অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোৰায়া টাৰ্জি

সোৰায়া টাৰ্জি (Soraya Tarzi) (২৪ নৱেম্বৰ ১৮৯৯ – ২০ এপ্ৰিল ১৯৬৮) আফগানিস্তানৰ ৰাণী আৰু সম্ৰাট আমানুল্লাহ খানৰ পত্নী হিচাপে আছিল। ৰাণী হিচাপে তেওঁ সেই সময়ত বিশ্বৰ অন্যতম প্ৰভাৱশালী মহিলা হৈ পৰিছিল। অমানুল্লাহ খানৰ আধুনিকীকৰণ সংস্কাৰত বিশেষকৈ মহিলাৰ মুক্তিৰ ক্ষেত্ৰত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল।

হালনাগাদ: ২ নৱেম্বৰ ২০২৫ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

সোৰায়া টাৰ্জি (Soraya Tarzi) (২৪ নৱেম্বৰ ১৮৯৯ – ২০ এপ্ৰিল ১৯৬৮) আফগানিস্তানৰ ৰাণী আৰু সম্ৰাট আমানুল্লাহ খানৰ পত্নী হিচাপে আছিল। ৰাণী হিচাপে তেওঁ সেই সময়ত বিশ্বৰ অন্যতম প্ৰভাৱশালী মহিলা হৈ পৰিছিল। অমানুল্লাহ খানৰ আধুনিকীকৰণ সংস্কাৰত বিশেষকৈ মহিলাৰ মুক্তিৰ ক্ষেত্ৰত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল।

ৰজা আমানুল্লাই স্থাপন কৰা সংস্কাৰৰ বাবে দেশৰ ধৰ্মীয় সম্প্ৰদায়সমূহ হিংস্ৰ হৈ পৰিছিল। ১৯২৯ চনত গৃহযুদ্ধ ৰোধ কৰিবলৈ ৰজাই পদত্যাগ কৰি নিৰ্বাসনলৈ যায়।১ তেওঁলোকে প্ৰথম প্ৰৱেশ কৰিছিল ভাৰতত৷ সেইসময়ত ভাৰত ব্ৰিটিছ সাম্ৰাজ্যৰ অংশ আছিল৷

প্ৰাথমিক জীৱন আৰু পাৰিবাৰিক পটভূমি

১৮৯৯ চনৰ ২৪ নৱেম্বৰত ডামাস্কাছ,চিৰিয়াত২ সোৰায়া টাৰ্জিয়ে জন্মগ্ৰহণ কৰিছিল৷৩

টাৰ্জিয়ে ছিৰিয়াত অধ্যয়ন কৰিছিল৷ তেওঁ পশ্চিমীয়া আৰু আধুনিক মূল্যবোধ শিকিছিল,১ এই অধ্যয়নে তেওঁৰ ভৱিষ্যতৰ কাৰ্য আৰু বিশ্বাসক প্ৰভাৱিত কৰিছিল। তেওঁৰ মাতৃ আছিল চিৰিয়াৰ নাৰীবাদী আছমা ৰাছম্যা৷৪৫

পৰিয়াল আফগানিস্তানলৈ উভতি অহাৰ পিছত সোৰায়া টাৰ্জীয়ে তেতিয়াৰ ৰাজকুমাৰ আমানুল্লাহক লগ পায় আৰু বিয়া কৰায়।১

মৃত্যু আৰু উত্তৰাধিকাৰ

১৯৬৮ চনৰ ২০ এপ্ৰিলত ৰোমত টাৰ্জিৰ মৃত্যু হয়।১৬ ইটালীৰ সামৰিক দলে ৰোম বিমানবন্দৰলৈ লৈ যায়৷ তাৰপিছত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে আফগানিস্তানলৈ লৈ যোৱা হয় য’ত তেওঁ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠিত হয়। তেওঁক তেওঁৰ স্বামীৰ কাষতে বাঘ-ই আমিৰ শ্বহীদত সমাধিস্থ কৰা হৈছে৷৭

তেওঁৰ কনিষ্ঠ কন্যা আফগানিস্তানৰ ৰাজকুমাৰী ইণ্ডিয়াই ২০০০ চনত আফগানিস্তান ভ্ৰমণ কৰিছিল আৰু বিভিন্ন দাতব্য প্ৰকল্প স্থাপন কৰিছিল।১৮ ৰাজকুমাৰী ইণ্ডিয়া ইউৰোপত আফগানিস্তানৰ সন্মানীয় সাংস্কৃতিক ৰাষ্ট্ৰদূত আছিল।৮ ২০১১ চনৰ ছেপ্টেম্বৰ মাহত আফগানিস্তানৰ ৰাজকুমাৰী ইণ্ডিয়াক মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত কৰা কামৰ বাবে আফগান-আমেৰিকান মহিলা সংস্থাই সন্মানিত কৰে।৯

তথ্যসূত্ৰ

  1. ↑ Halidziai, K. The Queen Soraya of.. আফগানিস্তান
  2. ↑ Sultanova, Razia. (2023-01-24). ত জন্মগ্ৰহণ কৰিছিল ছুৰাইয়া শ্বাহজাদা টাৰ্জি আফগানিস্তান নিষ্কাশিত: মহিলা, সংস্কৃতি আৰু তালিবান. কলম আৰু তৰোৱালৰ ইতিহাস. ISBN 978-1-3990-6024-0
  3. ↑ Runion, Meredith. (অক্টোবৰ ৩০, 2007). আফগানিস্তানৰ ইতিহাস. গ্ৰীনউড পাব্লিছিং গ্ৰুপ. পৃ. 155. ISBN 9780313337987
  4. ↑ Moubayed, Sami. (2021-08-27). আফগানিস্তানৰ ইভা পেৰন. New Lines Magazine
  5. ↑ Goudsouzian, তানিয়া. (১ অক্টোবৰ ২০১৪). ১৯২০ চনৰ ৰাণীৰ ছাঁত আফগান প্ৰথম মহিলা?
  6. ↑ When Afghanistan was in Vogue. Wadsam -Afghan Business News Portal
  7. ↑ Shalizi, Hamid. (9 February 2009). Afghan king's shrine neglected as city modernizes. Reuter
  8. ↑ Garzilli, Enrica; Asiatica Association. (December 3, 2010). Afghanistan, Issues at stake and Viable Solutions: An Interview with H.R.H. Princess India of Afghanistan. Journal of South Asia Women Studies
  9. ↑ (September 2011). Afghan-American Women Association honor Princess India D'Afghanistan. Afghan-American Women Association

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীআফগান মহিলা সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোৰায়া টাৰ্জি” প্ৰবন্ধৰ সংশোধন ৫৪৬৭৫৯ (২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।