অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোনালিকা প্ৰসাদ

সোনালিকা প্ৰসাদ (ইংৰাজী: Sonalika Prasad; জন্ম: ৫ অক্টোবৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ ভোজপুৰী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে। অনুষ্ঠান পৰিচালনা বা হোষ্টিঙৰ বাবে তেওঁ এগৰাকী জনাজাত ব্যক্তি।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ৩৫৯ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

সোনালিকা প্ৰসাদ (ইংৰাজী ভাষা: Sonalika Prasad; জন্ম: ৫ অক্টোবৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ ভোজপুৰী আৰু হিন্দী ভাষা ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে। অনুষ্ঠান পৰিচালনা বা হোষ্টিঙৰ বাবে তেওঁ এগৰাকী জনাজাত ব্যক্তি। তেওঁ টেলিভিছন ধাৰাবাহিক চিআইডি, সাৱধান ইণ্ডিয়া আৰু ক্ৰাইম পেট্ৰ’ল তথা ৰাজতিলক১ আৰু লাইলা মজনুৰ দৰে চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।২

প্ৰাৰম্ভিক জীৱন

প্ৰসাদৰ জন্ম হৈছিল ১৯৯২ চনৰ ৫ অক্টোবৰত বিহাৰৰ পাটনাত আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁ পাটনাৰ চেইণ্ট কেৰেনছ স্কুল (প্ৰথমৰপৰা ষষ্ঠ শ্ৰেণীলৈ) আৰু কৃষ্ণা নিকেতন স্কুলত (সপ্তমৰপৰা দশম শ্ৰেণীলৈ) স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ পাটনা ৱিমেনছ কলেজৰপৰা হাইস্কুল, স্নাতক (ৰাজনীতি বিজ্ঞানত কলা শাখাৰ সন্মানীয় স্নাতক) আৰু গণসংযোগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ সদায় ভাষা শিকাৰ প্ৰতি আগ্ৰহী আছিল আৰু বৰ্তমান তেওঁ হিন্দী, ইংৰাজী আৰু ভোজপুৰী ভাষা ক'ব পাৰে।

প্ৰসাদে কৈছে, "মোৰ পৰিয়ালে সদায় বিচাৰিছিল যে মই স্নাতকোত্তৰলৈকে পঢ়া-শুনা কৰোঁ, কিন্তু মোৰ সদায় ললিত কলাৰ প্ৰতি আগ্ৰহ আছিল। তথাপি মই গণসংযোগত পঢ়িছিলোঁ যদিও মই কণ্ঠ সংগীত আৰু কথক নৃত্যৰ সৈতে জড়িত কামবোৰ কৰিছিলোঁ। পঢ়া-শুনাৰ উপৰি মই কণ্ঠ সংগীত আৰু কথক নৃত্যত ৬বছৰীয়া প্ৰশিক্ষণ লৈছিলোঁ। মই নাটক কৰা, ঘোঁৰা চলোৱা, বাইক আৰু গাড়ী চলোৱা কামবোৰ কৰিছিলোঁ। কলেজীয়া দিনত মই মডেলিং কৰিছিলোঁ। কেতিয়াবা মই মোৰ গায়ন আৰু কথক প্ৰশিক্ষণৰ বাবে কলেজৰ ক্লাছো খতি কৰিছিলোঁ।"

কৰ্মজীৱন

প্ৰসাদে ২০১৫ চনৰ টেলিভিছন ধাৰাবাহিক চিআইডিৰ জৰিয়তে টেলিভিছনত আত্মপ্ৰকাশ কৰে আৰু ২০১৯ চনৰ চলচ্চিত্ৰ ৰাজতিলকৰ জৰিয়তে চলচ্চিত্ৰ জগতত খোজ পেলায়।৩ ২০১৭ চনত তেওঁ বহুতো বাণিজ্যিক আৰু প্ৰিণ্ট বিজ্ঞাপনৰ শ্বুটিং কৰিছিল।

