সোণালী ৰাউত (Sonali Raut; জন্ম: ২৩ ডিচেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে হিন্দী ভাষা চলচ্চিত্ৰত অভিনয় কৰে।১ ২০১০ চনৰপৰা তেওঁ এগৰাকী কিংফিচাৰ কেলেণ্ডাৰ গাৰ্ল হিচাপে পৰিচিত আৰু বাৰ্ষিক কেলেণ্ডাৰখনত স্থান লাভ কৰাৰ সময়ত তেওঁৰ বয়স আছিল ১৯ বছৰ।২ ৰাউতে ২০১৪ চনত হিমেশ ৰেশমিয়া আৰু য়ো য়ো হানি সিঙৰ বিপৰীতে ৰোমাণ্টিক-থ্ৰিলাৰ ছবি দ্য এক্সপোজৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে।৩ তেওঁ ৰিয়েলিটি টেলিভিছন শ্ব' বিগ বছ ৮ আৰু বিগ বছ মাৰাঠী ৬ৰ এগৰাকী প্ৰতিযোগী আছিল।৪
ব্যক্তিগত জীৱন
তেওঁ ভাৰতৰ আটাইতকৈ সফল বিদেশী চুপাৰমডেল উজ্জ্বলা ৰাউতৰ কনিষ্ঠ ভগ্নী। তেওঁৰ পিতৃ এজন আৰক্ষী উপ-আয়ুক্ত। তেওঁ মুম্বাইৰ মিঠিবাঈ কলেজৰপৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।
কেৰিয়াৰ
২০১০ চনত ৰাউতে বাৰ্ষিক কিংফিচাৰ কেলেণ্ডাৰৰ বাবে এটা মডেলিং এচাইনমেণ্ট লাভ কৰে, য’ত মডেলসকলক চুইমচুটত দেখা পোৱা যায়।৫ তেওঁ ভাৰতত মেক কচমেটিক্সৰ ব্ৰেণ্ড এম্বেচেডৰ আছিল।৬
২০১১ চনত তেওঁ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ সৈতে মেক্সিম আলোচনীৰ বাবে এখন চাঞ্চল্যকৰ ফটোশ্বুট কৰিছিল।৭৮
২০১৪ চনত ৰাউতে বলিউডৰ ছবি দ্য এক্সপোজত হিমেশ ৰেশমিয়া আৰু য়ো য়ো হানি সিঙৰ বিপৰীতে এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।৯ ইয়াত তেওঁ এগৰাকী চলচ্চিত্ৰ তাৰকাৰ চৰিত্ৰত অভিনয় কৰিছিল যাৰ হত্যা কৰা হয়। বলিউড হাংগামাৰ জনপ্ৰিয় চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শই লিখিছিল যে তেওঁক গ্লেমাৰাছ দেখুৱাইছে আৰু তেওঁ আত্ম-বিশ্বাসেৰে নিজৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে।১০ এটা সাক্ষাৎকাৰত তেওঁ বলিউডক "বৰ বেছি আদৰণি জনোৱা" নহয় বুলি অভিহিত কৰিছিল।১১ ভাৰতীয় ৰিয়েলিটি টিভি শ্ব’ বিগ বছত প্ৰতিযোগী হিচাপে অংশ ল’বলৈ গৈ তেওঁ ৯৯% ইউজলেচ ফেলোচ নামৰ এখন ছবিত কাম কৰাৰ প্ৰতিশ্ৰুতি বাদ দিছিল, যাৰ ফলত কানাড়া চলচ্চিত্ৰ পৰিচালক এছ. কে. বাছিদ ক্ষুব্ধ হৈছিল।১২
তেওঁ বিগ বছ ৮ৰ এজন প্ৰতিযোগী হৈ পৰিছিল আৰু এক আচৰিত ভোটৰ সিদ্ধান্তৰ পিছত বহিষ্কৃত হৈছিল, কিন্তু পিছলৈ তেওঁৰ জনপ্ৰিয়তাৰ বাবে তেওঁক আকৌ বিগ বছৰ ঘৰলৈ ওভতাই অনা হৈছিল।১৩১৪ শেষত ১০৫ দিন থকাৰ পাছত পুনীত ইছৰৰ সৈতে তেওঁক বাহিৰ কৰি দিয়া হয়।১৫১৬
ৰাউতক হেট ষ্টৰী ৩ ছবিখনত মুখ্য চৰিত্ৰৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল আৰু ধাৰাবাহিকখনৰ সফলতাৰ বাবে এটা মিউজিক ভিডিঅ’ৰ প্ৰস্তাৱো দিয়া হৈছিল; ছবিখনৰ বাবে তেওঁ আছিল প্ৰথম পছন্দ, কিন্তু তেওঁ হেট ষ্টৰী ৩ৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে কাৰণ তেওঁ এনে চৰিত্ৰ কৰিব বিচাৰে যাক তেওঁ নিজৰ বুলি ক’ব পাৰে।১৭
২০১৬ চনত ৰাউতক গ্ৰেট গ্ৰেণ্ড মস্তী নামৰ ছবিখনত শাইনৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। ছবিখনৰ আইটেম ছং "লিপষ্টিক লগা কে"-তো তেওঁক দেখা গৈছিল। 'লিপষ্টিক লগা কে' গানটো বহুত জনপ্ৰিয় হৈছিল আৰু ই ২০১৬ চনৰ অন্যতম শীৰ্ষ ২০টা গানৰ ভিতৰত আছিল।১৮
