়াৰ হয়।৫ ২০২২ চনত তেওঁ ৰোডছ বৃত্তি লাভ কৰে।৬
তেওঁৰ ছবিখনে ইতিবাচক সমালোচনা লাভ কৰে।৭ ছবিখনে চাণ্ডেন্স চলচ্চিত্ৰ মহোৎসৱত প্ৰৱেশ কৰে আৰু এখন তথ্যচিত্ৰৰ বাবে বিশ্ব চিনেমা গ্ৰেণ্ড জুৰী বঁটা লাভ কৰে।৮ ২০১৬ চনত ছিয়াটল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো এই ছবিখন প্ৰদৰ্শিত হৈছিল আৰু ছিয়াটলৰ অল্ট-সপ্তাহিক কাকত দ্য ষ্ট্ৰেঞ্জাৰে ইয়াক "ডণ্ট মিছ" বৈশিষ্ট্য বুলি অভিহিত কৰিছিল।৯
তথ্যসূত্ৰ
- ↑ (14 September 2016). Sonita Alizadeh: le rap comme rempart au mariage forcé. visionsmag.com
- ↑ Marusic, Kristina. (October 12, 2015). This Afghan Teen Escaped Forced Marriage By Making a Rap Video. MTV
- ↑ Bloom, Deborah. (October 12, 2015). Afghan teen uses rap to escape forced marriage. CNN
- ↑ (17 November 2015). BBC 100 Women 2015: Who is on the list?. BBC News
- ↑ Wainwright, Robert. (October 8, 2015). Afghan teen rapper was 10 when her mother first considered selling her. The New York Times
- ↑ (2022-11-23). Two Bard College Students, Sonita Alizada and Nawara Alaboud, Win Prestigious Rhodes Scholarships. Bard News
- ↑ (29 November 2015). 'Sonita': IDFA Review
- ↑ Sonita. sundance.org. Sundance Institute
- ↑ Sonita. The Stranger
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোনিতা আলিজেদাহ” প্ৰবন্ধৰ সংশোধন ৫৯৯৮২৫ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।