২০২০ চনত তেওঁ 'ঢিশুম চেনেল'ৰ বাবে 'ভোজপুৰী ইণ্ডাষ্ট্ৰী প্ৰিমিয়াৰ লীগ' (BIPL) ছিজন ৪-ৰ পোনপটীয়া সম্প্ৰচাৰত ঘোষিকা হিচাপে কাম কৰিছিল। তেওঁ এগৰাকী চেলিব্ৰিটি অংশগ্ৰহণকাৰী হিচাপে ৰোজ হই ভোজ অনুষ্ঠানটো পৰিচালনা কৰাৰ লগতে খেলত অংশ লৈছিল আৰু নৃত্য পৰিৱেশন কৰিছিল। ইয়াৰ উপৰি তেওঁ বিগ গংগা টেলিভিছন চেনেলৰ বাবে দীপাৱলী কাৰ্নিভাল আৰু চট পূজা অনুষ্ঠানতো নৃত্য পৰিৱেশন কৰিছিল। তেওঁ বি৪ইউ ভোজপুৰীৰ হোলী অনুষ্ঠানতো এক নৃত্য প্ৰদৰ্শন কৰিছিল।৪

২০২১ চনত তেওঁ হাচী কী ৰেল চুট না যায়ে নামৰ এটা কমেডী শ্ব’ত অভিনয় কৰাৰ লগতে ঘোষিকা হিচাপেও কাম কৰে। তেওঁ লাভ গুৰু নামৰ ৱেব ছিৰিজটোত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ জিন্দগী ঝাণ্ড বা, ফিৰ ভী ঘমণ্ড বা নামৰ এটা অডিঅ’ সংগীত এলবাম ৰেকৰ্ড কৰিছিল। এইটো এটা ৰেপ গীত আছিল, যিটো তেওঁ নিজেই আৰু ৰাজু সিং মাহীয়ে গাইছিল। ইয়াক এটা ভোজপুৰী সংগীত কোম্পানীয়ে মুকলি কৰিছিল।৫

দূৰদৰ্শন

বৰ্ষনামচৰিত্ৰচেনেল
২০১৫চিআইডি (ধাৰাবাহিক)সোণী টিভি
২০১৫-১৭সাৱধান ইণ্ডিয়াষ্টাৰ ভাৰত
২০১৬হৰ মুস্কিল কা হল আকবৰ বীৰবলবিগ গংগা
২০১৬ক্ৰাইম পেট্ৰ’ল (ধাৰাবাহিক)সোণী টিভি
২০১৭মহাকালী — অন্ত হি আৰম্ভ হ্যায়কালৰ্ছ টিভি
২০১৭বাত্যে কুছ অনকহী চিমেঘাডিডি নেচনেল

অভিনীত চলচ্চিত্ৰ

+চিহ্নএতিয়ালৈকে মুক্তি লাভ নকৰা চলচ্চিত্ৰসমূহক বুজাইছে
বৰ্ষচলচ্চিত্ৰচৰিত্ৰভাষা
২০১৯ৰাজতিলকপূজাভোজপুৰী৬
২০১৯কালাকাৰৰাণীভোজপুৰী
২০১৯চড়কবন্দনাভোজপুৰী
২০১৯ধনিয়ামঞ্জুভোজপুৰী
২০২০লাইলা মজনুশামাভোজপুৰী
২০২১গুমৰাহভোজপুৰী৭
২০২১বড়ে মিঞা ছোটে মিঞাভোজপুৰী৮
২০২১জিয়া বেকৰাৰ বাভোজপুৰী৯
২০২১কল্লু কী দুলহনিয়াভোজপুৰী১০
২০২১১ ছৈলা ৬ লাইলাভোজপুৰী১১
২০২১বানৰসী বাবুভোজপুৰী১২
২০২১ৰবীনহুড পাণ্ডেভোজপুৰী
২০২১চিকাৰীভোজপুৰী
২০২১ঔম জয় জগদীশভোজপুৰী১৩
২০২১কৱন কচুৰসঞ্ছনাভোজপুৰী১৪

