অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোনাল কালৰা

সোনাল কালৰা (ইংৰাজী: Sonal Kalra) এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখিকা, তেওঁ বৰ্তমান হিন্দুস্তান টাইমছৰ সৈতে জড়িত হৈ আছে।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৪০৬ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

সোনাল কালৰা (ইংৰাজী ভাষা: Sonal Kalra) এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখিকা, তেওঁ বৰ্তমান হিন্দুস্তান টাইমছৰ সৈতে জড়িত হৈ আছে।

কৰ্মজীৱন

কালৰাই মুখ্য পৰিচালনা সম্পাদক হিচাপে এই প্ৰকাশনটোৰ দেশজুৰি প্ৰকাশিত ২৮টা সংস্কৰণৰ দৈনিক পৰিপূৰিকা এইচটি চিটিৰ মনোৰঞ্জন, কলা আৰু জীৱনশৈলী বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰিছে। সাংবাদিকতাৰ বাবে ৰামনাথ গোয়েংকা বঁটা বিজয়ী কালৰাই ২০০৮ চনৰ পৰা এইচটি চিটিত "এ কামাৰ ইউ" নামৰ এটা সাপ্তাহিক স্তম্ভ লিখে।১ তেওঁৰ এই লিখনীসমূহক লৈ এ কামাৰ ইউ, ম’ৰ অৱ এ কামাৰ ইউ আৰু চাম ম’ৰ অৱ এ কামাৰ ইউ নামৰ তিনিখন কিতাপো প্ৰকাশ পাইছে। এগৰাকী ফিচাৰ-ৰাইটাৰ আৰু সাংবাদিক হিচাপে কালৰাই পূৰ্বে এখন কাৰিকৰী আলোচনী সম্পাদনা কৰিছিল আৰু সজ্জা, স্বাস্থ্য, সুস্থতা, ফেশ্বন, খাদ্য, সৌন্দৰ্য, ফিটনেছ আৰু ভ্ৰমণ সম্পৰ্কীয় জীৱনশৈলী প্ৰকাশনসমূহলৈ অৱদান আগবঢ়াইছিল। ইয়াৰ উপৰিও তেওঁ এক দশকতকৈও অধিক সময় ধৰি তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত ভাৰত চৰকাৰৰ ৱেব প’ৰ্টেলসমূহৰ সমল বিশেষজ্ঞ হিচাপে কাম কৰিছিল।

তেওঁ ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত ই-গভৰ্নমেণ্ট টুলকিট ফৰ ডেভেলপিং কাণ্ট্ৰিজ নামৰ আন এখন গ্ৰন্থৰ সহ-লেখিকা।২ তেওঁৰ দ্বাৰা লিখিত ইণ্ডিয়া.গভ.ইন: ইণ্ডিয়াছ এনচাৰ টু ছিংগল এণ্ট্ৰি প’ৰ্টেলছ নামৰ গৱেষণা পত্ৰখন ২০০৮ চনত কানাডাৰ মণ্ট্ৰিয়েলত অনুষ্ঠিত ডিজিটেল চৰকাৰ গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত উপস্থাপন আৰু প্ৰকাশ কৰা হৈছিল।৩

বঁটা আৰু কৃতিত্ব

কালৰা নতুন দিল্লীৰ ভাৰতীয় গণ সংযোগ প্ৰতিষ্ঠানৰ স্বৰ্ণপদক বিজয়ী আৰু শ্ৰেষ্ঠ চলচ্চিত্ৰ সাংবাদিক হিচাপে ৰামনাথ গোয়েংকা বঁটা, সাংবাদিকতালৈ আগবঢ়োৱা অৱদানৰ বাবে ড° এ পি জে আব্দুল কালাম বঁটা, ৰাষ্ট্ৰসংঘৰ সাংস্কৃতিক সম্পৰ্ক মিডিয়া বঁটা ২০১৫, আন্তঃৰাষ্ট্ৰীয় চিন্তাগোট জিপিএছৰ পৰা ২০১০ আৰু ২০১২ চনত সাংবাদিকতাত উৎকৃষ্টতা বঁটা লাভ কৰিছে। তেওঁ ২০১৬ চনত মিডিয়া লিডাৰ অৱ দ্য ডিকেড - ফিচাৰ্ছ বঁটা লাভ কৰে। কালৰাৰ অন্যান্য সন্মানসমূহৰ ভিতৰত আছে লাক্সাৰী লীগ এৱাৰ্ড, ভাৰতীয় জনসংযোগ সমাজ বঁটা, ২০০৫ চনত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় প’ৰ্টেলৰ বাবে শ্ৰেষ্ঠ সমল বঁটা আৰু ২০০৭ চনত অনুকৰণীয় সমল অনুশীলনৰ বাবে মন্থন বঁটা।৪

২০১১ চনৰ ছেপ্টেম্বৰ মাহত সংবাদ মাধ্যমৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ৰাষ্ট্ৰীয় সন্মান ২০১১ প্ৰদান কৰা হয়। তেওঁ যোগাযোগ একাডেমী হুইচলিং উডছ ইণ্টাৰনেশ্যনেলৰ পৰা সংবাদ মাধ্যমত উৎকৃষ্টতাৰ বাবে ইয়ং এচিভাৰ্ছ এৱাৰ্ড ২০১১ লাভ কৰে।

২০১২ চনৰ জানুৱাৰীত কালৰাক চলচ্চিত্ৰ সাংবাদিকতাত উৎকৃষ্টতাৰ বাবে ৰামনাথ গোয়েংকা বঁটা প্ৰদান কৰা হয়। এই বঁটা ভাৰতৰ সাংবাদিকসকলৰ বাবে সৰ্বোচ্চ সন্মান আৰু ইয়াত এখন প্ৰশস্তি পত্ৰ আৰু ১,০০,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয়। ২০১২ চনৰ ১৬ জানুৱাৰীত এক অনুষ্ঠানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে।

তেওঁৰ কামসমূহৰ ভিতৰত এইচটি পাৱাৰ কাপল ছিৰিজ অন্যতম,৫ য’ত তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতৰ পাঁচগৰাকী আটাইতকৈ শক্তিশালী দম্পতীক তেওঁলোকৰ ঘৰত সাক্ষাৎ কৰিছিল। এই দম্পতীসকলৰ ভিতৰত অমিতাভ বচ্চন আৰু জয়া বচ্চন, অক্ষয় কুমাৰ আৰু টুইংকল খান্না, শ্বাহৰুখ খান আৰু গৌৰী খান, ছৈফ আলী খান আৰু কৰীণা কাপুৰ আৰু অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় আছিল।

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ A Calmer You
  2. ↑ E-government toolkit for developing countries
  3. ↑ Verma, Neeta; Mishra, Alka; Kalra, Sonal. (18 May 2008). india.gov.in -- The National Portal of India: India's answer to single entry national portals. Digital Government Society of North America. পৃ. 413–414
  4. ↑ Citation. National Portal of India
  5. ↑ HT Power Couple Series

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোনাল কালৰা” প্ৰবন্ধৰ সংশোধন ৫৯৭০৩৫ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।