সোনা চৰাইপোত্ৰা (Sona Charaipotra)এগৰাকী ভাৰতীয়-এমেৰিকান কল্পকাহিনী লেখক আৰু মনোৰঞ্জন আৰু জীৱনশৈলী বিষয়ক সাংবাদিক। ‘পেৰেড ডট কম’(Parade.com) ত লিখা তেওঁৰ ‘ৱাই এ’ শৃংখলা টাইনি প্ৰীতি থিংচ্ৰ বাবে তেওঁক ঘাইকৈ জনা যায়।
প্ৰাৰম্ভিক জীৱন
চৰাইপোত্ৰা হৈছে ভাৰতীয়-এমেৰিকান দুগৰাকী শিশু বিশেষজ্ঞ পিতৃ-মাতৃৰ সন্তান।১ পৰিয়ালে আশা কৰিছিল সোনা এগৰাকী চিকিৎসক হ’ব। কিন্তু সোনাই এগৰাকী লেখক হোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁৰ দুগৰাকী ভাই-ভণী আছে।২
চৰাইপোত্ৰাই ‘সাংবাদিকতা’ আৰু ‘এমেৰিকান ষ্টাডিজ’ এই দুয়োটা বিষয়তে সন্মান সহ ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ২০০৬ চনত এন.ৱাই.ইউ.ৰ পৰা নাটকীয় লিখনি (dramatic writing) আৰু দক্ষিণ এছীয় প্ৰবাসী অধ্যয়ন (South Asian diaspora studies)ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। ২০১২ চনত, চৰাইপোত্ৰাই ‘দ্যা নিউ স্কুল’ৰ পৰা এম এফ এ ডিগ্ৰী লাভ কৰে, য'ত তেওঁ ‘ৰাইটিং ফৰ চিল্ড্ৰেন’ কাৰ্যসূচীত সৃজনীশীল সাহিত্য অধ্যয়ন কৰিছিল।৩৪
সোনা দুটি সন্তানৰ মাতৃ।
কৰ্মজীৱন
উপন্যাস লিখাৰ উপৰিও, তেওঁ এগৰাকী ফ্ৰিলান্স সাংবাদিক আৰু ‘দ্যা নিউয়ৰ্ক টাইমছ’৫, ‘কস্ম’পলিটান’৬, বাচল ডট কম৭, ‘পেৰেড ডট কম’, টিন ভ’গ, ভালচাৰ ডট কম৮ আৰু অন্যান্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ দৰে মনোৰঞ্জন ক্ষেত্ৰৰ সম্পাদক। চৰাইপোত্ৰাই ‘পিপল’ (আলোচনী)ৰ এজন চেলিব্ৰিটি সাংবাদিক হিচাপে সুনাম অৰ্জন কৰিছিল আৰু বৰ্তমানে নিষ্ক্ৰিয় হৈ পৰা ‘টিনপিপল’ আলোচনীৰ সম্পাদক আছিল। ৯ তেওঁ লগতে ‘হোৱাট টু এক্সপেক্ট ডট কম’ আৰু ‘দ্যা বাম্প ডট কম’ৰ দৰে সন্তান প্ৰতিপালন সম্পৰ্কীয় প্ৰকাশন আৰু ‘দ্যা বাৰ্ণজ’ আৰু ‘ন’বল টিন ব্লগ’ৰো সম্পাদক।১০
২০১৩ চনত, চৰাইপোত্ৰাই তেওঁৰ টাইনি প্ৰীতি থিংচ্ শৃংখলাৰ সহযোগী ধ’নিয়েল ক্লেটনৰ সৈতে ‘কেক লিটাৰেৰী’১১ নামৰ এটি বৈচিত্ৰপূৰ্ণ বুটিক বুক ডেভেলপমেণ্ট কোম্পেনী প্ৰতিষ্ঠা কৰিছিল। ১২১৩ ‘দ্যা নিউ স্কুল’ত ‘এম এফ এ’ অধ্যয়নৰ প্ৰথমাৱস্থাতে দুয়োগৰাকী বন্ধুৱে ইগৰাকীক সিগৰাকীয়ে লগ পাইছিল আৰু দুয়ো এই অনুভৱেৰে বান্ধ খাইছিল যে, তেওঁলোক শিশু আৰু ‘ৱাই এ বুক’- এইবোৰক প্ৰতিনিধিত্ব নকৰি ইয়াৰ পৰিৱৰ্তন বিচাৰিছিল। তেওঁলোকে এই বিশ্বাসৰ ভিত্তিত ‘কেক লিটাৰেৰী’ প্ৰতিষ্ঠা কৰিছিল যে সমৃদ্ধ আৰু বৈচিত্ৰতাৰে পৰিপূৰ্ণ লেখাসমূহ, যি এতিয়াও অনিবাৰ্যভাৱে পঠনীয়, −সেয়া পঢ়ুৱৈলৈ আগবঢ়াই দিয়াটো সম্ভৱ। এই কোম্পানীটোৱে মধ্যম বৰ্গীয়, ৱাই এ আৰু মহিলাৰ কল্প-কাহিনীসমূহৰ পঠন যোগ্যতা আৰু উচ্চ-ধাৰণা বিকাশত মনোনিৱেশ কৰে।১৩