সংগীত ভিডিঅ’

  • জিন্দগী ঝাণ্ড বা ফিৰ ভী ঘমণ্ড বা১৫

ৱেব ছিৰিজ

বৰ্ষনামচৰিত্ৰচেনেলটোকা
২০২১লাভ গুৰুৱাও (WOW)অক্ষয় শেঠী আৰু সোনালিকা প্ৰসাদ মুখ্য চৰিত্ৰত১৬

বঁটা আৰু মনোনয়ন

বৰ্ষঅনুষ্ঠানবিভাগচলচ্চিত্ৰফলাফল
২০২০গ্ৰীন চিনে এৱাৰ্ড শ্ব’শ্ৰেষ্ঠ নবাগত অভিনেত্ৰীৰাজতিলক

তথ্যসূত্ৰ

  1. ↑ (7 February 2019). Arvind Akela Kallu, Sonalika Prasad's Rajtilak first romantic poster out k. Zee News
  2. ↑ (17 September 2019). Actress Sonalika Prasad opens up about working with Bhojpuri superstar Nirahua. The Times Of India
  3. ↑ (28 June 2018). Bhojpuri superstar Arvind Akela Kallu's smile captivates debutante Sonalika Prasad. Zee News
  4. ↑ (24 February 2021). Watch: Sonalika Prasad gets groovy on 'Kaanta Laga..'. The Times Of India
  5. ↑ (6 May 2020). Bhojpuri rap song 'Zindagi Jhand Ba Phir Ghamand Ba' went viral, watch video here. News Track
  6. ↑ (15 June 2018). Sonalika Prasad to debut opposite Bhojpuri star Arvind Akela Kallu with 'Raaj Tilak'. Zee News
  7. ↑ (27 January 2021). 'Shapath' to 'Gumrah': Best Bhojpuri films of Sonalika Prasad you shouldn't miss. The Times Of India - (29 October 2019). Raju Singh Mahi joins Sonalika Prasad for upcoming action-drama 'Gumrah'. The Times Of India]
  8. ↑ (22 December 2020). Sonalika Prasad unveils the first look of 'Bade Miyaan - Chote Miyaan'. The Times Of India
  9. ↑ (17 January 2021). Sonalika Prasad and Pravesh Lal Yadav wrap up the shoot of 'Banarasi Babu'. The Times Of India
  10. ↑ (23 December 2020). 'Kallu Ki Dulhaniya': Sonalika Prasad shares a photo with co-star Arvind Akela Kallu and director Chandan Upadhyay from the sets. The Times Of India
  11. ↑ (16 October 2020). Rajiv Singh and Sonalika Prasad start shooting for the film '1 Chailla 6 Laila'. The Times Of India
  12. ↑ (2 March 2021). 'Banarasi Babu': Sonalika Prasad shares BTS pictures from the sets of the film. The Times Of India - (25 February 2021). 'Banarasi Babu': Sonalika Prasad shares a picture with the team. The Times Of India
  13. ↑ (26 October 2020). Navratri के पहिला দিন পৰ Om Jai Jagdish Bhojpuri Film কা पहिला পোষ্টাৰ হুয়া জাৰী. Dailynews24
  14. ↑ (17 December 2021). গাজীপুৰ মে ভোজপুৰী ফিল্ম 'কৱন কচুৰ' কী শ্বুটিং. Live Hindustan
  15. ↑ (9 May 2020). Watch Latest Bhojpuri Song Music Video - 'Zindagi Jhand Ba Phir Bhi Ghamand Ba' Sung By Raju Singh Mahi & Sonalika Prasad. The Times of India
  16. ↑ Srividya Rajesh. (11 January 2021). Akshay Sethi and Sonalika Prasad bag series on WowApp. IWM Buzz

সম্পৰ্কিত শ্ৰেণী

ভোজপুৰী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী টেলিভিছনৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোনালিকা প্ৰসাদ” প্ৰবন্ধৰ সংশোধন ৬৩৪৪২৯ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।