সোণৰূপা বিশাল (ইংৰাজী ভাষা: Sonroopa Vishal; জন্ম: ৩০ অক্টোবৰ ১৯৭৭) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু সাহিত্যিক, যিয়ে হিন্দী ভাষা ভাষাত সাহিত্য চৰ্চা কৰে। উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক ২০১৫ চনত ‘হৰিবংশ ৰায় বচ্চন নৱোদিত গীতিকাৰ বঁটা’১ আৰু ২০১৯ চনত ‘জগদীশ গুপ্তা সৰ্জনা বঁটা’ প্ৰদান কৰে।২ সোণৰূপা বিশালে লিখনা জৰুৰী হ্যায় (২০১৪) আৰু আমেৰিকা ঔৰ ৪৫ দিন (২০১৮) আদিকে ধৰি তিনিখন গ্ৰন্থ প্ৰকাশ কৰিছে আৰু কেইবাখনো গ্ৰন্থৰ সহ-ৰচনা কৰিছে।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
তেওঁ মহাত্মা জ্যোতিবা ফুলে ৰোহিলখণ্ড বিশ্ববিদ্যালয়ৰপৰা হিন্দী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ দয়ালবাগ এডুকেচনেল ইনষ্টিটিউটৰপৰা সংগীত অধ্যয়ন কৰিছে আৰু এলাহাবাদৰ প্ৰয়াগ সংগীত সমিতিৰপৰা সংগীত প্ৰভাকৰ (সংগীতৰ স্নাতক ডিগ্ৰী) লাভ কৰিছে। তেওঁ ৰোহিলখণ্ড বিশ্ববিদ্যালয়ৰপৰাই পিএইচডি ডিগ্ৰীও লাভ কৰিছে।৪ তেওঁ প্ৰখ্যাত হিন্দী কবি ড° উৰ্মিলেশ শংখধৰৰ কন্যা।১
কৰ্মজীৱন
২০১৪ চনত সোণৰূপাৰ প্ৰথমখন কবিতা সংকলন লিখনা জৰুৰী হ্যায় প্ৰকাশ পায়। গ্ৰন্থখনে পাঠকৰ সমাদৰ লাভ কৰাৰ লগতে ২০১৫ চনত উত্তৰ প্ৰদেশ চৰকাৰৰ ‘হৰিবংশ ৰায় বচ্চন নৱোদিত গীতিকাৰ সন্মান’ লাভ কৰিবলৈ সক্ষম হয়।১
তেওঁৰ দ্বিতীয়খন গ্ৰন্থ আমেৰিকা ঔৰ ৪৫ দিন ২০১৮ চনত ‘হিন্দী যুগ্ম’ৰদ্বাৰা প্ৰকাশিত হয়। আন্তঃৰাষ্ট্ৰীয় হিন্দী সমিতিয়ে আমেৰিকাৰ ২৫খন চহৰত আয়োজন কৰা ধাৰাবাহিক কবি সন্মিলনত অংশগ্ৰহণ কৰিবলৈ যাওঁতে তেওঁ এই ভ্ৰমণ-কাহিনীটো লিখিছিল।৩ ২০১৯ চনৰ জানুৱাৰীত নতুন দিল্লী বিশ্ব গ্ৰন্থমেলাত অশোক চক্ৰধৰে এই গ্ৰন্থখন উন্মোচন কৰে। উন্মোচনী অনুষ্ঠানত চক্ৰধৰে কয় যে সোণৰূপাই তেওঁৰ যাত্ৰাত আমেৰিকাক যি দৃষ্টিৰে চাইছে সেয়া আশ্চৰ্যজনক। তেওঁ মনৰ আৱেগ আৰু অনুভৱক অতি সুন্দৰকৈ শব্দৰে গাঁথিছে।৫ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত উত্তৰ প্ৰদেশ হিন্দী সংস্থানে তেওঁক আমেৰিকা ঔৰ ৪৫ দিন গ্ৰন্থখনৰ বাবে ‘জগদীশ গুপ্তা বঁটা’ৰে সন্মানিত কৰে।৩