চৰাইপোত্ৰা নীড ডাইভাৰ্চ বুকচ্ (বৈচিত্ৰময় কিতাপৰ অন্বেষণ)ৰ দলীয় সদস্য, যিটো কিতাপ প্ৰকাশনত বৈচিত্ৰ্য় বৃদ্ধিৰ দিশত মনোনিৱেশ কৰা এটা অলাভজনক সংস্থা।১৪ তেওঁ এগৰাকী ক্ৰীণ ৰাইটাৰো, যাৰ প্ৰকল্পসমূহ এম টি ভি ফিল্মছে কাৰ্যৰূপ দিয়ে।১৫
গ্ৰন্থপঞ্জী
উপন্যাস
- টাইনি প্ৰীতি থিংচ্ শৃংখলা, ধ’নিয়েল ক্লেটনৰ সৈতে যুটীয়াভাৱে।
- টাইনি প্ৰীতি থিংচ্ (হাৰ্পাৰটিন, ২০১৫)
- চাইনি ব্ৰ’কেন পিচেচ (হাৰ্পাৰটিন, ২০১৬)
- চিমটম্চ অৱ হাৰ্ট্ব্ৰেক (মেকমিলন পাব্লিচাৰচ্, ইমপ্ৰিণ্ট, ২০১৯)
- হাও মায়া গট ফিয়েৰ্চ্ (মেকমিলন পাব্লিচাৰচ্, ইমপ্ৰিণ্ট, ২০২১)
চুটি-গল্প
- গুড গাৰ্লচ্ মেৰি ডক্টৰচ্ (২০১৬)
- আ থাউজেণ্ড বিগিনিংচ্ এণ্ড এণ্ডিংচ্ (২০১৮)
- আৱাৰ ষ্ট'ৰিজ, আৱাৰ ভয়চেজ (২০১৮)
- কম অন ইন (২০২০)
তথ্যসূত্ৰ
- ↑ Episode 6: Interview with Cake Literary. Minorities in Publishing
- ↑ Sona Charaipotra previews tender solo debut 'Symptoms of a Heartbreak'. EW.com
- ↑ Diaz, Shelley. (2015-05-26). Ballerinas Behaving Badly: Sona Charaipotra and Dhonielle Clayton on "Tiny Pretty Things". School Library Journal
- ↑ Crew, The PubCrawl. (2016-07-11). GUEST POST: Sona Charaipotra on Writing Collaboration. Pub(lishing) Crawl
- ↑ Charaipotra, Sona. (2008-11-14). Home by Daybreak. The New York Times
- ↑ Charaipotra, Sona. Sona Charaipotra. Cosmopolitan
- ↑ Sona Charaipotra. Bustle
- ↑ Interview with Sona Charaipotra. Goodreads
- ↑ Crew, The PubCrawl. (2016-08-15). Introducing Sona Charaipotra!. Pub(lishing) Crawl
- ↑ (2019-08-26). About. Sona Charaipotra
- ↑ Cake Literary – stories from scratch. cakeliterary.com
- ↑ (2015-05-27). Four Questions for… Sona Charaipotra and Dhonielle Clayton. Publishers Weekly
- ↑ CAKE literary — stories from scratch. www.cakeliterary.com
- ↑ (2017-04-28). About WNDB. We Need Diverse Books
- ↑ Projects · Sona Charaipotra
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোনা চৰাইপোত্ৰা” প্ৰবন্ধৰ সংশোধন ৫০৬৬৭৬ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।