২০১৭ চনত তেওঁ এফফেচ ফেশ্বন কেলেণ্ডাৰৰ কভাৰ হিচাপে চুক্তিবদ্ধ হৈছিল।
২০২০ চনত ৰাউতে কৰণ সিং গ্ৰোভাৰৰ বিপৰীতে একচন-থ্ৰিলাৰ ৱেব চিৰিজ ডেঞ্জাৰাছত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হয়; যিখন নিৰ্দেশনা কৰিছিল ভূষণ পেটেলে, নিৰ্মাণ কৰিছিল মিকা সিঙে আৰু লিখিছিল বিক্ৰম ভাটে।১৯
গায়ক চানৰ সৈতে তেওঁ "স্নাইপাৰ" মিউজিক ভিডিঅ’তো কাম কৰিবলৈ চুক্তিবদ্ধ হৈছে।২০
বৰ্তমান তেওঁ বিগ বছ মাৰাঠী ৬ৰ এগৰাকী প্ৰতিযোগী।২১
তথ্যসূত্ৰ
- ↑ (14 December 2013). Ujjwala Raut's sister Sonali to debut as young Zeenat Aman?. The Times of India
- ↑ Sexy kingfisher calendar girl Sonali Raut. The Times of India
- ↑ (7 April 2014). Sonali Raut does a Zeenat Aman in The Xpose. India Today
- ↑ (26 September 2014). Bigg Boss 8: Sonali Raut to get evicted this Saturday!. India TV News
- ↑ (2010). Kingfisher calendar hotties of 2010!. India Today
- ↑ (5 May 2011). Supermodel Ujjwala Raut's sister Sonali raut in Bollywood. Hindustan Times
- ↑ (24 October 2011). Ranveer Singh's close encounter. The Times of India
- ↑ (28 November 2014). Sonali Raut and Ranveer Singh hot photoshoot for Maxim Magazine. India Tv
- ↑ (12 August 2014). Sonali Raut unhappy about preceding Chitrangada. The Times of India
- ↑ (16 May 2014). The Xpose Movie Review by Taran Adarsh. Bollywood Hungama
- ↑ (25 September 2014). Bollywood's not warm: Sonali Raut. Hindustan Times
- ↑ Vickey Lalwani. (24 September 2014). Sonali Raut is 100 per cent useless, feels director Basheed. Mumbai Mirror
- ↑ (28 September 2014). Bigg Boss 8 eviction: Sonali Raut is the first one to leave the house. India Today
- ↑ Vickey Lalwani. (2 October 2014). Bigg Boss 8: Sonali Raut returns to the show. Mumbai Mirror
- ↑ (5 January 2015). Sonali Raut: Happy to be out of Bigg Boss at the right time. India Today
- ↑ (6 January 2015). My image in the real world is important to me: Sonali Raut. Hindustan Times
- ↑ (2 September 2014). Sonali Raut gives Hate Story 3 a miss. The Times of India
- ↑ Shweta Parande. (14 July 2016). Great Grand Masti song Lipstick Laga Ke: Sonali Raut is HOT in this peppy number!. India.com
- ↑ (6 August 2020). Bipasha Basu teams up with husband Karan Singh Grover for web project Dangerous, see pic. Hindustan Times
- ↑ (2 November 2020). Shaan and Sonali Raut snapped during 'Sniper' song shoot. Bollywood Hungama
- ↑ Confirmed Contestants of Bigg Boss Marathi Season 6: From Sonali Raut to Raqesh Bapat - Names Revealed for Riteish Deshmukh's Show. Zoom TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণালী ৰাউত” প্ৰবন্ধৰ সংশোধন ৬০৪৫৬৬ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।