অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্নেহ ৰাণা

স্নেহ ৰাণা (ইংৰাজী: Sneh Rana; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৯৪) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ৷ তেওঁ মহিলা জাতীয় দলৰ হৈ সোঁহাতৰ অফ ব্ৰেক বলাৰ আৰু সোঁহাতৰ বেটছমেন হিচাপে খেলে। ৰাণাই ঘৰুৱা ক্ৰিকেটত ৰেলৱে আৰু মহিলা প্ৰিমিয়াৰ লীগত দিল্লী কেপিটেলছক প্ৰতিনিধিত্ব কৰে।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

স্নেহ ৰাণা (ইংৰাজী ভাষা: Sneh Rana; জন্ম: ১৮ ফেব্ৰুৱাৰী ১৯৯৪) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ৷১ তেওঁ মহিলা জাতীয় দলৰ হৈ সোঁহাতৰ অফ ব্ৰেক বলাৰ আৰু সোঁহাতৰ বেটছমেন হিচাপে খেলে। ৰাণাই ঘৰুৱা ক্ৰিকেটত ৰেলৱে আৰু মহিলা প্ৰিমিয়াৰ লীগত দিল্লী কেপিটেলছক প্ৰতিনিধিত্ব কৰে।২ ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপ আৰু ২০২২ চনৰ মহিলা এছিয়া কাপ জয় কৰা ভাৰতীয় দলৰ অংশ আছিল।

প্ৰাৰম্ভিক জীৱন

ৰানাৰ ঘৰ দেৰাডুনৰ চিনাউলাত।৩ তেওঁৰ দেউতা এজন কৃষক।৪

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ

২০১৪ চনত তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে মহিলা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় (WODI) আৰু মহিলা টি২০ আন্তঃৰাষ্ট্ৰীয় (WT20I)ত অভিষেক কৰে।৫

২০১৬ চনত আঁঠুৰ আঘাত পোৱাৰ পিছত তেওঁ জাতীয় দলৰ পৰা বাহিৰে থাকিবলগীয়া হয় আৰু পিছৰ পাঁচ বছৰলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিব নোৱাৰিলে।৬ এই সময়ছোৱাত তেওঁ ঘৰুৱা ক্ৰিকেট খেলাৰ লগতে ইণ্ডিয়া বি দলৰ হৈও খেলিছিল।

মে’ ২০২১ত ইংলেণ্ড মহিলা দলৰ বিৰুদ্ধে একমাত্ৰ টেষ্ট খেলখনৰ বাবে ভাৰতৰ টেষ্ট দলত তেওঁ অন্তৰ্ভুক্ত হয়।৭ ১৬ জুন ২০২১ তাৰিখে ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ টেষ্ট অভিষেক কৰে।৮৯

জানুৱাৰী ২০২২ত নিউজিলেণ্ডত অনুষ্ঠিত ২০২২ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰতৰ দলত তেওঁ স্থান লাভ কৰে।১০ জুলাই ২০২২ত ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত ২০২২ চনৰ কমনৱেলথ গেমছৰ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবেও ভাৰতৰ দলত তেওঁ অন্তৰ্ভুক্ত হয়।১১

২০২৪ চনত চেপাকত দক্ষিণ আফ্ৰিকা মহিলা দলৰ বিৰুদ্ধে অনুষ্ঠিত একমাত্ৰ টেষ্টত ৰাণাই প্ৰথমবাৰৰ বাবে পাঁচ উইকেট লাভ কৰে আৰু টেষ্ট ক্ৰিকেটত দহ উইকেট লাভ কৰা দ্বিতীয়গৰাকী মহিলা স্পিনাৰ আৰু প্ৰথমগৰাকী ভাৰতীয় স্পিনাৰ হিচাপে পৰিগণিত হয়।১২১৩১৪১৫

২৯ এপ্ৰিল ২০২৫ তাৰিখে শ্ৰীলংকাত অনুষ্ঠিত ত্ৰিদেশীয় শৃংখলাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাণাই মহিলা এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত প্ৰথমবাৰৰ বাবে পাঁচ উইকেট লাভ কৰে।১৬

তথ্যসূত্ৰ

  1. ↑ Sneh Rana. ESPNcricinfo
  2. ↑ Karuna Jain left out of India women's one-day squad. ESPNcricinfo
  3. ↑ Menon, Vishal. (2021-06-22). Sneh Rana overcomes personal tragedy, injury to script India's Bristol rearguard. The Indian Express
  4. ↑ Banerjee, Kathakali; Anab, Mohammad. (2021-06-21). Farmer's daughter creates cricketing history in Bristol. The Times of India
  5. ↑ India's potential Test debutantes: Where were they in November 2014?. Women's CricZone
  6. ↑ Ghosh, Annesha. (2021-06-17). The love, loss and comeback of Sneh Rana. ESPNcricinfo
  7. ↑ India's Senior Women squad for the only Test match, ODI & T20I series against England announced. Board of Control for Cricket in India
  8. ↑ Only Test, Bristol, Jun 16 - 19 2021, India Women tour of England. ESPNcricinfo
  9. ↑ Turning it in: Sneh Rana shines on Test debut. Women's CricZone
  10. ↑ Renuka Singh, Meghna Singh, Yastika Bhatia break into India's World Cup squad. ESPNcricinfo
  11. ↑ Team India (Senior Women) squad for Birmingham 2022 Commonwealth Games announced. Board of Control for Cricket in India
  12. ↑ Sneh Rana picks 8 wicket in a Test Inning, becomes only 3rd player to take a 8-fer. Female Cricket
  13. ↑ Sneh Rana becomes second Indian to register a ten-wicket match haul in Women's Tests. Sportstar
  14. ↑ Sneh Rana becomes First Indian Spinner to take 10-fer in a Women's Test match. Female Cricket
  15. ↑ Best bowling figures in a Test in women's cricket. ESPNcricinfo
  16. ↑ Sneha Rana's maiden five-for, Rawal's excellent fifty power India to 15 run-win over South Africa. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্নেহ ৰাণা” প্ৰবন্ধৰ সংশোধন ৬২৫৭৪২ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।