সোহানা ছাবা (Sohana Saba; জন্ম: ১২ অক্টোবৰ)১ এগৰাকী বাংলাদেশী অভিনেত্ৰী, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ।২ তেওঁ তেওঁৰ প্ৰথম চিনেমা আইনাৰ বাবে মেৰিল-প্ৰথম আলো বঁটা লাভ কৰিছিল।৩৪৫
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
ছাবাৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল ঢাকাত। সোহানা ছাবাই ক্ৰমে ইউনিভাৰ্চিটি লেবৰেটৰী স্কুল এণ্ড কলেজ আৰু উইমেনছ কলেজৰ পৰা এছ.এছ.চি. আৰু এইচ.এছ.চি. সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ শান্ত-মৰিয়ম ইউনিভাৰ্চিটি অৱ ক্ৰিয়েটিভ টেকন’লজীৰ পৰা ফেশ্বন ডিজাইনিংত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।
কৰ্মজীৱন
ছাবা বুলবুল ললিতকলা একাডেমী আৰু ছায়ানটৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁৰ কেৰিয়াৰ নৃত্যশিল্পী হিচাপে আৰম্ভ হৈছিল আৰু অৱশেষত তেওঁ টেলিভিছন বিজ্ঞাপন আৰু নাটকত প্ৰৱেশ কৰিছিল।
কবৰী চাৰৱাৰৰ দ্বাৰা পৰিচালিত আইনা চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ অভিনয়ত আত্মপ্ৰকাশ কৰে। তেওঁ বহুতো উল্লেখযোগ্য ছবিত অভিনয় কৰিছিল যিবোৰে ইতিবাচক সঁহাৰি লাভ কৰিছিল, যেনে — খেলাঘৰ, প্ৰিয়তমেষু, বৃহন্নলা, চন্দ্ৰগ্ৰহণ ইত্যাদি। ইয়াৰ উপৰিও তেওঁ কলকাতাৰ কেইখনমান ছবিত অভিনয় কৰি তাত জনপ্ৰিয়তা অৰ্জন কৰিছিল। ছাবাই সদায় নিজৰ অভিনয়ৰ জৰিয়তে কিবা এটা ব্যতিক্ৰমী কাম কৰাত গুৰুত্ব দিয়ে, সেয়েহে তেওঁ কামৰ নিৰ্বাচনৰ ক্ষেত্ৰত অতি সচেতন।
তেওঁ 'খামাৰবাৰী' নামৰ নিজা প্ৰডাকচন হাউচ মুকলি কৰিছে আৰু ইতিমধ্যে ইয়াৰ প্ৰথম নিৰ্মাণ টুইন ৰিটাৰ্নছ প্ৰযোজনা কৰিছে।৬
২০২১ চনত তেওঁ শংখ দাসগুপ্তৰ দ্বাৰা পৰিচালিত টেলিভিছন ধাৰাবাহিক বলিত অভিনয় কৰিছিল।৭
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ছাবাই ঢাকা বিভাগৰ জাতীয় সংসদত মহিলাৰ বাবে সংৰক্ষিত আসনৰ বাবে বাংলাদেশ আৱামী লীগৰ পৰা মনোনয়ন পত্ৰ ক্ৰয় কৰিছিল।৮৯ শেখ হাসিনা নেতৃত্বাধীন আৱামী লীগ চৰকাৰৰ পতনৰ পিছত ডিটেকটিভ ব্ৰাঞ্চে (ডিবি) তেওঁক জেৰাৰ বাবে আটক কৰিছিল।১০১১
আন্দোলনৰ সময়ত অভিনেতা ফেৰদৌছৰ নেতৃত্বত 'আলো আসবেই' নামৰ এটা হোৱাটছএপ গ্ৰুপত সোহানা ছাবাকে ধৰি এদল আৱামীপন্থী শিল্পী আন্দোলনৰ বিৰুদ্ধে সক্ৰিয় হৈ আছিল।১২ অসহযোগ আন্দোলনৰ পিছত ২০২৪ চনৰ ৩ ছেপ্টেম্বৰত সেই হোৱাটছএপ গ্ৰুপটোৰ সৈতে জড়িত কিছুমান স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত বিয়পি পৰিছিল।১৩১৪
২০২৫ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ নেতৃত্বত আৱামী লীগ চৰকাৰৰ বিৰুদ্ধে বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ সময়ত ভাটৰা থানাত এজন প্ৰতিবাদকাৰীৰ মৃত্যুৰ ঘটনাক লৈ ছাবা আৰু আন ১৬ গৰাকী অভিনেতাৰ বিৰুদ্ধে এক হত্যা গোচৰ ৰুজু কৰা হৈছিল।১৫
তথ্যসূত্ৰ
- ↑ Shah Alam Shazu. (2021-10-12). Love does not come with a warning sign: Sohana Saba. The Daily Star
- ↑ I enjoy acting more than anything: Sohana Saba. The Asian Age
- ↑ (26 April 2007). Sohana Saba: Actress on the rise. The Daily Star
- ↑ Sohana Saba in new TV play. The Daily Star
- ↑ Sohana Saba in 'Modhur Canteen'. The Daily Star
- ↑ 'Producer' Sohana Saba has fresh new plans up her sleeves. The Business Standard
- ↑ Teaser indicates intriguing storyline of 'Boli'. The Business Post
- ↑ (2024-02-06). Reserved Seats for Women: Apu Biswas, Nipun Akter, Sohana Saba collect nomination forms. The Daily Star
- ↑ Actresses Apu Biswas, Nipun Akter buy AL nomination forms for reserved parliamentary seats. Bdnews24.com
- ↑ JustEarthNews. Sohana Saba: After Shaon, another pro-Awami League actress detained in Bangladesh. JustEarthNews
- ↑ Sohana Saba taken into DB custody for questioning. Dhaka Tribune
- ↑ Alo Ashbei WhatsApp group message leaked. The Daily Star
- ↑ (2024-09-03). 'Throw hot water on protesters': 'Alo Ashbei' artistes' WhatsApp group under fire. The Daily Star
- ↑ (2024-09-04). Leaked conversation of artists speaking against student movement goes viral. The Business Standard
- ↑ Case filed against 17 actors, including Nipun Akter, Zayed Khan. Dhaka Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোহানা ছাবা” প্ৰবন্ধৰ সংশোধন ৬০৩৬৪০ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।