তেওঁৰ তৃতীয়খন গ্ৰন্থ হ’ল ২০১৯ চনত প্ৰকাশিত কবিতা সংকলন পিছলে বৰচ কা গুলমোহৰ।৬ তেওঁ ‘সৰস্বতী সুমন’ আলোচনীৰ ড° উৰ্মিলেশ শংখধৰ বিশেষ সংখ্যাৰ সম্পাদনা কৰিছিল।৪ ২০২১ চনত তেওঁৰ চতুৰ্থখন গ্ৰন্থ হিন্দী গজল ঔৰ ড° উৰ্মিলেশ প্ৰকাশ পায়।৭
সোণৰূপা বিশালে কেইবাখনো গ্ৰন্থ আৰু কাব্য সংকলনৰ সহ-ৰচনা কৰিছে, যাৰ ভিতৰত স্ত্ৰী হোকাৰ সাৱাল কৰতী হ্যায়, সমকালীন মহিলা গজলকাৰ, কবিতা অনৱৰত আৰু সৃজন কে সিতাৰে আদি উল্লেখযোগ্য।৮ তেওঁ লালকিল্লাৰ কবি সন্মিলন, সাহিত্য অকাডেমি, আই আই টি খড়গপুৰৰ লগতে বিভিন্ন টিভি চেনেলত কবিতা পাঠ আৰু প্ৰদৰ্শন কৰিছে।৮ বিশাল ভাৰত চৰকাৰৰ ‘ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনছ’ৰ এগৰাকী স্বীকৃত কণ্ঠশিল্পী আৰু গজল গায়িকাও।৮
প্ৰকাশিত কৃতি
গ্ৰন্থসমূহ
- লিখনা জৰুৰী হ্যায়, ২০১৪, হিন্দ যুগ্ম,
- আমেৰিকা ঔৰ ৪৫ দিন, ২০১৮, হিন্দী যুগ্ম,
- পিছলে বৰচ কা গুলমোহৰ, ২০১৯, এনিবুক,
- হিন্দী গজল ঔৰ ড° উৰ্মিলেশ, ২০২১, এনিবুক,
সংকলনসমূহ
- স্ত্ৰী হোকাৰ সাৱাল কৰতী হ্যায়, ২০১২, বোধি প্ৰকাশন,
- নাৰী বিমৰ্শ কে অৰ্থ, ২০১৩, হিন্দী যুগ্ম,
- কবিতা অনৱৰত
চিডি (CD)
- আপকা সাথ৮
বঁটা আৰু স্বীকৃতি
- তেওঁৰ প্ৰথম গজল সংকলন লিখনা জৰুৰী হ্যায়ৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ উত্তৰ প্ৰদেশ হিন্দী সংস্থানে তেওঁক ২০১৫ বৰ্ষৰ ‘হৰিবংশ ৰায় বচ্চন নৱোদিত গীতিকাৰ বঁটা’ প্ৰদান কৰে।১
- ২০১৯ চনত সোণৰূপা বিশালক তেওঁৰ ভ্ৰমণ-কাহিনী গ্ৰন্থ আমেৰিকা ঔৰ ৪৫ দিনৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ উত্তৰ প্ৰদেশ হিন্দী সংস্থানে ‘জগদীশ গুপ্তা সৰ্জনা বঁটা’ৰে সন্মানিত কৰে।২
- ২০১৮ চনত ৱাশ্বিংটনত থকা ভাৰতীয় কনছুলেট জেনেৰেলে তেওঁক ‘গীত-গজল শিৰোমণি বঁটা’ৰে সন্মানিত কৰে।৯
- ২০১৮ চনৰ নৱেম্বৰ মাহত ইনষ্টিটিউট অৱ প্ৰফেচনেল ষ্টাডিজৰ বেনাৰত অনুষ্ঠিত ২৪সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত বিশালক ‘যুৱ ৰত্ন শিখৰ সন্মান’ প্ৰদান কৰা হয়।১০
- ২০১২ চনৰ নৱেম্বৰ মাহত মৰিচাছত আধাৰশিলা সংস্থানে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় হিন্দী সন্মিলনত সোণৰূপা বিশালক ‘কলা শ্ৰী সন্মান’ প্ৰদান কৰা হয়।১১
- ২০১৮ চনৰ মাৰ্চ মাহত উত্তৰ প্ৰদেশৰ ৰাজ্য কৰ্মচাৰী সাহিত্য সংস্থানে তেওঁক ‘সাহিত্য গৌৰৱ সন্মান’ প্ৰদান কৰে আৰু উত্তৰ প্ৰদেশৰ ৰাজ্যপাল ৰাম নাইকে তেওঁক এই বঁটা প্ৰদান কৰে।১২
- ২০১২ চনত চাব টিভিৰ (SAB TV) হাস্যৰসাত্মক কবিতা ধাৰাবাহিক ‘ৱাহ ৱাহ ক্যা বাত হ্যায়’ত তেওঁ ‘কবিতা কে ছুপে ৰুস্তম’ বঁটা লাভ কৰে।৯
- উত্তৰ প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱে তেওঁক ‘বদায়ুন গৌৰৱ সন্মান’ প্ৰদান কৰিছিল।১৩
বাহ্যিক সংযোগ
- Official website
- Sonroopa Vishal at Kavitakosh.org
তথ্যসূত্ৰ
- ↑ (4 August 2015). सोनरूपा को हरिवंश राय बच्चन युवा गीतकार सम्मान. Dainik Jagaran
- ↑ Dinesh. (31 December 2019). जगदीश गुप्त पुरस्कार से सम्मानित हुईं कवियत्री डॉ. सोनरूपा विशाल. Livehindustan.com. Hindustan
- ↑ (21 September 2019). ヒット हो गया सोनरूपा का 'अमेरिका और 45 दिन'. Dainik Jagaran
- ↑ (2020-12-17). सोनरूपा विशाल. Anubhuti-hindi.org
- ↑ (13 January 2019). सोनरूपा की पुस्तक 'अमेरिका और पैंतालीस दिन' देख चक्रधर बोले अतिसुंदर. Livehindustan.com. Hindustan
- ↑ (19 June 2019). कवयित्री सोनरूपा के गीत संग्रह का विमोचन. Jagran.com. Dainik Jagaran
- ↑ Ashthana, Dr. Rohitashva. (September 2022). Book Review: हिंदी ग़ज़ल और डाॅ. उर्मिलेश. Amar Ujala
- ↑ (11 May 2018). ISW Hosts Hasya Kavi Sammelan Today. Indianewengland.com
- ↑ (12 February 2020). बदायूं की बेटी सोनरूपा ने साहित्य जगत में बिखेरी प्रतिभा, हो रही वाहवाही. Amarujala.com. Amar Ujala
- ↑ (26 November 2018). डॉ सोनरूপা বিশাল ও জুবেৰ আনসাৰীকে মিলা যুৱ ৰত্ন শিখৰ সন্মান. Livehindustan.com. Hindustan
- ↑ (7 November 2012). ড° সোণৰূপাক কলা শ্ৰী সন্মান. Amarujala.com. Amar Ujala
- ↑ (12 March 2018). ৰাজ্যপালে সাহিত্যিকসকলক পুৰস্কাৰ আৰু সন্মান প্ৰদান কৰে. Yug Jagaran Newspaper. পৃ. 8
- ↑ (12 December 2012). পৰিচয় - সোণৰূপা বিশাল. Shabdankan.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণৰূপা বিশাল” প্ৰবন্ধৰ সংশোধন ৫৯৭০৩৩ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।